ডিব্ৰুগড়ত বিজেপিৰ মাণ্ডলিক কাযাৰ্লয়ৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰাইজৰ আস্থা আৰু বিস্বাসৰ এয়া নিশ্চিত প্ৰতিফলন:মুখ্যমন্ত্ৰী ডঃ শৰ্মা
চাইন অন ডেস্ক:

গুৱাহাটীৰ বাজপেয়ী ভৱন মুকলিৰ পিছত ডিব্ৰুগড়ত বিজেপিৰ দলৰ অত্যাধুনিক মাণ্ডলিক কাৰ্যালয়টো আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে।ডিব্ৰুগড় জীৱন ফুকন নগৰত স্থাপন কৰা মাণ্ডলিক কাৰ্যালয়টো আজি মুকলি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকন, ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলীকে প্ৰমুখ্যে কৰি বিজেপি বিষয়ববীয়া, কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। প্ৰায় ১২ কোটি টকাৰে নিৰ্মাণ হোৱা ৮ খন জিলাৰ ৪৮ টা সমষ্টিক সাঙুৰি এই কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। অত্যাধুনিক কাৰ্যালয়টোত কনফ্ৰাৰেন্স গৃহ , কম্পিউটাৰ গৃহ , বিজেপিৰ জিলা কাৰ্যালয়ৰ লগতে অতিথি আহিলে থাকিব পৰা অত্যাধুনিক সুবিধা সম্পূৰ্ণ কোঠা সংলগ্ন আছে।উল্লেখযোগ্য যে এই মাণ্ডলিক কাৰ্যালয় স্থাপনৰ জৰিয়তে ডিব্ৰুগড় আৰু উজনি অসমৰ বিভিন্ন জিলাৰ প্ৰশাসনিক কাম-কাজ অধিক সৰল আৰু দ্রুত গতিত সম্পন্ন হোৱাৰ লগতে আগন্তুক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দলীয় কৰ্মকৰ্তা সকলৰ মাজত যথেষ্ট উৎসাহ বৃদ্ধি পাইছে।গুৱাহাটী মুখ্য কাৰ্যালয় নোযোৱাকৈ ডিব্ৰুগড় কাৰ্যালয় পৰাই আগন্তুক নিৰ্বাচনৰ সকলো কাম-কাজৰ পৰিচালনা হ’ব।