...

ডিব্ৰুগড়ত সুৰভি মইনা পাৰিজাতৰ ৰূপালী জয়ন্তীত ন-খন মইনা পাৰিজাতৰ অংশগ্ৰহণ

Spread the love

 

ডিব্ৰুগড়ত সুৰভি মইনা পাৰিজাতৰ ৰূপালী জয়ন্তীত ন-খন মইনা পাৰিজাতৰ অংশগ্ৰহণ

 

*চাইন অন ডেস্ক:*

ডিব্ৰুগড়ৰ বৈৰামঠস্হিত নিজ কদমণিত সুৰভি মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী সমাৰোহ দুদিনীয়া কাৰ্য্যসূচীৰে অনুস্হিত হৈ যায় । এই উদ্দেশ্যে পৰহি সমাপ্ত হোৱা অনুষ্ঠানত নামৰূপৰ লেখিকা অনিতা গগৈয়ে লিখা আৰু অনাতাঁৰ শিল্পী তথা প্ৰযোজক কুলেন বুঢ়াগোহাঁইয়ে সুৰ কৰা “কন কন মইনা আমি, ধুন ধুন পুতলা আমি গীতটি উন্মোচন কৰে কুলেন বুঢ়াগোহাঁইয়ে । আঞ্চলিক ভিত্তিত চমু নাট প্ৰতিযোগিতাত ৯ খন মইনা পাৰিজাতে অংশগ্ৰহণ কৰে ।নাট প্ৰতিযোগিতা উদ্বোধন কৰে সুৰভি মইনা পাৰিজাতৰ মইনা গুষ্টিনা গোহাঁইয়ে । ডিব্ৰুগড়ৰ পল্টনবজাৰস্হিত জ‍্যোতি মইনা পাৰিজাতে শ্রেষ্ঠ নাট‍্যদলৰ সন্মান অৰ্জন কৰে।পিছদিনাখনৰ পতাকা উত্তোলন কৰে সুৰভি মইনা পাৰিজাতৰ মইনা দিব‍্যাংশু গগৈয়ে ।স্মৃতি তৰ্পন কৰে সমাৰোহ উদযাপন সমিতিৰ সভাপতি ভাষ্কৰজ‍্যোতি শইকীয়াই। পুৱা ৯.৩০ বজাত আকৰ্ষনীয় আঞ্চলিক ভিত্তিত অনুস্হিত হোৱা সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা উদ্বোধন কৰে স্হানীয় বয়োজ‍্যেষ্ঠ মহিলা মীৰা চেতিয়াই আৰু সহযোগ কৰে সুৰভি মইনা পাৰিজাতৰ মইনা অনন্দিতা বৰদলৈয়ে ।হাতী , গায়ন বায়ন ,দিহানামৰ দলেৰে আৰম্ভ হোৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলো শাখা মইনা পাৰিজাতে অসমৰ কলা কৃষ্টি সংস্কৃতিৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে ।নালিয়াপুলস্হিত মিলিজুলি মইনা পাৰিজাতে জাতীয় পক্ষী জাতীয় ফল আদি শোভাযাত্ৰাত উপস্হাপন কৰি প্ৰথম স্হান পাবলৈ সক্ষম হয়। ইয়াৰ পাচতেই আঞ্চলিক ভিত্তিত অনুস্হিত হোৱা প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত ট্ৰাইব্ৰেকাৰ পদ্ধতিৰে মিলিজুলি মইনা পাৰিজাতৰ দলটি বিজয়ী দল ঘোষণা কৰা হয় ।জ‍্যোতি মইনা পাৰিজাতে দ্বিতীয় স্হান অধিকাৰ কৰে । জ‍্যোতি মইনা পাৰিজাতৰ মইনা অনন‍্যা বৰুৱাৰ সভাপতিত্বত মুকলি সভা অনুস্হিত হয় ।সভাত ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্হ “থুপিতৰা” উন্মোচন কৰে মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ড০ অনুপজ‍্যোতি ভৰালীয়ে ।সভাত উপস্হিত হোৱা বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভুঞাই মইনা সকলক উদ্দ‍্যেশি শুভচ্ছা মূলক ভাষণ আগবঢ়ায় ।মুকলি সভাত সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সাধাৰণ সম্পাদক সৌৰভ গোস্বামী, কাৰ্যনিবাহক সদস‍্য হৰিপ্ৰসাদ দত্ত ,হৰেন ডেকা জিলা সম্পাদক মামনি শৰ্মা, আঞ্চলিকৰ সভাপতি হিৰন‍্য সেনাপতি আদি বিশিষ্ট ব্যক্তিসকল উপস্হিত থাকি বক্তব‍্য আগবঢ়ায় । সন্ধিয়া ৭.৩০ বজাত সুৰভি মইনা পাৰিজাতৰ মইনা সকলে এখনি মহাপুৰুষীয়া ভাওনা ডিব্ৰুগড় শংকৰী কলা কৃষ্টিৰ সাধক প্ৰশান্ত কাকতিৰ পৰিচালনাত “ ৰামকৃষ্ণৰ শিশুলীলা প্ৰলম্বাসুৰ বধ “ প্ৰদৰ্শন কৰি দৰ্শকৰ ভূয়সী প্ৰসংশা লভিবলৈ সক্ষম হয় ।সুৰভি মইনা পাৰিজাতৰ সভাপতি নিৰু চেতিয়া আৰু সম্পাদক মধুমিতা দত্তই সমাৰোহখনি অনুস্হিত কৰিবলৈ নিজ কদমনি যুৱ সংঘই স্হান দি সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে যিসকলে আৰ্থিক ,কায়িক ভাৱে সহায়- সহযোগিতা আগবঢ়ালে তেখেত সকললৈ আন্তৰিক ধন‍্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *