...

ডিব্ৰুগড়ত মহঘুলী চাপৰি শীৰ্ষক বিহুগীতৰ অডিঅ’- ভিডিঅ’ উন্মোচন

Spread the love

ডিব্ৰুগড়ত মহঘুলী চাপৰি শীৰ্ষক বিহুগীতৰ অডিঅ’- ভিডিঅ’ উন্মোচন

চাইন অন ডেস্ক:

অসমীয়া জাতিৰ পৰিচয় আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংশ বিহুগীত সমুহৰ মাজত পুৰণি মাদকতা হেৰাইছে। বহুতো বিহু উলাই যদিও সকলোৱে বিহুনামৰ ঠাচটো ধৰি ৰাখিব পৰা নাই। অসমীয়া লোক-সংস্কৃতিৰ এক অমূল্য সম্পদ, যি কৃষি, প্ৰকৃতি, যৌৱনৰ প্ৰেম আৰু সামাজিক জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত কৰি ৰচনা কৰা বিহু নাম শুনিলেই
দেহ-মনত যি আলোড়ন সৃষ্টি কৰে সেই আলোড়ন পাবলৈ নাই। ডিব্ৰুগড়ত বিহুনামৰ জনপ্ৰিয় শিল্পী বাপুজী কোঁৱৰ আৰু বৰ বিহুৱতী শ্ৰেষ্ঠা কছাৰীৰ কণ্ঠৰ মহঘুলী চাপৰি শীৰ্ষক বিহুগীত উন্মোচন কৰি প্ৰসিদ্ধ সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ ৰাজেন গোহাঁইয়ে এইদৰে মন্তব্য কৰে। তেওঁ লগতে আগন্তুক মাঘবিহু আৰু নতুন বছৰৰ প্ৰাকক্ষণত অসম বাসীয়ে মনে বিচৰা এটা বিহুনাম লাভ কৰিছে বুলি কয়।
ডিব্ৰুগড় কাছাৰবাৰী সোনোৱাল ভৱনত নৃত্য গুৰু দিগন্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে কয় যে, মহঘুলী চাপৰি মানেই অসমীয়া কৃষ্টি-সংস্কৃতিৰ পৰিচয় বহনকাৰী এটা নাম।

চাৰিকড়ীয়া নৈৰ পাৰৰ এই মহঘুলী চাপৰিত আহোম ৰাজত্বৰ দিনৰ পৰা ফাটবিহু উদযাপনৰ পৰম্পৰা আজিও অব্যাহত থকা বিষয়ে উল্লেখ কৰি বাপুজী কোঁৱৰ আৰু শ্ৰেষ্ঠা কছাৰীৰ কণ্ঠৰ জৰিয়তে পুনৰ বাৰ অসমীয়া ৰাইজে মহঘুলী চাপৰিক অধিক জানিবলৈ সুবিধা পাব বুলি কয়। শেহতীয়াকৈ বিহুগীত সমুহত নতুনত্বৰ প্ৰভাৱৰ বাবে পুৰণি মাদকতা হেৰাই যোৱাৰ সময়ত ‘মহঘুলী চাপৰিয়ে’ বিহুৰ পৰম্পৰা সুৰ ধৰি ৰখাৰ লগতে গীতটিৰ জৰিয়তে অসমীয়া কৃষ্টি-সংস্কৃতি উপস্থাপন কৰা বুলি কয়। এগৰাকী মেধাৱী ছাত্ৰী শ্ৰেষ্ঠাই বৰবিহুৱতী ৰূপে ইতিমধ্যে পৰিচয় থকা লগতে এই গীতৰ জৰিয়তে এগৰাকী ভাল গায়িকা ৰূপে পৰিচিত হ’ব বুলি কয় সাংবাদিক ৰাতুল বুঢ়াগোহাঁইয়ে। সোনোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোণোৱাল, বিশিষ্ট উদ্যোগপতি তথা কবি-কুশল কোঁৱৰ, অনাতাঁৰ শিল্পী ভূৱন গগৈ, ডিব্ৰুগড় আছুৰ সভাপতি তনুজ হালৈ, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, বিষ্ণু সোণোৱাল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বক্তব্য ৰাখে। উল্লেখযোগ্য যে, বুলেশ্বৰ কছাৰীৰ কন্যা তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী শ্ৰেষ্ঠা কছাৰী এগৰাকী বৰ বিহুৱতী লগতে অসমৰ বহুকেইখন উল্লেখযোগ্য মঞ্চত খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে এগৰাকী কণ্ঠশিল্পী ৰূপে ইতিমধ্যে
বিভিন্ন মঞ্চত অনুষ্ঠান পৰিৱেশনেৰে সমাদৃত হৈছে। বিহুনামৰ প্ৰকৃত মাদকতা ধৰি অসমবাসীৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া বাপুজী কোঁৱৰ আৰু শ্ৰেষ্ঠা কছাৰীৰ কণ্ঠৰ বিহুনামৰ অডিঅ’আৰু ভিডিঅ’দুটা সকলোৱে আদৰি ল’ব বুলি আশা কৰে উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকল।

Leave a Reply

Your email address will not be published. Required fields are marked *