Skip to content ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন।
সমূহীয়া যোগাভ্যাসত অংশগ্ৰহণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এটাই উদ্দেশ্য বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনঃ মন্ত্ৰী প্ৰশান্ত ফুকন।
চাইন অন ডেস্ক:
“এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ”-এই মূল বিষয়বস্তুৰে আজি ডিব্ৰুগড় জিলাত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।এই উপলক্ষে ডিব্ৰুগড়ৰ মিলন নগৰস্থিত বহুমুখী ইনড’ৰ স্পৰ্টছ হ’লত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু
ৰাষ্ট্ৰীয় আয়ুস অভিযান অসমৰ উদ্যোগত সমূহীয়া যোগাভ্যাস কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।এই সমূহীয়া যোগাভ্যাসত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা, স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকনে। তেওঁৰ সৈতে যোগাভ্যাসত অংশগ্ৰহণ কৰে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, ১৭১ চি.আৰ.পি.এফ ৰ ছেকেণ্ড ইন কামাণ্ডেন্ট সঞ্জয় মাৰৱান, ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা: তৃষ্ণা বৰা প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ-পদস্থ বিষয়াবৰ্গ, স্বাস্থ্য তথা জিলা ক্ৰীড়া বিভাগৰ বিষয়াবৰ্গ, সেৱা ভাৰতী ডিব্ৰুগড়ৰ সদস্য ও প্ৰশিক্ষাৰ্থীসকল তথা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আৰু স্থানীয় ৰাইজ।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে যোগাভ্যাস শৰীৰ আৰু মনৰ আধ্যাত্মিক অনুশীলন বুলি উল্লেখ কৰি কয় যে, দৈনিক ব্যায়াম, যোগাসন বা যোগাভ্যাসৰ জৰিয়তে প্ৰতিজন ব্যক্তিয়েই শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে। তেওঁ লগতে কয় যে, যোগ আৰু প্ৰাণায়ামৰ নিয়মিত অনুশীলনে একোজন ব্যক্তিক আধ্যাত্মিক আৰু মানসিকভাবে শক্তিশালী কৰি তুলিব পাৰে। বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনেই আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল উদ্দেশ্য বুলিও তেওঁ মন্তব্য আগবঢ়ায়। ইয়াৰ লগতে নৱপ্ৰজন্মক যোগাভ্যাসৰ প্ৰতি আগ্ৰাহাম্বিত কৰিবলৈ প্ৰচেষ্টা চলাবলৈয়ো মন্ত্ৰীগৰাকীয়ে উপস্থিত সকলোকে আহ্বান জনায়।
আজিৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ যোগ প্ৰশিক্ষক মন্টু সোনোৱাল আৰু ৰশ্মিশিখা বৰাই সকলোকে সমূহীয়াভাবে যোগাভ্যাস কৰোৱায়।
আনহাতে, একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস”ৰ কাউন্টডাউন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ আৰোগ্য যোগা কেন্দ্ৰত ১৫ জুন তাৰিখে জিলা পৰ্যায়ত চাৰিটা শাখাত অনুষ্ঠিত যোগ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী ক্ৰমে ১০ বছৰৰ অনুৰ্ধৰ টুইঙ্কল ফুকন, ১০ ৰ পৰা ১৮ বছৰৰ শিতানত নীতিন কুমাৰ ৰাম , ১৮ ৰ পৰা ৩৫ বছৰৰ শিতানত পৰীস্মিতা আৰ্য আৰু ৩৫ বছৰৰ উৰ্ধৰ শিতানত সোমা ভৌমিকক আজি আয়োজন কৰা একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীতে মন্ত্ৰী প্ৰশান্ত ফুকনে ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰে। আনহাতে আজিৰ অনুষ্ঠানতে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰো কৰা হয়।