৪০ সংখ্যক ৰাজ্যিক চেম্পিয়নশ্বিপত নামৰূপ টাইকোৱাণ্ডো ক্লাবৰ উজ্বল প্ৰদৰ্শন
*চাইন অন ডেস্ক:*
গুৱাহাটীত অনুষ্ঠিত ৪০ সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত প্ৰশিক্ষক বিদ্যুৎ বিকাশ কোঁচৰ নেতৃত্বত নামৰূপ টাইকোৱাণ্ডো ক্লাবৰ খেলুৱৈসকলে উল্লেখনীয় সফলতা অৰ্জন কৰিছে। শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীসকল হল ক্ৰমে ৰুদ্ৰান্ত কাশ্যপ বৰুৱাই চাব-জুনিয়ৰ ল’ৰাৰ (১৮ কেজিৰ অনুৰ্ধ) শাখাৰ স্বৰ্ণ পদক লাভ কৰাৰ লগতে দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। একেদৰে ঘৃতৃষ্ণা প্ৰিয়ম দাসে চাব-জুনিয়ৰ ছোৱালীৰ (২০ কেজিৰ অনুৰ্ধ) শাখাত ৰূপৰ পদক অৰ্জন কৰে। আনহাতে প্ৰি-উই (Pee-Wee) শাখাত সুদীপ্তা দাসে পুমেচত (Poomsae) স্বৰ্ণ আৰু ক্যুৰুগীত (Kyorugi) ৰূপৰ পদক লাভ কৰে। একেদৰে
হৰ্ষিতা গগৈ আৰু নিবৃতি বড়োয়ে ক্যুৰুগীত শাখাত স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হৈছে।