...

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মবার্ষিকী অনুষ্ঠানত অংশগ্ৰহণ

Spread the love

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মবার্ষিকী অনুষ্ঠানত অংশগ্ৰহণ

জুবিন গাৰ্গৰ কেতিয়াও মৃত্যু নহয়, জুবিন চিৰঞ্জীৱী

জুবিন গাৰ্গৰ আদর্শেৰে নতুন প্ৰজন্মই নিজৰ শিপা ধৰি ৰাখিহে বিশ্বজনীন হ’ব লাগিব: সোণোৱাল

নতুন দিল্লী:

 

 

 

 

নতুন দিল্লীৰ উদ্যোগত আয়োজিত জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মবার্ষিকী উদযাপন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু যুগদ্ৰষ্টাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “জুবিন গাৰ্গ – এই নামটোৱে আমাৰ সকলোৰে মন-প্ৰাণ আলোড়িত কৰি তোলে, যিয়ে তিনি দশকৰো অধিক সময় ধৰি অসমৰ সাংস্কৃতিক জগতক সমৃদ্ধ কৰি ৰাখিছিল। জুবিন,শেষ নোহোৱা এটা বৰ্ণিল যুগৰ নাম ! জুবিনৰ সৃষ্টিৰ সুৰভিয়ে অজস্ৰ মানুহৰ জীৱনলৈ প্ৰশান্তি কঢ়িয়াই আনে। জুবিনৰ গানৰ মাজত সজীৱ হৈ উঠে অসমীয়া কলা-সংস্কৃতিৰ মাধুৰ্য আৰু জীৱনৰ জয়গান! জুবিন – প্রতিজন অসমীয়াৰ হিয়াৰ কোণত সুপ্ত হৈ থকা এক বিৰল প্ৰতিভাৰ নাম। জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাই, যদিও জুবিনৰ সৃষ্টিৰাজি প্রতিপলে জীয়াই আছে, জীয়াই থাকিব প্ৰজন্মৰপৰা প্ৰজন্মলৈ৷ আজি জুবিনৰ ৫৩ সংখ্যক জন্মবার্ষিকীত আমাৰ হিয়াৰ আমঠুক গভীৰ শ্ৰদ্ধাৰে, মৰমেৰে, এবুকু বেদনাৰে স্মৰণ কৰিছোঁ। জুবিন গাৰ্গ এটা বর্ণাঢ্য সাংস্কৃতিক শক্তি, যিয়ে এককভাৱে বিংশ শতিকাৰ শেষৰফালে আৰু একবিংশ শতিকাৰ আৰম্ভণিত অসমীয়া হোৱাৰ অৰ্থক নতুন সংজ্ঞায়িত কৰিছিল৷ জুবিন গাৰ্গ কেৱল সংগীতজ্ঞ নহয়, তেওঁ আধুনিক অসমৰ হৃদস্পন্দন। জুবিন গাৰ্গে অসমীয়া লোকসংগীতক বিশ্বমঞ্চলৈ লৈ গৈছিল৷ তেওঁ প্ৰমাণ কৰি থৈ গৈছে যে- মাত্ৰ কেইমিলিয়ন মানুহে কোৱা এটা ভাষা প্ৰেম, গভীৰতা, অর্থবহ আৰু দৃঢ়তাৰে উপস্থাপন কৰিলে বিশ্ব মঞ্চত জিলিকি উঠিব পাৰে। তেখেতৰ সাংস্কৃতিক অৱদান কেৱল সুৰ, সংগীততে সীমাবদ্ধ নহয় – সেয়া ঐক্য, শান্তি, সমন্বয়ৰ বিস্তৃত পৰিসৰলৈ সম্প্ৰসাৰিত। প্ৰকৃতিৰ প্ৰতি তেওঁৰ প্ৰেম এটা শিশুৰ সৰল মাতৃপ্রেমৰ দৰে।
জুবিন গাৰ্গে দেখুৱাই থৈ গৈছে যে- প্রকৃতিক উপেক্ষা কৰি মানৱ সমাজে কেতিয়াও আগুৱাই যাব নোৱাৰে৷ মানুহ যে প্রকৃতিৰে অংগ এই কথা পাহৰি যাব নালাগে আৰু প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ ভূমিকা পালন কৰিব লাগে৷ মানৱতাৰ ক্ষেত্ৰত তেওঁৰ দায়বদ্ধতা সদায়েই প্ৰকাশ পাইছিল- বানপানীত, কভিডত, হাজাৰ হাজাৰ লোকৰ ব্যক্তিগত দুৰ্যোগত৷ তেওঁ মানৱীয় প্ৰমূল্যবোধৰ ভাবধাৰা জাগ্ৰত কৰি তুলিছিল।”

 

 

 

 

সোণোৱালে লগতে কয়, “জুবিন গাৰ্গৰ উত্তৰাধিকাৰ আগবঢ়াই নিবলৈ নতুন প্রজন্মই মাতৃভাষাৰ চৰ্চা, অধ্যয়ন আৰু প্ৰসাৰৰ বাবে দায়বদ্ধ হ’ব লাগিব৷ মাতৃভাষাত কথা পাতিবলৈ, অধ্যয়ন কৰিবলৈ নতুন প্ৰজন্মই লাজ কৰিব নালাগিব। জাতিক ভালপাবলৈ জাতিৰ হকে চিন্তা কৰিব লাগিব আৰু মাতৃভাষাক আঁকোৱালি ল’ব লাগিব৷ নতুন প্ৰজন্মই নিজৰ শিপা ধৰি ৰাখিহে বিশ্বজনীন হৰ লাগিব৷ প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব আৰু গছপুলি ৰোপণ কৰাৰ বাবে আগ্ৰহী হ’ব লাগিব৷ মানৱতা, সহানুভূতি, মমতা আৰু
আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱা ইত্যাদি দিশবোৰক নতুন প্ৰজন্মই গুৰুত্ব দিব লাগিব। এখন বৈষম্যহীন সমাজ গঢ়াৰ বাবে সংকল্পবদ্ধ হব লাগিব। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি-সমন্বয়ৰ ভাবধাৰা অধিক শক্তিশালী কৰিব লাগিব আৰু জাতি-ভাষা-বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ মাজত একতা সুদৃঢ় কৰিব লাগিব৷ জুবিনৰ দৰে নতুন প্ৰজন্মই ডাঙৰ সপোন দেখিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব। জুবিনেও ডাঙৰ সপোন দেখাৰ বাবেই, কঠোৰ পৰিশ্ৰম আৰু সাধনা কৰাৰ বাবেই এগৰাকী মহান শিল্পীৰূপে জনমানসত উজলি ৰল৷ আমি জুবিন গাৰ্গক তেওঁৰ মূল্যবোধৰ মাজেৰে, সৃষ্টিৰ মাজেৰে জীয়াই ৰাখিম, যিমান দিন ব্ৰহ্মপুত্ৰ বৈ থাকিব, যিমান দিন অসমীয়া জাতি জীয়াই থাকিব, তেতিয়ালৈকে জুবিন গাৰ্গৰ কেতিয়াও মৃত্যু নহয়, জুবিন চিৰঞ্জীৱী। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গে প্ৰায়ে কৈছিল-“কিতাপ নপঢ়া বা কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে৷ তেখেতৰ বিয়োগ কেৱল সংগীত জগতৰে ক্ষতি নহয়, অসমীয়া সাহিত্যৰো অপূৰণীয় ক্ষতি। কাৰণ জুবিন গাৰ্গ নামৰ মহান সত্তা কেৱল গায়ক নাছিল – তেওঁ আছিল জনতাৰ কণ্ঠ আৰু সুৰ৷ তেখেতৰ গীতৰ কথাবোৰত আমাৰ নদী, প্রকৃতি, জনজীৱন, আমাৰ আৱেগ আৰু একাধিক প্ৰজন্মৰ বেদনা আৰু আশা প্ৰস্ফুটিত হৈছিল। জুবিনৰ শব্দ আৰু কণ্ঠত জীৱন্ত আছিল আধুনিক অসমীয়া ভাষা। জুবিনৰ গানবোৰ অধ্যয়ন কৰিলে নতুন প্ৰজন্মই অসমীয়া ভাষাক ভাল পাই থাকিবলৈ উৎসাহ লাভ কৰিব আৰু অসমীয়া ভাষাৰ ওপৰত দখল বৃদ্ধি পাব। আহক, আমি সকলোৱে জুবিনৰ মানৱতা, প্রকৃতিপ্রেম, সমাজ সচেতনতা, সমন্বয় আৰু সৃষ্টিশীলতাৰ পৃথিৱীখনক সৰ্বাংগসুন্দৰকৈ সজাই ৰাখোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *