কলিয়াবৰৰ গান্ধী খেলপথাৰত নিৰ্মাণ হৈ থকা অস্থায়ী সভাগৃহসহ অন্যান্য বিষয়সমূহৰ বুজ লʼলে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে
অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব
নগাঁও
অহা ১০ ডিচেম্বৰত নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ কেন্দ্ৰীয় শ্বহীদ দিৱস । এই দিৱসতেই অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সৰ্বকালৰ বাবে নিৰ্ণায়ক হ’ব পৰাকৈ শক্তিশালীভাৱে ভৱিষ্যতৰ কৰ্মপন্থা নিৰূপণ কৰিব আছুৱে । ভৱিষ্যতে শক্তিশালীভাৱে আগুৱাই যাবলৈ সংকল্প লোৱা হ’ব বুলি মন্তব্য কৰিছে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । ৰবিবাৰে নিশা কলিয়াবৰৰ কুঁৱৰীটোলৰ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ ঐতিহাসিক গান্ধী খেলপথাৰত নিৰ্মাণ হৈ থকা অস্থায়ী সভাগৃহসহ অন্যান্য বিষয়সমূহৰ বুজ লয় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে । ইয়াৰ পিছতেই সাংবাদিকৰ আগত বৰ্তমান অসমৰ জটিল পৰিৱেশৰ বিষয়ে মন্তব্য কৰি ছাত্ৰনেতাগৰাকীয়ে কয়,”অসম আন্দোলনৰ সময় যিমান জটিল আছিল,এতিয়া সময় আৰু ভয়াৱহ হ’ল। জনবিন্যাসৰ পৰিৱৰ্তন হ’ল। এই সময়ত আমি সকলোৱে সংকল্প ল’ব লাগিব যে এইখন আমাৰ অসম। ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব। জাতীয় শ্বহীদসকলে যি কাৰণে প্ৰাণ বিসৰ্জন দিছিল সেই লক্ষ্যত উপনীত হ’ব পৰাকৈ পুনৰ দৃঢ়তাৰে আগবাঢ়ি যাবৰ কাৰণে শ্বহীদ দিৱসত কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব ।” আছুৰ মুখ্য উপদেষ্টা ডঃ ভট্টাচাৰ্যই লগতে কয়,”আমি ছাত্ৰ সন্থাৰ আঞ্চলিকত যেতিয়া কাম কৰিছিলোঁ তেতিয়া কলিয়াবৰৰ পৰা শিকিছিলো,আজিও শিকি আছোঁ । ছাত্ৰ সন্থাৰ ব্যাকৰণ শিকিছিলো কলিয়াবৰৰ পৰা। কলিয়াবৰৰ পৰা আজিও অভিভাৱকত্ব বিচাৰোঁ । আধ্যাত্মিক সংস্কাৰৰে আগুৱাই যাবলৈ বাট পোৱা যায় কলিয়াবৰৰ পৰা ।”
