সৰ্ববৃহৎ বিজয়েৰে তৃতীয়বাৰলৈ অসমত চৰকাৰ হ’ব বিজেপিৰ মিত্ৰজোঁট
কংগ্ৰেছে ৰক্ষণাবেক্ষণ দিছে অনুপ্ৰৱেশকাৰীক
আপোনাৰ এটা ভোটে অনুপ্ৰৱেশকাৰীক খেদিব পাৰিম
২০২৯ত ৩৩ শতাংশ মহিলা সাংসদ যাব দিল্লীলৈ
ডিব্ৰুগড়ৰ মৰানত বিজেপিৰ বিশাল নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী মোদী
চাইন অন ডেস্ক:
২০১৪ চনৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত পুনৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী খেদাৰ হুংকাৰ। ২০১৪ চনৰ ১৬ মে’ৰ পাছত অবৈধ অনুপ্ৰৱেশকাৰীসকলে টালি-টোপোলা বান্ধি অসম এৰি যাব লাগিব বুলি হুংকাৰ দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ বছৰৰ পাছত পুনৰবাৰ অনুপ্ৰৱেশকাৰী খেদাৰ হুংকাৰ দি ভোট ভিক্ষা খুজিলে ৰাজ্যবাসীৰ। আজি ডিব্ৰুগড়ৰ মৰানস্থিত পল ক্লাৱ খেলপথাৰত অনুষ্ঠিত হোৱা বিজেপি মিত্ৰজোঁটৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, কংগ্ৰেছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি আহিছে। সত্ৰ, জনজাতিৰ মাটি অনুপ্ৰৱেশকাৰীক গতাই দি ভোট বেংক স্থাপন কৰিছিল কংগ্ৰেছে। কিন্তু ২০১৬ চনত অসমত বিজেপি মিত্ৰজোঁট চৰকাৰ অহাৰ পাছত লাখ লাখ বিঘা মাটি অনুপ্ৰৱেশকাৰী হাতৰ পৰা উদ্ধাৰ কৰা হৈছে। কংগ্ৰেছৰ শাসনকালতে সংস্থাপিত হোৱা অনুপ্ৰৱেশকাৰীসকলক আমাৰ দলৰ চৰকাৰে উৎখাত কৰাৰ পাছতে কংগ্ৰেছ আঘাত পাইছে। বাংলাদেশী অনুপ্ৰৱেশকাৰীক খেদাৰ সাহস কেৱল বিজেপি মিত্ৰজোঁট চৰকাৰৰ আছে। কংগ্ৰেছে কেৱল ৰক্ষণাবেক্ষণহে দিব পাৰে। একেটা প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে জনতাক উদ্দেশ্যি কয় যে, আপোনালোকক সুধিছোঁ, অনুপ্ৰৱেশকাৰীক আপোনালোকে সমৰ্থন কৰে নেকি? কংগ্ৰেছে বছৰ বছৰ ধৰি অনুপ্ৰৱেশকাৰী ৰাখিছিল। বিঘাই বিঘাই ভূমি অনুপ্ৰৱেশকাৰীক
দখল কৰিবলৈ দিছিল কংগ্ৰেছে। এই মাটি আপোনালোকৰ, এই মাটি আপোনালোকক লাগিবনে নাই? বিজেপিয়ে আপোনালোকৰ সুৰক্ষাৰ বাবে কাম কৰি অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজিছে। অসমক বচাবৰ বাবে যুঁজিছে বিজেপিয়ে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ প্ৰশ্ন উত্থাপন কৰি কয়, আপোনালোকে কওক, অনুপ্ৰৱেশকাৰীক কোনে খেদিব? কেৱল মোদীয়ে নহয়, আপোনালোকৰ এটা ভোটে খেদিব। আপোনালোকে বিজেপিক দিয়া প্ৰতিটো ভোটত থাকিব আস্থা। ইফালে অসমত এইবাৰ সৰ্ববৃহৎ বিজয়েৰে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিব বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদীয়ে শপতগ্ৰহণ অনুষ্ঠানৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ পুনৰ অসমলৈ আহিবলৈ ইচ্ছাৰ কথা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণ প্ৰসংগত কয়, উজনি অসমখন আহোম, মৰান, মটক, চুতীয়া, সোনোৱাল কছাৰী, চাহ জনগোষ্ঠী, মিচিং, দেউৰী অনেক জাতি-জনগোষ্ঠীয়ে আদিম যুগৰে পৰা বাস কৰি আছে। ইয়াৰে কিছুসংখ্যকে নিজকে অসমীয়া, বেংগলী আৰু হিন্দু বুলি পৰিচয় দিয়ে। সমন্বয়ৰ মাজেৰে বাস কৰা প্ৰত্যেকেই বিকশিত অসম বিচাৰে। সুধাকন্ঠ ড০ ভূপেন হাজৰিকা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে মহান পুৰোধা ব্যক্তিসকলে এইখন অসমক সমৃদ্ধ কৰি থৈ গৈছে। ভাষণৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক কঠোৰ
ভাষাৰে সমালোচনা কৰে। দশক দশক ধৰি শাসন চলোৱা কংগ্ৰেছ দলে অসমৰ উন্নয়নত অদ্যপি গুৰুত্ব প্ৰদান কৰা নাছিল। ২০১৬ চনৰ পূৰ্বে অসম সকলো দিশত উপেক্ষিত হৈ আছিল। ইয়াৰ উদাহৰণ নুমলিগড় আৰু ডিব্ৰুগড় বাইপাছ। ২০২৫ চনত ডিব্ৰুগড় বাইপাছ নিৰ্মাণৰ অনুমোদন জনোৱাৰ পাছতো ২০১৩ চনলৈকে নিৰ্মাণ কৰা হোৱা নাছিল। সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল শাসনত। আনকি দেশৰ প্ৰধানমন্ত্ৰীজনো আছিল অসমৰে। ২০১৪ চনত দিল্লীত আমাক শাসনভাৰ দিয়াৰ পাছত ডিব্ৰুগড় হাইৱে নিৰ্মাণৰ কাম আৰম্ভ কৰো। অসমক কংগ্ৰেছে মাহীমাকৰ দৃষ্টিৰে আঁচৰণ কৰে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কংগ্ৰেছক কটাক্ষ কৰি কয়, কংগ্ৰেছে আপোনালোকক উপেক্ষা কৰিছিল। বিজেপিয়ে আপোনালোকৰ আশা-আকাংক্ষাক সদায় অগ্ৰাধিকাৰ দি আহিছে। কিছুদিনৰ পূৰ্বে আমি মৰান ৰাজপথত ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছিলো। মৰানৰ ৰাজপথত যুঁজাৰু বিমান অৱতৰণ কৰা দৃশ্য সমগ্ৰ দেশবাসীয়ে চালে। যি পথত গাড়ী চলাব পৰা অৱস্থাত নাছিল। এতিয়া সেই পথেৰে গাড়ীয়েই নহয়, আকাশত উৰা বিমানো অৱতৰণ কৰিব পৰা হ’ল। উজনি অসমক কেন্দ্ৰ কৰি ডিব্ৰুগড়ক বিশেষভাৱে গুৰুত্ব
দিয়াৰ কথা উল্লেখ কৰি মোদীয়ে কয়, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিৱালয় স্থাপন কৰা হ’ল। ইয়াৰ লগে লগে বিধানসভাৰ ভৱনো নিৰ্মাণ হৈ আছে। এই ঐতিহাসিক পদক্ষেপে উজনি অসমবাসীক লাভাম্বিত কৰিব। অসমৰ উন্নয়ন হৈ থাকিবলৈ ডাবল ইঞ্জিন চৰকাৰ প্ৰয়োজনীয়তা আছে। কংগ্ৰেছৰ শাসনকালত অসম চুক্তিৰ ফলত অসমে লাভ কৰা গেছ ক্ৰেকাৰ প্ৰকল্প দুবাৰকৈ আধাৰশিলা কৰিও নিৰ্মাণ সম্পূৰ্ণ কৰিব পৰা নাছিল বুলি সমালোচনা কৰি মোদীয়ে আৰু কয়, গেছ ক্ৰেকাৰ প্ৰকল্পটো অসম চুক্তিৰ ফচল। ১৯৯৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী নৰসিং ৰাওৱে গেছ ক্ৰেকাৰ প্ৰকল্প আধাৰশিলা কৰিছিল। একেই প্ৰকল্পকে ২০০৭ চনত আধাৰশিলা কৰিও কংগ্ৰেছ চৰকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব পৰা নাছিল। কিন্তু দিল্লীত দায়িত্ব লাভ কৰাৰ পাছত আমি এই প্ৰকল্পটো উদ্বোধনৰ সৌভাগ্য লাভ কৰিছিলো। অসম চুক্তিৰ ৩০ বছৰৰ পাছত অসমে গেছ ক্ৰেকাৰ প্ৰকল্প লাভ কৰিলে। কংগ্ৰেছ দলটো দুৰ্নীতিও কৰে কাম কৰিবলৈ নিবিচাৰে। ইয়াৰ ফলত অসমৰ যুৱক-যুৱতীসকল নিবনুৱা হৈ থাকিবলগীয়া হৈছিল। কিন্তু বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত যুৱক-যুৱতীসকল
কৰ্মসংস্থাপন লাভ কৰাৰ লগতে আত্মনিৰ্ভৰশীল হ’বলৈ আৰম্ভ কৰিছে। কংগ্ৰেছৰ শাসনকালত অসমত উৎপাদিত গেছ, তেল নিছিল। কিন্তু অসমত কোনোদিন ঔদ্যোগ স্থাপন কৰা নাছিল। আমাৰ চৰকাৰৰ দিনতে নুমলিগড়ত ৩ গুণলৈ বৃদ্ধি পালে উৎপাদন ক্ষমতা। নামৰূপ সাৰকাৰখানা সম্প্ৰসাৰণ কৰা হ’ল। অসমত গেছ পাইপলাইনৰ সংযোগ দ্ৰুতগতিৰে চলি আছে। অসম সকলোতকৈ আগত থাকিব লাগিব। তাৰ বাবে অসমৰ যুৱক-যুৱতীসকল আত্মনিৰ্ভৰশীল হ’ব লাগিব। কংগ্ৰেছে অৰুণোদয় আঁচনিক লৈ অপপ্ৰচাৰ চলাইছে বুলি অভিযোগ কৰি কয়, অসম বিজেপিয়ে নিৰ্বাচনৰ পাছতে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। বিনমূলীয়া গেছ সংযোগক লৈ অপপ্ৰচাৰ চলোৱাৰ সময়তে আমি এই আঁচনি আজিও অব্যাহত ৰাখিছো। আমি লাখপতি বাইদেউ বনোৱাৰ কথা কৈছিলো। সেয়াও আজিৰ তাৰিখত বহু মহিলাই উপকৃত হৈছে। পৰৱৰ্তী সময়ত আমি ৪০ লাখ মহিলাক লাখপতি বাইদেউ আঁচনি দিম। ২০২৯ চনত হ’বলগীয়া লোকসভা নিৰ্বাচনত ৩৩ শতাংশ মহিলা দিল্লীলৈ যাব। প্ৰধানমন্ত্ৰী মোদীয়ে
আজি মৰানৰ জনসভাত বিষয়টোৰ সন্দৰ্ভত কয় যে, ২০২৯ ত ৩৩ শতাংশ মহিলা সাংসদ হৈ দিল্লীলৈ যাব। ইয়াৰ বাবে মাত্ৰ কেইটামান কাম আছে। ১৬ এপ্ৰিলত সংসদৰ বিশেষ অধিৱেশন আছে। এই দিনটোতে দেশৰ মহিলাৰ বাবে আহিব ভাল খবৰ। লোকসভাত ৩৩ শতাংশ মহিলা আসন সংৰক্ষণৰ বাবে ৰূপায়ন কৰিবলগীয়া আইনখন কংগ্ৰেছে যাতে সমৰ্থন কৰে তাৰ বাবে কংগ্ৰেছক আপোনালোকে ক’ব লাগিব। ভোট দানলৈ কিমান দিন আছে নহয়, কিমান ঘণ্টা আছে সেয়া হিচাপ কৰক এতিয়া। অসমৰ প্ৰতিটো পৰিয়ালৰ ভোট লাগিব আমাক। আপোনালোকে মোক মাত্ৰ এটা কাম কৰি দিব লাগিব। এতিয়া আপোনালোকে ইয়াৰ পৰা গৈ যাকে লগ পায় ক’ব লাগিব, মোদীজী আহিছিল আৰু ৰঙালী বিহুৰ শুভেচ্ছা দি গৈছে। উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱাই আঁত ধৰা জনসভাত ডিব্ৰুগড় জিলাৰ
ডিব্ৰুগড়, চাবুৱা-লাহোৱাল, টিংখাং, খোৱাং, নাহৰকটীয়া আৰু দুলীয়াজান বিধানসভা সমষ্টিৰ লগতে নাজিৰা, সোণাৰী আৰু মাহমৰা বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থীসকলৰ হৈ অনুষ্ঠিত কৰা নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অগপৰ সভাপতি অতুল বৰা, সাধাৰণ সম্পাদক পোণাকন বৰুৱা, ৰাজ্যসভাৰ সাংসদ যোগেন মহন, তেৰছ গোৱালা, ডিব্ৰুগড়ৰ প্ৰাৰ্থী প্ৰশান্ত ফুকন, টিংখাঙৰ বিমল বৰা, চাবুৱা-লাহোৱালৰ বিনোদ হাজৰিকা, দুলীয়াজানৰ ৰামেশ্বৰ তেলী, খোৱাঙৰ চক্ৰধৰ গগৈ, নাহৰকটীয়াৰ তৰংগ গগৈ, নাজিৰাৰ ময়ুৰ বৰগোহাঁই, সোণাৰীৰ ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ প্ৰাৰ্থী সুৰুজ দিহিঙ্গীয়া উপস্থিত থাকে।