...

চাহ শ্রমিকলৈ মাটিৰ ম্যাদী পট্টা প্ৰদানৰ সিদ্ধান্ত

Spread the love

 

চাহ শ্রমিকলৈ মাটিৰ ম্যাদী পট্টা প্ৰদানৰ সিদ্ধান্ত

 

সোণাৰিৰ চাহ মজদুৰ সংঘ, চাহ শ্ৰমিকৰ আদৰণি

 

চাইন অন ডেস্ক:

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে Assam Fixation of Land Holding (Amendment) Bill, 2026ৰ জৰিয়তে অসমৰ ৩,৩৩,৪৮৬ চাহ শ্রমিক পৰিয়ালৰ মাজত ২,১৮,৫৫৩ বিঘা মাটিৰ ম্যাদী পট্টা বিতৰণৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তক আদৰণি জনাইছে অসম চাহ মজদুৰ সংঘৰ লগতে ইয়াৰ

চাহ শ্ৰমিক সকলে। চৰকাৰে গ্ৰহণ কৰা আদৰণীয় পদক্ষেপ আৰু সময়োপযোগী সাহসী সিদ্ধান্তক লৈ উৎফুল্লিত হৈ পৰিছে চৰাইদেউ জিলাৰ চাহ শ্ৰমিক সকল । ২০০ বছৰীয়া চাহ উদ্যোগৰ গুৰি ধৰোঁতা শ্রমিকৰ এয়া প্রাপ্য, যিয়ে জনগোষ্ঠীটোৰ বিভিন্ন আর্থ সামাজিক, শৈক্ষিক ক্ষেত্রত উন্নয়নত সহায়ক হ’ব বুলি তেওঁলোকে মন্তব্য কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *