সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ ৰঙাপৰাতো দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ উদ্যোগত ৰঙাপৰাত নাৰী দিৱসৰ লগত সংগতি ৰাখি এক সজাগতা ৰেলী উলিওৱা হয়।সজাগতা ৰেলীত চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ সাধাৰণ সম্পাদক সুনীল টুটিৰ লগতে কেইবা শতাধিক মহিলাৰ অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে হাতে-হাতে বেনাৰ-ফেষ্টুন লৈ “অসম চাহ মজদুৰ সংঘ জিন্দাবাদ, নাৰী শক্তি জিন্দাবাদ, নাৰী ঐক্য জিন্দাবাদ, নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰক ” ইত্যাদি বিভিন্ন শ্লোগান দি সমগ্ৰ ৰঙাপৰা নগৰ পৰিভ্ৰমণ কৰে। সজাগতা ৰেলীৰ পিছতে এখন সজাগতা সভাও অনুষ্ঠিত কৰা হয়।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.