বিলাসীপাৰাত ক্ৰমাৎ তুংগত অগপৰ নিৰ্বাচনী প্ৰচাৰ
দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ দলত্যাগ:অগপত যোগদান
চাইন অন ডেস্ক:

অগপৰ সাংগঠণিক সভাতে দুই শতাধিক কংগ্ৰেছ কৰ্মী দলত্যাগ কৰি অগপত আনুষ্ঠানিক ভাবে কৰে যোগদান।
বিলাসীপাৰাৰ নাথ-যোগী সন্মিলনীৰ সভাগৃহত আজি এনডিএ’ৰ সহযোগী দল অগপৰ সাংগঠণিক সভা অনুষ্ঠিত হয়।
সভাত দলটোৰ বিষয়-ববীয়াৰ লগতে কাৰ্য-কৰ্তাৰ লগত অগপৰ প্ৰাৰ্থী জীবেশ ৰায়ে আলচনাত মিলিতহৈ ৰণকৌশল প্ৰস্তুত কৰে।

কংগ্ৰেছ দলৰ নেতৃত্বৰ ওপৰত অতিষ্ট হোৱাৰ লগতে এনডিএ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিতহৈ কৰ্মীসকলে অগপ দলত যোগদান কৰে।
অগপ’ৰ প্ৰাৰ্থী জীবেশ ৰায়ে কাইলৈ এনডিএ’ৰ সমৰ্থকক লগতলৈ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে।
আজিৰ বৈঠকত এনডিএ’ৰ সহযোগী দল অগপ’ৰ প্ৰাৰ্থীজনক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ বাবে নেতা কৰ্মী সকলে অংগীকাৰ কৰে।
অগপৰ যোগদান অনুষ্টানত প্ৰাক্তণ বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱাৰ ,প্ৰাৰ্থী জীবেশ ৰায়ৰ লগতে কেবাজনো নেতৃস্থানীয় বিষয়-ববীয়া ,কৰ্ম-কৰ্তাসকল উপস্থিত থাকে।