Skip to content ৫০ লাখ টকাৰ ভুৱা বিলক লৈ চি বি আইৰ দুৰ্নীতিৰ গোচৰ ৰুজু
যোৰহাটৰ অ’ এন জি চিৰ প্ৰাক্তন ডি জি এম (এম এছ), ঠিকাভিত্তিক চিকিৎসা বিষয়া আৰু ৮ খন ব্যক্তিগত চিকিৎসা দোকানৰ মালিক জৰিত
চাইন অন ডেস্ক:
কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ই ১৭.০৬.২০২৫ তাৰিখে অ’এনজিচি, যোৰহাটৰ তদানীন্তন ডিজিএম (এমএছ) আৰু অ’এনজিচি, যোৰহাটৰ এজন চুক্তিবদ্ধ চিকিৎসা বিষয়া (অকুপেচনেল হেল্থ) আৰু ৮ খন ব্যক্তিগত চিকিৎসা দোকানৰ মালিককে ধৰি ১০জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ২০১৯ৰ পৰা ২০২২ চনলৈ।উত্থাপিত অভিযোগ মতে
৮ খন এম্পেনেলযুক্ত(চৰকাৰী স্বীকৃত প্ৰাপ্ত)
চিকিৎসা দোকানৰ মালিকসকলে ৫০ লাখ টকাৰ ভুৱা আৰু ভুৱা বিল দাবী কৰিছিল। অ’ এন জি চিৰ হিতাধিকাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকৰ অজ্ঞাতে ঔষধ প্ৰদানৰ বাবে ভুৱা ৰিকুইজিচন স্লিপৰ ভিত্তিত ৪৫,০০,০০০ টকা
সংগ্ৰহ ককৰিছিল।
আটাইকেইজন অভিযুক্ত ব্যক্তিৰ বিভিন্ন আৱাসিক চৌহদত তালাচী চলোৱাৰ ফলত কিছুমান অভিযোগনামা দাখিল কৰা নথি-পত্ৰ উদ্ধাৰ কৰা হয়।