Skip to content ডিব্ৰুগড়ত ৰেডক্ৰছ ছছাইটিৰ ষষ্ঠ বাৰ্ষিক বছৰেকীয়া সাধাৰণ সভা
চাইন অন ডেস্ক:
ৰেডক্ৰছ ছছাইটিৰ ডিব্ৰুগড় জিলা শাখাৰ ষষ্ঠ বাৰ্ষিক সাধাৰণ সভাখন আজি জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত সুকলমে সম্পন্ন হৈ যায়।সভাৰ আৰম্ভণিতে ৰেডক্ৰছ ছছাইটি, ডিব্ৰুগড় জিলা শাখাৰ শীৰ্ষ গীতটিৰে সভাৰ কাৰ্য্যক্ৰম আৰম্ভ কৰি সভাপতি ডাঃ প্ৰণিত কুমাৰ চৌধুৰীয়ে ছছাইটিৰ উপপৃষ্ঠপোষক আৰু সকলো উপস্থিত সদস্য/সদস্যাক আদৰণি জনোৱাৰ লগতে সকলোকে সভাখন সুকলমে সম্পন্ন কৰাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে লগতে সভাৰ কাৰ্যসূচীৰ বিষয়েও অৱগত কৰি সকলোকে নিজৰ পৰিচয় দিবলৈ অনুৰোধ কৰে আৰু সভাপতিৰ হাতত কাৰ্যসূচী অৰ্পণ কৰে।
কাৰ্য্যসূচী অনুসৰি ৰেডক্ৰছ ছছাইটিৰ অধ্যক্ষ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে সকলোকে স্বাগতম জনাই তেওঁৰ আদৰণি ভাষন প্ৰদান কৰে আৰু ৰেডক্ৰছ ছছাইটিৰ মূলমন্ত্ৰ আগত ৰাখি সকলোকে এনে এটা মহান কাৰ্য্যত লিপ্ত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু সকলোকে এনেকৈ মানৱতাৰ কল্যাণৰ বাবে আগন্তুক দিনত নিজকে ব্ৰতী হবলৈ আহ্বান জনায়।
ইয়াৰ পাছতেই সকলো সদস্যই নিজৰ পৰিচয় ডাঙি ধৰে। আলোচনা চক্ৰৰ প্ৰথম পৰ্য্যায়ত ছছাইটিৰ উপ-সভাপতি ড০ ৰঘুনাথ বৰবৰাই বিগত পঞ্চম বাৰ্ষিক সাধাৰণ সভাৰ প্ৰতিবেদন পাঠ কৰে আৰু সভাত পৰিচালনা সমিতিৰ অনুমোদন লৈ অধ্যক্ষৰ হাতত অৰ্পন কৰে।ডিব্ৰুগড় জিলা শাখা ৰেডক্ৰছ ছছাইটিৰ সম্পাদক ড০ পঙ্কজ কুমাৰ শ্ৰুতিকৰে যোৱা ২০২৪-২০২৫ বৰ্ষত সম্পন্ন হোৱা বিভিন্ন কাৰ্যাৱলীৰ এক বিস্তৃত বিৱৰণ দাঙি ধৰে আৰু কয় যে যোৱাটো বৰ্ষত মুঠ ১৩ টা কাৰ্য্য সূচাৰুৰূপে সম্পন্ন হয় আৰু কাৰ্য্য সমূহ তিনিটা ভাগত বিভক্ত কৰি দেখুওৱা হৈছিল।
স্বাস্থ্যসেৱা ও সুৰক্ষাৰ ক্ষেত্ৰত ৮টা , সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত ৪টা আৰু ৰেডক্ৰছ ছছাইটিৰ প্ৰচাৰ, প্ৰসাৰ আৰু ইয়াৰ কৰ্ম ৰাজিৰ সঙৰক্ষনৰ ক্ষেত্ৰত ১ টা। ইয়াৰ ভিতৰত মানৱসেৱা বঁটা আৰু ১৯৫০ চনৰ বৰভূঁইকপত প্ৰাণ আহুতি দিয়া ছয় জন শ্বহীদলৈ যচা শ্ৰদ্ধাঞ্জলি অন্যতম।
ইয়াৰ পাছতেই ছছাইটিৰ কোষাধক্ষ ৰাজকুমাৰ আগৰৱালাই ২০২৪-২০২৫ বৰ্ষৰ হিচাপ পৰীক্ষকৰ দ্বাৰা পৰীক্ষিত হিচাপ (audited Accounts) বৈঠকত দাখিল কৰে আৰু সভাত সৰ্বসন্মতি ক্ৰমে গৃহীত হয়। বিত্তীয় উপ-সমিতিৰ অধ্যক্ষা ড: ৰুনুমা শৰ্মাই ২০২৫-২০২৬ বৰ্ষৰ বাবে বিত্তীয় বাজেট সভাত দাখিল কৰে আৰু জমা ও খৰচৰ ওপৰত এক প্ৰতিবেদন পাঠ কৰে আৰু সভাত গৃহীত হয়। অহা ২০২৫-২৮ বিত্তীয় বৰ্ষৰ বাবে ৰাজকুমাৰ আগৰৱালাই ধীৰাজ পদ্দাৰ, চাৰ্টাড একাউণ্টেণ্ট ৰ নাম প্ৰস্তাৱ কৰে আৰু সভাত সৰ্বসন্মতি ক্ৰমে ৰ্গৃহীত হয়।
ইয়াৰ পাছতেই ৰেডক্ৰছ ছছাইটিৰ প্ৰথম সংখ্যক ই -আলোচনী ” সেৱক” উন্মোচন কৰে ডিব্ৰুগড় জিলা আয়ুক্তই। এই ক্ষেত্ৰত ৰেডক্ৰছ ছছাইটিৰ সকলো সদস্যই ধৃতিমান চন্দ্ৰ বৰুৱাক কাৰিকৰী সহায় আগবঢ়াই আলোচনীখন প্ৰস্তুত কৰি উলিওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পাছতেই ৫৭ সঙ্খ্যক মাহেকীয়া সভাৰ পৰিচালনা সমিতিৰ অনুমোদন ক্ৰমে পাঁচজনীয়া সমিতিৰ লিখিত পৰামৰ্শ অনুযায়ী ছছাইটিৰ নবগঠিত কাৰ্য্যবাহী সমিতিৰ সদস্য আৰু পৰিচালনা সমিতিৰ সদস্য সকলৰ নাম (২০২৫-২০২৮বৰ্ষৰ বাবে)জিলা আয়ুক্তই ঘোষণা কৰে আৰু সভাত সৰ্ব সন্মতি ক্ৰমে গৃহীত হয়।
সভাপতি: ড: পঙ্কজ কুমাৰ শ্ৰুতিকৰ , উপ-সভাপতি: ড: মহেশ কুমাৰ জৈন , কোষাধক্ষ: ৰাজ কুমাৰ আগৰৱালা , সম্পাদক: অনুজ কুমাৰ বৰুৱা।
পৰিচালনা সমিতিৰ বাবেও ড: প্ৰণিত কুমাৰ চৌধুৰীয়ে ১৬জন সদস্যৰ নাম ঘোষণা কৰে।
জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে সভাপতিৰ মন্তব্যত বিশেষ তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰেডক্ৰছ ছছাইটিৰ সহযোগত বৰ্তমানে ডিব্ৰুগড়ত বৰ্দ্ধিত হাৰত দেখা দিয়া যক্ষ্মা ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বাবে সজাগতা সৃষ্টি কৰা , দূৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰশাসনক সহযোগিতা আগবঢ়োৱা আৰু ছছাইটিৰ পুঁজি বৃদ্ধিৰ বাবে কৰ্পৰেট খণ্ডৰ পৰা প্ৰচেষ্টা হাতত লবলৈ পৰামৰ্শ আগবঢ়ায়। সভাৰ অন্তত শ্ৰী যুক্ত তৰুণ গগৈয়ে সকলোলৈকে শলাগৰ শৰাইৰ আগবঢ়ায় আৰু লগতে জিলা আয়ুক্তক সামাজিক উন্নয়ন পুঁজিৰ পৰা সামান্য হ’লেও আৰ্থিক অনুদান আগবঢ়াই এনে এক অনুষ্ঠানক সবল কৰি তুলিবলৈ অনুৰোধ জনায়।
শেষত জাতীয় সংগীতেৰে সভাৰ সমাপন কৰা হয়।