হেলিকপ্টাৰ কিনিব নেকি ?
নিজ দেশতে এইবাৰ নিৰ্মান হব হেলিকপ্টাৰ !
TATA ই নিৰ্মান কৰিব হেলিকপ্টাৰ
চাইন অন ডেস্কঃ
‘মেক ইণ্ডিয়া ইণ্ডিয়া’ৰ সপোনৰ ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰত। ভিন্ন ক্ষেত্ৰত গ্ৰাহকৰ বিশ্বাস আদায় কৰিবলৈ সক্ষম হোৱা টাটাই এইবাৰ নিৰ্মাণ কৰিব হেলিকপ্টাৰ। ইতিমধ্যে এই প্ৰকল্পৰ সকলোখিনি কাম শেষ কৰিছে টাটাই।

এইচ ১২৫ হেলিকপ্টাৰ উৎপাদন কৰা ফ্ৰান্স, আমেৰিকা আৰু ব্ৰাজিলৰ পিছত বিশ্বৰ ভিতৰতে চতুৰ্থখন দেশত পৰিণত হৈছে ভাৰত। কৰ্ণাটক হেলিকপ্টাৰ নিৰ্মাণ ইউনিট হ’ব টাটা গ্ৰুপৰ এনে দ্বিতীয়টো উদ্যোগ। যোৱা বছৰ টি এ এছ এলে এয়াৰবাছৰ সৈতে যৌথভাৱে গুজৰাটৰ বাডোদৰাত চি-২৯৫ বিমান নিৰ্মাণৰ নতুন সুবিধা স্থাপন কৰিছিল।
টাটা-এয়াৰবাছৰ উদ্যোগসমূহে এটা প্ৰতিৰক্ষা পৰিবহণ উদ্যোগৰ বাবে আৰু আনটো অসামৰিক হেলিকপ্টাৰৰ বাবে থকাৰ পিছতো স্থানীয় উৎপাদন পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰি মেড-ইন-ইণ্ডিয়া অসামৰিক বিমান প্ৰকল্পত অৰিহণা যোগাব পাৰে।