নতুন বলাইত
তপন হাজৰিকা সোঁৱৰণী শাৰদীয় গ্ৰন্থমেলা সম্পন্ন
৮০ হাজাৰ টকাৰ অধিক মূল্যৰ গ্ৰন্থ বক্ৰী
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনস্থ বৃহত্তৰ বলাই অঞ্চলৰ বৌদ্ধিক স্বেচ্ছাসেৱী সংগঠন “আলোকসন্ধানী অধ্যয়ন চক্ৰ”ৰ উদ্যোগত তথা বলাইবাসী ৰাইজৰ সহযোগত ২৮, ২৯, ৩০ চেপ্টেম্বৰ আৰু ১ অক্টোবৰ তাৰিখে চাৰিদিনীয়াকৈ নতুন বলাইস্থিত বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত ” তপন হাজৰিকা সোঁৱৰণী শাৰদীয় গ্ৰন্থমেলা, ২০২৫” সম্পন্ন হয়।২০০৮ খ্ৰীষ্টাব্দৰ পৰা অবিৰতভাৱে চলি অহা এই শাৰদীয় গ্ৰন্থমেলাই এইবাৰ ওঠৰ বছৰত ভৰি দিয়ে। গ্ৰন্থমেলাৰ প্ৰথম দিৱস ২৮ চেপ্টেম্বৰ তাৰিখে পুৱা ৮.০০বজাত আলোকসন্ধানীৰ সভাপতি গিতু বড়া আৰু সম্পাদক নীলোৎপল সোণোৱালৰ সহযোগত উপদেষ্টাদ্বয় ত্ৰিবেন্দ্ৰ সোণোৱাল আৰু পুনেশ্বৰ শইকীয়াই অক্ষয় বন্তি প্ৰজ্বলন কৰাৰ পিছতে অৱসৰপ্ৰাপ্ত লাট গাওঁবুঢ়া বাবুৰাম সোণোৱালে গ্ৰন্থ সমদল উদ্বোধন কৰে। মৃদঙীয়া গায়ন বায়নসহ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী তথা স্থানীয় ৰাইজৰ অংশ গ্ৰহণেৰে গ্ৰন্থ সম্পৰ্কীয় বিভিন্ন জয়গান সম্বলিত প্লে’কাৰ্ড লৈ প্ৰায় দুই কিলোমিটাৰ পথ পৰিক্ৰমান্তত গায়ন বায়নৰ শিল্পীবৃন্দ তথা অংশগ্ৰহণকাৰীসকলক পৰম্পৰাগত ৰীতিমতে স্থানীয় সমাজসচেতন মহিলা ৰেণু সোণোৱালে আদৰণী সেৱা জনোৱাৰ পিছতে বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্মৃতিসৌধ ক্ষেত্ৰত পুৱা ৯.৩০ বজাত আলোকসন্ধানীৰ শিশু সদস্যা বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ৰুনজুন শইকীয়াই পতাকা উত্তোলন কৰাৰ সমান্তৰালভাৱে অৱসৰপ্ৰাপ্ত শিক্ষক যদুনাথ শইকীয়াই স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে।
পতাকা উত্তোলক ৰুনজুন শইকীয়া আৰু মুখ্য তৰ্পক যদুনাথ শইকীয়াই আলোকসন্ধানী অধ্যয়ন চক্ৰৰ উদ্যোগত ওঠৰ বছছৰ ধৰি চলি থকা গ্ৰন্থমেলাই অঞ্চলটোৰ বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ বৰঙণি যোগাইছে বুলি মত প্ৰকাশ কৰে। বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয়, প্ৰদীপ পুথিভঁৰাল, নতুন বলাই বিদ্যাৰেখা সংঘ, পুৰণি বলাই যুৱক সংঘ প্ৰমুখ্যে বহু স্থানীয় অনুষ্ঠান সংগঠনৰ প্ৰতিনিধিয়ে স্মৃতি তৰ্পণ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে। ১০.০০ বজাত গ্ৰন্থমেলাৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা আৰু আলোকসন্ধানীৰ উপদেষ্টা প্ৰয়াত ৰজত চন্দ্ৰ শইকীয়াৰ স্মৃতিত উচৰ্গা কৰা আলোকসন্ধানীৰ প্ৰাচীৰ পত্ৰিকা “আলোক” ৰ সপ্তত্ৰিংশ সংখ্যাটি অৱসৰপ্ৰাপ্ত বেংক বিষয়া ভূপেন শইকীয়াই উন্মোচন কৰি বক্তব্য প্ৰসংগত গ্ৰন্থমেলাৰ তাৎপৰ্য্য ব্যাখ্যা কৰি দীৰ্ঘদিন ধৰি এই গ্ৰন্থমেলা অনুষ্ঠিত কৰা আৰু প্ৰাচীৰ পত্ৰিকাৰ সাতত্ৰিশটা সংখ্যা অবিৰতভাৱে প্ৰকাশ কৰাৰ বাবে উদ্যোক্তাবৃন্দক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই ধাৰাবাহিকতা ৰক্ষা কৰাৰ ক্ষেত্ৰত সকলোৰে সদিচ্ছা আৰু সহযোগিতাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। পুৱা ১০.৩০ বজাত খোৱাং মহাবিদ্যালয়ৰ অধ্যক্ষ ড. ত্ৰৈলোক্য দিহিঙীয়াই গ্ৰন্থমেলাৰ দুৱাৰ মুকলি কৰি সম্প্ৰতি বিজ্ঞান প্ৰযুক্তিৰ ন ন আহিলাৰ সহায়ত জ্ঞানাৰ্জনৰ সুবিধা হৈছে যদিও ছপা মাধ্যমৰ গ্ৰন্থৰ যোগেদি জ্ঞানাৰ্জনৰ সুফল আৰু গ্ৰামাঞ্চলত শাৰদীয় উৎসৱৰ বতৰত এনে গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ উদ্যোগ প্ৰশংসনীয় বুলি মত প্ৰকাশ কৰে।
গ্ৰন্থমেলাৰ দুৱাৰ মুকলি অনুষ্ঠানত খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডা.ৰমেন কাকতিক আলোকসন্ধানীয়ে অংগবস্ত্ৰেৰে সম্ভাষণ জনায়। ১১.০০ বজাত বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত “তপন হাজৰিকা সোঁৱৰণী মঞ্চ”ত ”
“বসন্ত কুমাৰ খাউন্দ সোঁৱৰণী প্ৰতিভাসন্ধানী প্ৰতিযোগিতা” অনুষ্ঠিত হয়। খোৱাঙৰ পিথুবৰ বালিকা বিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ বিষয় শিক্ষক পোলেন গগৈ আৰু সহকাৰী শিক্ষক, বিখ্যাত কবি বৈদ্য ব্ৰাইট বুঢ়াগোঁহাইৰ সঞ্চালনাত অনুষ্ঠিত প্ৰতিযোগিতাত চিত্ৰ ভাস্কৰ্য্য শিল্পীত্ৰয় দুৰ্ল্লভ কছাৰী, নিখিল সোণোৱাল আৰু তাৰানাথ সোণোৱাল, যোগাসনবিদ,
শিক্ষয়িত্ৰী চূড়ামণি সোণোৱাল, শিক্ষক, নাট্যকৰ্মী হেৰম্ব কুমাৰ ফুকন আৰু সাংস্কৃতিক কৰ্মী কমলেশ্বৰ লাচিতে বিচাৰকৰূপে সেৱা আগবঢ়ায়। চিত্ৰাংকণ, কবিতা আবৃত্তি, ৰচনা লিখন, সাধু কোৱা, বাতৰি লিখন, বক্তৃতা আদি বিষয়ক প্ৰতিযোগিতাত মুঠ ১৯০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। এই মঞ্চতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ অসমীয়া বিভাগৰ চূড়ান্ত পৰীক্ষাত প্ৰায় আশী শতাংশ নম্বৰ প্ৰাপ্তিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ন-পাম থান গাওঁ নিবাসী কৃতী শিক্ষাৰ্থী লিপিকা সোণোৱাল আৰু তেওঁৰ পিতৃ প্ৰদীপ সোণোৱালক অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু অভিনন্দন পত্ৰ যাচি ৰাজহুৱাকৈ অভিনন্দন জনোৱা হয়।দ্বিতীয় দিৱস ২৯ চেপ্টেম্বৰ তাৰিখে “সোবন গোস্বামী সোঁৱৰণী মঞ্চ”ত আলোকসন্ধানীৰ জন্মলগ্নৰ প্ৰেৰণাদাতাত্ৰয় মদন চন্দ্ৰ বৰুৱা, নগেন কাকতি আৰু ৰজনী শইকীয়াৰ স্মৃতিত ” ত্ৰিমূৰ্ত্তি স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন হয়। পাতনিতে চাৰিওগৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন তথা প্ৰাৰ্থনা পৰিবেশনেৰে এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত বিশিষ্ট সাহিত্যসেৱী, বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সতীশ চুতীয়াৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ প্ৰাকক্ষণত মঞ্চশুদ্ধিৰ কাৰ্য্যসূচীৰূপে নতুন বলাইনিবাসী লোক সংস্কৃতি সাধিকা জুলি সোণোৱাল বড়াৰ নেতৃত্বত মহিলা শিল্পীবৃন্দই দিহানাম পৰিবেশনেৰে সকলোকে আপ্লুত কৰে। আলোকসন্ধানীৰ সম্পাদক নীলোৎপল সোণোৱালে আদৰণী ভাষণ আগবঢ়োৱাৰ পিছতে আমন্ত্ৰিত বক্তা ডিব্ৰুগড়ৰ অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈয়ে “আধুনিকতা আৰু সুৰুচিপূৰ্ণ আধুনিকতা” শীৰ্ষক বিষয়ত আগবঢ়োৱা সুদীৰ্ঘ মনোজ্ঞ বক্তব্যই উপস্থিত শ্ৰোতামণ্ডলীক বিমুগ্ধ কৰে। বক্তৃতানুষ্ঠানৰ আলাপত ভাগ লৈ বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক বদন চন্দ্ৰ সোণোৱাল, অৰ্পণা বড়া, পোনা সোণোৱাল প্ৰমুখ্যে কেইবাগৰকী ব্যক্তিয়ে বিষয় সম্পৰ্কে অভিমত প্ৰকাশ কৰাৰ লগতে উত্থাপন কৰা একাধিক প্ৰশ্নৰ উত্তৰত আমন্ত্ৰিত বক্তাই সমিধান আগবঢ়ায়।
তৃতীয় দিৱস ৩০চেপ্টেম্বৰ তাৰিখে শান্তনু বৰুৱা সোঁৱৰণী মঞ্চত যোগমায়া বড়া শৈক্ষিক কল্যাণ সমিতিৰ সম্পাদক, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড. বিনোদ চন্দ্ৰ বড়াৰ পৰিচালনাত প্ৰায় কুৰিগৰাকী দক্ষ শিল্পীৰ সমাবেশত সুধাকণ্ঠ ড. ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে শিল্পীগৰাকীৰ জীৱন, কৰ্ম, ঢিন্তা, আদৰ্শ সামৰি এখনি আকৰ্ষণীয় সংগীতালেখ্য পৰিবেশন কৰে। শান্তনু বৰুৱাৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰি ড. বিনোদ চন্দ্ৰ বড়াই কৰাৰ পিছতে সন্মানীয় অতিথি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকদ্বয় ড. পৰমানন্দ মহন্ত আৰু ড. গোপাল হাজৰিকাক আলোকসন্ধানীৰ কৰ্মকৰ্তাসকলে অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা যাচি সেৱা জনায়। ড. পৰমানন্দ মহন্তই এক নাতিদীৰ্ঘ সুখশ্ৰুত বক্তব্যৰে উদ্বোধন কৰা কাৰ্য্যসূচীৰ সামৰণিত ড. গোপাল হাজৰিকাই সংগীতালেখ্যখনিৰ সম্পৰ্কে চমু বক্তব্য আগবঢ়ায়। গ্ৰন্থমেলাৰ চতুৰ্থ দিৱস ১ অক্টোবৰ তাৰিখে “অৰবিন্দ দিহিঙীয়া আৰু খগেন সোণোৱাল সোঁৱৰণী মঞ্চ”ত ” শিশুৰ স’তে শৰতৰ এবেলা” শীৰ্ষক কাৰ্য্যসূচীৰ পাতনিতে গণশিল্পী অৰবিন্দ দিহিঙীয়া আৰু সমাজপ্ৰাণ খগেন সোণোৱালৰ প্ৰতিচ্ছবিৰ সমুখত যথাক্ৰমে খোৱাং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিভাগীয় প্ৰধান প্ৰতীম শৰ্মা আৰু খগেন সোণোৱালৰ জ্যেষ্ঠ পুত্ৰ ইন্দ্ৰজিৎ সোণোৱালে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। আলোকসন্ধানীৰ সদস্যা দীপশিখা সোণোৱাল, ফুলনজ্যোতি সোণোৱাল, মৌচুমী সোণোৱাল আৰু মূৰ্ছনা সোণোৱালে সূত্ৰধাৰৰূপে সেৱা আগবঢ়োৱা এই কাৰ্য্যসূচীত প্ৰায় কুৰিগৰাকী শিশু কিশোৰে অংশ গ্ৰহণ কৰি বিভিন্ন গীত, মাত পৰিবেশন কৰি শ্ৰোতা দৰ্শকক আপ্লুত কৰে।
গ্ৰন্থমেলাৰ চাৰিওটা দিনৰ কাৰ্য্যসূচীৰ অন্তত সন্ধ্যা ৫(পাঁচ) বজাত আলোকসন্ধানীৰ শিল্পীবৃন্দই বন্তি প্ৰজ্বলন কৰি সান্ধ্য প্ৰাৰ্থনা পৰিবেশনেৰে গ্ৰন্থমেলাথলীত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশ সৃষ্টি কৰে।
৮০ হাজাৰৰো অধিক টকা মূল্যৰ গ্ৰন্থ বিক্ৰী হোৱা এই গ্ৰন্থমেলাৰ অন্তত ২অক্টোবৰ তাৰিখে হোৱা মুকলি আলাপত আলোকসন্ধানীৰ কেইবাগৰাকী সদস্য সদস্যা আৰু গ্ৰন্থ বিপণিৰ প্ৰতিনিধি প্ৰাণজিৎ গগৈ আৰু ঋতুপৰ্ণ হাতীবৰুৱাই নিজা অভিমত ব্যক্ত কৰে।২(দুই) অক্টোবৰ তাৰিখে পূৰ্ব্বাহ্ন ১০(দহ) বজাত অক্ষয় বন্তি প্ৰজ্বলক পুনেশ্বৰ শইকীয়াই অক্ষয় বন্তিগছি স্থানান্তৰ কৰাৰ পিছতে পতাকা উত্তোলক ৰুনজুন শইকীয়াই পতাকা অবনমন কৰাৰ পিছতে গ্ৰন্থমেলাৰ সামৰণি ঘোষণা কৰা হয়।