...

ডিব্ৰুগড়ৰ মেডিকেলত ভয়ংকৰ ঘটনা

Spread the love

ডিব্ৰুগড়ৰ মেডিকেলত ভয়ংকৰ ঘটনা

প্ৰসূতি বিভাগৰ আই চি ইউৰ পৰা নৱজাতক সলনি

ভুক্তভোগী পিতৃ-মাতৃৰ বৰবাৰী আৰক্ষী চকীত এজাহাৰ

 

চাইন অন ডেস্ক:

অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।চিকিৎসা মহাবিদ্যালয় খনৰ প্ৰসূতি বিভাগৰ আই চি ইউৰ পৰা নৱজাতক সলনি কৰাৰ এক গুৰুতৰ অভিযোগ উথাপিত হৈছে।জানিব পৰা অনুসৰি ভুক্তভোগী পিতৃ-মাতৃয়ে মেডিকেলৰ বৰবাৰী আৰক্ষী চকীত তৰিছে এক গোচৰ।
গুৱাহাটী মেডিকেলৰ পাছত এইবাৰ অসম মেডিকেল কলেজত সংঘটিত ভয়ংকৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে।
প্ৰাপ্ত অভিযোগ অনুসৰি ডিব্ৰুগড় জিলাৰ টিংখাং শালমাৰিৰ এহাল দম্পতিৰ নৱজাত সন্তানক সলনি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।অভিযোগ অনুসৰি যোৱাই ২৯ আগষ্টত নৱজিত গগৈয়ে নিজ সন্তানসম্ভৱা পত্নী জোনটি মেচ গগৈক অসম মেডিকেল কলেজৰ প্ৰসূতি বিভাগত ভৰ্তি কৰিছিল আৰু পৰৱৰ্তী সময়ত ৩০ আগষ্টৰ পুৱা এটি পুত্ৰ সন্তান প্ৰসৱ কৰিছিল।ইফালে নৱজাতকটি জন্মৰ পাছতে এক সংক্ৰমিত ৰোগত আক্ৰান্ত হোৱাত চিকিৎসকে বিভাগৰে আই চি ইউলৈ প্ৰেৰণ কৰিছিল।নৱজাতকক সময়ে সময়ে আই চি ইউ লৈ গৈ পিতৃ-মাতৃয়ে দেখা কৰি আহিছিল।
কিন্তু ৪ ছেপ্তেম্বৰৰ সন্ধিয়া শিশুটি পিতৃ-মাতৃয়ে প্ৰত্যক্ষ কৰি হতবাক হয়।নিদিষ্ট আসনত ৰখা শিশুটি তেওঁলোকৰ নহয়।নৱজাতকক সলনি কৰি আইচিইউৰ অন্য শিশুৰ বিচনাত ৰখাৰ অভিযোগ কৰে দম্পতীহালে।ঘটনাৰ সন্দৰ্ভত দম্পতীহালে
ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ কৰ্তৃপক্ষক অৱগত কৰে।আনহাতেদি ওলোটাই মেডিকেলৰ প্ৰসূতি বিভাগৰ চিকিৎসক-নাৰ্ছ কৰ্মচাৰীয়ে পিতৃ-মাতৃক ভয়-ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পিতৃ-মাতৃয়ে স্থানীয় বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ প্ৰকৃত তদন্তৰ পাছতহে প্ৰকৃত সত্যৰ উদঘাটন হব বুলি সকলোৱেই আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *