...

নগাঁৱৰ নেহৰুবালিত ১১৩ সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ প্ৰস্তুতি

Spread the love

নগাঁৱৰ নেহৰুবালিত ১১৩ সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ প্ৰস্তুতি

অসম কুঁৱৰী-বিহুৱতী প্ৰতিযোগিতা আয়োজন

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

নগাঁৱৰ জনজীৱনৰ বিভিন্ন স্মৃতি বিজড়িত কলঙৰ পাৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিৰ বাকৰিত ১১৩সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ প্ৰস্তুতি চলোৱা হৈছে। বিগত বৰ্ষসমূহৰ দৰে এইবছৰো অহা ১৩,১৪,১৫,১৬,১৭ আৰু ১৮ জানুৱাৰীত বিভিন্ন কাৰ্যসূচীৰে বিহু উৎসৱটি আয়োজন কৰা হৈছে। ভোগালী বিহু উৎসৱৰ প্ৰতিদিনাই সাংস্কৃতিক অনুষ্ঠান, খেল-ধেমালিকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইতিমধ্যে ভোগালী বিহুৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰৰ দৰে এইবছৰো সদৌ অসম ভিত্তিত এখনি অসম কুঁৱৰী বিহুনাচ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই অসম কুঁৱৰী বিহুনাচ প্ৰতিযোগিতা ১৬ জানুৱাৰী (শুক্ৰবাৰ) ত সন্ধ্যা ৬বজাৰ পৰা আৰম্ভ হ’ব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা নাচনীৰ বয়সৰ সীমা ১৫ বছৰৰ পৰা ২৮বছৰৰ ভিতৰত হ’ব লাগিব। প্ৰথম শ্ৰেষ্ঠ অসম কুঁৱৰীক বিশিষ্ট শিক্ষাবিদ,সমাজকৰ্মী প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ সোঁৱৰণত নগদ ধন ৩৫,১০০ টকা,বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হʼব। বঁটাটি আগবঢ়াব প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ সহধৰ্মিনী নিৰু শৰ্মাই। সেইদৰে,দ্বিতীয় পুৰস্কাৰ হিচাপে ৰুণু বৰাৰ সোঁৱৰণত নগদ ধন ২৫,১০০টকা,বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হʼব। বঁটাটি প্ৰদান কৰিব সীমান্ত বৰাই। তৃতীয় পুৰস্কাৰ হিচাপে সুৰেন্দ্ৰ নাথ বৰুৱাৰ সোঁৱৰণত নগদ ধন ১৫,১০০ টকা,বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হʼব। বঁটাটি আগবঢ়াব ৰমেন বৰুৱাই। ইয়াৰোপৰি উক্ত প্ৰতিযোগিতাত শ্ৰেষ্ঠ ঢুলীয়া,শ্ৰেষ্ঠ পেঁপাবাদক,শ্ৰেষ্ঠ তাল বাদককো বাছনি কৰা হ’ব। ইতিমধ্যে অসম কুঁৱৰী বিহু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ মুখ্য আহ্বায়ক বিশিষ্ট লোক কৃষ্টি সংস্কৃতিৰ সাধক তথা সমাজ সংগঠক হিৰণ্য শৰ্মাৰ লগতে বিহু শিল্পী অনুপ বৰুৱা,বিহু শিল্পী তথা সংগীত শিল্পী প্ৰদীপ বৰা,নাট্যকাৰ- পৰিচালক,সমাজকৰ্মী পবিত্ৰ কলিতা, এসময়ৰ বৰবিহুৱা চন্দ্ৰ শইকীয়া,বৰ বিহুৱতী দিপ্তী শইকীয়া,নিৱেদিতা বৰা,নিৰ্মালী বৰা,মুনু বৰফুকন,মৃণালী বৰাক লৈ এখনি আহ্বায়ক সমিতি গঠন কৰা হৈছে। প্ৰতিযোগিতা সন্দৰ্ভত সবিশেষ জানিবলৈ ৮৮২২০৮০৯২২, ৯৮৬৪৭৮৬৯৩৬,৯১০১২১৮৫৪০ ফোন নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বায়ক মণ্ডলীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *