Skip to content দুলীয়াজানৰ বৰ্ণালী বড়াৰ ‘নিৰ্ভাবনা’ শীৰ্ষক কাব্যগ্ৰন্থলৈ ‘কাব্য-ৰাগিণী বঁটা – ২০২৫’
দুলিয়াজান:
অসমৰ সাম্প্ৰতিক সময়ৰ এগৰাকী উল্লেখযোগ্য কবি, নিবন্ধকাৰ, গৱেষক বৰ্ণালী বড়াৰ শেহতীয়া ‘নিৰ্ভাবনা’ শীৰ্ষক কাব্যগ্ৰন্থখনি কাব্যধ্বনি অসমৰ ‘কাব্য-ৰাগিণী বঁটা – ২০২৫’-ৰ বাবে মনোনীত হৈছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে অলপতে এই কথা সদৰী কৰে ‘কাব্যধ্বনি অসম’ৰ সম্পাদক লক্ষী ফিল’বাৰীয়ে। চলিত বৰ্ষৰ ১ আৰু ২ নবেম্বৰত তিনিচুকীয়া জিলাৰ মাকুমৰ বাৰেকুৰিত অনুষ্ঠিতব্য কাব্যধ্বনি অসম আৰু অসম সাহিত্য সভাৰ যুটীয়া ৰাষ্ট্ৰীয় কবি সন্মিলনত কবিগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।
উল্লেখযোগ্য যে বিগত ২৯ ডিচেম্বৰ, ২০২৪ তাৰিখে শিৱসাগৰত অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনত কবিগৰাকীয়ে একেখন কাব্যগ্ৰন্থৰ বাবে লাভ কৰিছিল ‘সম্প্ৰীতি (টুকটুক) শইকীয়া সোঁৱৰণী বছৰৰ শ্ৰেষ্ঠ যুৱ কবি, ২০২২-২০২৪’-ৰ সন্মান। দুলীয়াজান নিবাসী বৰ্ণালী বড়াৰ এই সাফল্যৰ বতৰাই তেখেতৰ কাব্যানুৰাগীসকলক উৎফুল্লিত কৰি তোলাৰ লগতে দুলীয়াজানৰ সুধী সমাজেও প্ৰতিভাসম্পন্ন কবিগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। বৰ্ণালী বড়াৰ কবিতা অসমৰ আগশাৰীৰ সাহিত্য আলোচনী গৰীয়সী, সাতসৰী, প্ৰকাশ, প্ৰান্তিককে ধৰি বিভিন্ন বাতৰিকাকত, সম্পাদিত গ্ৰন্থাদিত ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে। কেইবাখনো অসমীয়া কবিৰ নিৰ্বাচিত কবিতাৰ সংকলনতো বৰ্ণালী বড়াৰ কবিতাই স্থান পাইছে।
তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘মৌপিয়াৰ বিষাদ ৰাগিণী’য়েও ২০১৭ বৰ্ষত ‘কৃষ্ণকান্ত বড়া’ সোঁৱৰণী কাব্য-শিল্প বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে কবিগৰাকীৰ সম্ভাৱনাময় কাব্য পৰিক্ৰমাৰ স্বীকৃতিস্বৰূপে তেখেতে ২০১৯ বৰ্ষত লাভ কৰে ‘বন্ধু-চাকি উদগনি বঁটা’। সদৌ অসম ভিত্তিত আয়োজিত বিভিন্ন কবিতা প্ৰতিযোগিতাত বৰ্ণালী বড়াৰ কবিতা কেইবাবাৰো শ্ৰেষ্ঠ বিবেচিত হৈছে। আনহাতে কবিতাৰ সমান্তৰালকৈ প্ৰবন্ধ ৰচনাতো মনোনিবেশ কৰি অহা বৰ্ণালী বড়াৰ দুয়োখন প্ৰকাশিত প্ৰবন্ধ সংকলনে ইতিমধ্যে বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰথমখন প্ৰবন্ধ সংকলন ‘শিশু-সাহিত্য আৰু অন্যান্য প্ৰবন্ধ’ শীৰ্ষক গ্ৰন্থখনে ২০১৭ বৰ্ষত অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিৱেশনত লাভ কৰে ‘কমলেশ্বৰ ডেকা সোঁৱৰণী বঁটা’।
একেদৰে, তেওঁৰ দ্বিতীয়খন গৱেষণাধৰ্মী গ্ৰন্থ ‘ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু-সাহিত্য : বিচাৰ আৰু বিশ্লেষণ’ৰ বাবে ২০২৩ বৰ্ষত লাভ কৰে ‘কিৰণ তামূলী শিশু-সাহিত্য পৰ্যালোচনা বঁটা’। সম্প্ৰতি এখন উপন্যাস ৰচনাত ব্ৰতী হৈ থকা লেখিকাগৰাকীয়ে অনাগত দিনত অসমীয়া সাহিত্যৰ সমৃদ্ধিত অধিক অৰিহণা আগবঢ়াব বুলি পাঠক সমাজ আশাবাদী ।