...

পদ্মশ্ৰী হনুমানবক্স কানৈৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচন- উপাচাৰ্য ড° জিতেন হাজৰিকাৰ

Spread the love

পদ্মশ্ৰী হনুমানবক্স কানৈৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচন- উপাচাৰ্য ড° জিতেন হাজৰিকাৰ

চাইন অন ডেস্ক:

কানৈ মহাবিদ্যালয়সমূহৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী হনুমানবক্স কানৈৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচনৰ অনুষ্ঠান ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য কলেজত অনুষ্ঠিত হয়। এই প্ৰকল্পটো জ্যোতি ললিতা কানৈ ফাউণ্ডেচনৰ সভাপতি তথা কানৈ পৰিয়ালৰ সদস্য আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা মনোনীত পৰিচালনা সমিতিৰ (গৱৰ্নিং বডী) সদস্য চি. এ. জ্যোতি প্ৰসাদ কানৈৰ তত্ত্বাৱধানত সম্পন্ন কৰা হয়।পদ্মশ্ৰী হনুমানবক্স কানৈৰ স্মৃতি সংৰক্ষণ আৰু তেওঁৰ অৱদানক সন্মান জনাবলৈ তেখেতৰ নাতী চন্দ্ৰ প্ৰকাশ কানৈ আৰু সন্তোষ কানৈয়ে কলকাতাস্থিত কানৈ হনুমানবক্স ৰাধেশ্যাম চেৰিটেবল ট্ৰাষ্টৰ জৰিয়তে উদাৰভাৱে সহযোগিতা আগবঢ়ায়।

তদুপৰি, চন্দ্ৰ প্ৰকাশ কানৈয়ে তেওঁৰ ককাদেউতাৰ নামত টাটা ট্ৰাষ্টলৈ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গুৰুত্বপূৰ্ণ আৰ্থিক সহায় আগবঢ়াইছে।
আবক্ষ প্ৰতিমূৰ্তিখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই উন্মোচন কৰে। অনুষ্ঠানত পৰিচালনা সমিতিৰ সভাপতি ড°ৰঘুনাথ বৰবৰা, ডি এইচ এছ কে কমাৰ্চ কলেজৰ অধ্যক্ষ ড° জয়দেৱ গগৈৰ লগতে শিক্ষক, বিষয়া-কৰ্মী, বিশিষ্ট অতিথি আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
এই অনুষ্ঠানটোৱে পদ্মশ্ৰী হনুমানবক্স কানৈৰ জীৱন, দৃষ্টিভংগী আৰু শিক্ষা তথা সমাজৰ প্ৰতি আগবঢ়োৱা দীৰ্ঘস্থায়ী অৱদানক স্মৰণ কৰাৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *