বিগত ৫ বছৰত অসমত কেৱল এজন মানুহৰ পৰিয়ালেই ‘মালামাল’ হৈছে, গুৱাহাটীত সংবাদমেলত ক’লে সুপ্ৰিয়া শ্ৰীনেটে
৫ বছৰত কেনেকৈ সম্পত্তি ৬০০-৭০০ শতাংশ বৃদ্ধি হৈ ‘মালামাল’ হ’ব পাৰি এই আঁচনি অসমৰ জনতাক অৱগত কৰকঃ শ্ৰীনেট
মুখ্যমন্ত্ৰীৰ সোপাঢিলা নীতিৰ বাবেই আদালতে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ বেংক একাউণ্ট খোলাৰ নিৰ্দেশ দিছেঃ শ্ৰীনেট
কংগ্ৰেছে কেৱল প্ৰতিশ্ৰুতিয়েই নিদিয়ে, অসমৰ ৰাইজক যি ৫টা গেৰাণ্টী দিছে সেয়া আখৰে আখৰে পালন কৰিব কংগ্ৰেছেঃ শ্ৰীনেট
গুৱাহাটী:
বিগত ৫ বছৰত অসমত কেৱল এজন মানুহৰ পৰিয়ালে ‘মালামাল’ হৈছে৷ ৫ বছৰত কেনেকৈ সম্পত্তি ৬০০-৭০০ শতাংশ বৃদ্ধি হৈ ‘মালামাল’ হ’ব পাৰি এই আঁচনি অসমৰ জনতাক অৱগত কৰক৷ ইমানে সোনকালে টকা কেনেকৈ ঘটিব পাৰি এই কথা অসমৰ যুৱ প্ৰজন্ম, মহিলা, গৃহিনীক অৱগত কৰক৷ উপাৰ্জন কেনেকৈ ৬৫০ শতাংশ বৃদ্ধি কৰিব পাৰি সেই ফৰ্মূলা অসমৰ জনতাক অৱগত কৰক৷ মই আজি যি তথ্য ৰাজহুৱা কৰিব খুজিছো এই তথ্য মুখ্যমন্ত্ৰীয়ে তেওঁৰ আৰু তেওঁৰ পত্নীৰ হৈ মনোনয়নৰ সৈতে এফিডেফিট কৰি দাখিল কৰিছে৷ এই তথ্য সত্য নহয় বুলি নাকচ কৰিব নোৱাৰে৷— গুৱাহাটীত আয়োজিত এক সংবাদমেলত আজি এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম আৰু তথ্য-প্ৰযুক্তি বিভাগৰ অধ্যক্ষ সুপ্ৰিয়া শ্ৰীনেটে। সংবাদমেলত 

২০১৬ চনত মুখ্যমন্ত্ৰীৰ স্থাৱৰ সম্পত্তি আছিল চাৰে তিনিকোটি৷ ২০২৬ চনত স্থাৱৰ সম্পত্তি ২০ কোটি টকালৈ বৃদ্ধি হৈছে৷ মুখ্যমন্ত্ৰীয়ে উপাৰ্জন হ্ৰাস হোৱা বুলি দেখুৱাইছে৷ কিন্তু সম্পত্তি কেনেকৈ বৃদ্ধি হৈ আছে বুলিও তেওঁ প্ৰশ্ন কৰে। অসমৰ যুৱ প্ৰজন্মক এই ফৰ্মূলা অৱগত কৰিবলৈ আহ্বান জনাই শ্ৰীনেটে কয়, ”অসমৰ যুৱকে অসম এৰি কৰ্ণাটক, কেৰালা, ৰাজস্থান, দিল্লী, মুম্বাইলৈ গৈছে৷ মুখ্যমন্ত্ৰীয়ে এই যুৱকসকলক উপাৰ্জন বৃদ্ধি কৰাৰ ফৰ্মূলাটো জনাই দিয়ক৷ মুখ্যমন্ত্ৰী যদি ভাল মুখ্যমন্ত্ৰী হ’ব পৰা নাই তেন্তে ‘ইনভেষ্টমেণ্ট’ গুৰু হৈ যাওক৷ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বিত্তীয় আঁচনি খুব সুন্দৰ৷ এয়া কেৱল নিৰ্বাচন আয়োগক দাখিল কৰা তথ্যহে৷ বাকী অবৈধ সম্পত্তিৰ কথা কোৱাই নাই৷ মুখ্যমন্ত্ৰীৰ স্থাৱৰ সম্পত্তি কেৱল বৃদ্ধি হৈ গৈ আছে৷ এতিয়া প্ৰশ্ন হৈছে অসমৰ ৰিয়েলষ্টেট বিজনেছ ৩৫ শতাংশ বৃদ্ধি পাইছেনে? অসমত ৰিয়েলষ্টেট ব্যৱসায় ৩৫০ শতাংশ বৃদ্ধি পাবলৈ হ’লে প্ৰতিবছৰে ৩৫ শতাংশ বৃদ্ধি পাব লাগে৷ সৰু মাটিৰ টুকুৰা এটা, বিনিয়োগ আদিত ৩৫০ শতাংশ বৃদ্ধি পাইছেনে? সাধাৰণ লোকৰ ৩ কোটি টকাৰ সম্পত্তি ২০ কোটি টকালৈ বৃদ্ধি পাইছে নে? মুখ্যমন্ত্ৰীৰ কি ধৰণৰ সম্পত্তি বৃদ্ধি পাইছে সেই কথা অসমৰ জনতাক অৱগত কৰিব লাগে৷ এনেদৰে সম্পত্তি বৃদ্ধিৰ মন্ত্ৰটো মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক জানিবলৈ দিয়ক৷ আজি মই যদি কিবা ক্ৰয় কৰিবলৈ যাও তেন্তে উপাৰ্জনৰ মাধ্যম দেখুৱাব লাগে৷ শ্ৰীনেটে কয়, ”মই দুখেৰে জনাও যে প্ৰয়াত তৰুণ গগৈ অসমৰ ১৫ বছৰ মুখ্যমন্ত্ৰীৰ পদত থকাৰ পিছতো তেওঁৰ সম্পত্তি ৫ লাখ আৰু পত্নীৰ ১৩ হাজাৰ টকা আছিল৷ গৌৰৱ গগৈৰ ২০১৩-১৪ চনত ১৩ৰ পৰা ১৪ লাখ টকাৰ সম্পত্তি আছিল আৰু পত্নীৰ ৪০ৰ পৰা ৪৫ লাখ টকা৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ‘মালামাল’ হৈছে৷ ৬৫০ শতাংশ সম্পত্তি বৃদ্ধি পাইছে৷ এটা সময়ত যাৰ হাতত ডেৰ কোটি টকা আছিল আজি ১৪ কোটিলৈ বৃদ্ধি পালে৷ শাসনত থকাৰ সময়ত এনেদৰে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি পালে কেনেকৈ? মুখ্যমন্ত্ৰীয়ে চিণ্ডিকেট চলোৱাৰ অভিযোগ উঠি আহিছে৷ কিছুদিন পিছতে চিণ্ডিকেটৰ তথ্য আমি ৰাজহুৱা কৰিম৷ চাহ, কয়লা, ধপাত, চুপাৰি, পাণ সকলোৰে পৰা চিণ্ডিকেটযোগে ধন সংগ্ৰহ কৰি থকা হৈছে৷ অবৈধ টেক্স সংগ্ৰহ কৰি থকা হৈছে আৰু মুখ্যমন্ত্ৰীৰ পকেটলৈ আহি আছে৷ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি এনেদৰেই বৃদ্ধি হৈছে নেকি বুলিও শ্ৰীনেটে কয়।
তেওঁ কয় যে অসমৰ নিবনুৱাৰ অৱস্থা ভয়াৱহ৷ আজি অসমত ২৫ শতাংশ নিবনুৱা৷ অসমত আজি এটা ডাঙৰ উদ্যোগ নাই৷ ৩১ লাখ নিবনুৱাই নিয়োগ কেন্দ্ৰত নাম পঞ্জীয়ন কৰিছে৷ মুখ্যমন্ত্ৰীৰ ৬৫০ শতাংশ মুঠ সম্পত্তি বৃদ্ধি পাইছে৷ যুৱকসকলক ৰহস্যটো কওক কেনেদৰে সম্পত্তি বৃদ্ধি কৰিব পাৰিব৷ কংগ্ৰেছ চৰকাৰৰ দিনত অসম দ্ৰুত উন্নয়নৰ অৰ্থনীতি আছিল৷ আজি নীতি আয়োগৰ মতে, ২৮ খন ৰাজ্যৰ ভিতৰত অসম ১৩ নম্বৰলৈ অৱনমিত হ’ল৷ অসম চৰকাৰে ২ লাখ কোটি ঋণ লৈছে৷ যদি মুখ্যমন্ত্ৰীৰ একো কৰিবলৈ ইচ্ছা নাই, তেন্তে মানুহক ঋণমুক্ত কৰি দিয়ক৷ আজি জন্ম পোৱা নৱজাত শিশুৰ পৰা ৮০ বছৰীয়া বৃদ্ধলৈ প্ৰতিজনৰ মূৰত ৫৪ হাজাৰ টকাৰ ঋণ আছে৷ আনহাতে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়াল ‘মালামাল’ হৈ গৈ আছে৷ পেৰা ভৰি গৈছে আৰু সকলো ব্যৱসায়ত আধিপত্য বিস্তাৰ কৰিছে৷ স্কুল, মেকডনাল্ড, ৰিজৰ্ট যি হ’ব লাগে হিমন্ত বিশ্ব শৰ্মাৰে হ’ব৷ অসমত যিটো ক্ষেত্ৰত উন্নয়ন হৈছে সেইটো ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানী আছে৷ আজি ৮ হাজাৰ স্কুল বন্ধ কৰি দিয়া হৈছে৷ বিজেপিৰ ১০ বছৰীয়া শাসনকালত এনে কি হ’ল যে মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী পৰিয়াল আৰু ঘনিষ্ঠ চিণ্ডিকেট কাণ্ডাৰীসকল ‘মালামাল’ হ’ল কিন্তু অসমৰ জনতা কঙাল হ’ল৷
উপস্থিত সাংবাদিসকলক প্ৰশ্ন কৰি শ্ৰীনেটে কয় যে আপোনালোকে কওকচোন আপোনালোকৰ ভিতৰত কাৰ সম্পত্তি ৬৫০ শতাংশ বৃদ্ধি পাইছে৷ যদি কাৰোবাৰ বৃদ্ধি হৈছে তেন্তে আমাক জনাওক৷ কিন্তু মই দাবী কৰি ক’ব পাৰো যে কোনো লোকৰ ৬৫০ শতাংশ সম্পত্তি বৃদ্ধি পোৱা নাই৷ উপাৰ্জন, সম্পত্তি কেৱল এটা পৰিয়ালৰে বৃদ্ধি পাইছে৷ সংবাদমেলত শ্ৰীনেটে কংগ্ৰেছ দলৰ ৫টা গেৰাণ্টীৰ কথাও সদৰী কৰে। তেওঁ কয়, ”আজি মই এই সংবাদমেলৰ পৰা জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ মই আজি গৰ্বিত যে মোৰ দলে পাঁচ গেৰাণ্টীত জুবিন গাৰ্গৰ ন্যায় বিষয়টোক স্থান দিছে৷ অসমৰ শক্তিশালী কণ্ঠ, অসমৰ আত্মাস্বৰূপ জুবিনদাৰ ন্যায় বিষয়টোক আমাৰ দলে পাঁচ গেৰাণ্টীত স্থান দিছে৷ জুবিনদাই ১০০ দিনত ন্যায় পাব আৰু সত্য উজাগৰ হ’ব৷ মই দলৰ সিদ্ধান্তক লৈ গৰ্বিত৷ আহি থকা দিনত আমাৰ চৰকাৰ গঠন হ’ব তেতিয়া জুবিনদাৰ ঐতিহ্য ৰক্ষা হ’ব৷’’
জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় দিব বুলি কংগ্ৰেছে গেৰাণ্টী দিয়াক লৈ কংগ্ৰেছ ন্যায়ালয় নহয় বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত শ্ৰীনেটে কয়, ”জুবিন গাৰ্গৰ নশ্বৰদেহ উভতাই অনাৰ সময়ত সমগ্ৰ অসম ৰাজপথলৈ ওলাই আহিছিল৷ সেই দৃশ্য প্ৰত্যক্ষ কৰি মই আৱেগিক হৈছিলো৷ সমগ্ৰ অসমে কান্দিছিল আৰু শ্ৰদ্ধাঞ্জলি দিছিল৷ মুখ্যমন্ত্ৰীয়ে নশ্বৰদেহৰ প্ৰতি জনোৱা সন্মানৰ দৃশ্য মই দেখিছো৷ যদি জুবিনদাক ন্যায়ে দিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰী তালৈ কিয় গৈছিল৷ ন্যায় দিব নোৱাৰিলে তালৈ যাব নালাগিছিল৷ মুখ্যমন্ত্ৰীয়ে সমাধিক্ষেত্ৰ স্থাপন কৰিব পাৰিলে নে ন্যায় দিব পাৰিলে? মুখ্য অভিযুক্তজনৰ বেংক একাউণ্ট খুলি দিয়া হ’ল৷ কংগ্ৰেছ আদালত নহয়, কিন্তু কংগ্ৰেছে যি কয় তাকেই কৰে৷ আমি গোচৰৰ ক্ষেত্ৰত কঠোৰ স্থিতিৰে আগবাঢ়িম৷ মুখ্যমন্ত্ৰীৰ দৰে কেৱল নিৰ্বাচন আহিলে মানুহক জেললৈ প্ৰেৰণ কৰাৰ নাটক নকৰো, ফাষ্টট্ৰেক আদালত গঠন কৰাৰ নাটক ৰচনা নকৰো৷ জুবিনদা অসমীয়া মানুহৰ কণ্ঠ আৰু সাহস আছিল৷ মানৱতা আৰু একতাৰ প্ৰতীক আছিল৷ এইখন চৰকাৰক বাহিৰত দলিয়াই পেলাই দিয়াৰ কথা কৈছিল৷ সমাজক ভাগ ভাগ কৰা লোকৰ শাসনত থকাৰ অধিকাৰ নাই বুলি কৈছিল জুবিনদাই৷ ‘কা’ আন্দোলনৰ সময়ত অসমৰ জনতাৰ সৈতে থিয় দিছিল৷ চৰকাৰ আৰু বিজেপিৰ বিৰোধ কৰিছিল৷ সেইকাৰণে জুবিনদাই ন্যায় লাভ কৰিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে যদি বিচাৰিলেহেঁতেন তেন্তে ন্যায় লাভ কৰিলেহঁতেন৷ মই আমাৰ দলে লোৱা সিদ্ধান্তত গৰ্বিত৷ মহিলাৰ একাউণ্টত ধন দিয়া হ’ব৷ মহিলাক ৫০ হাজাৰ টকাৰ ঋণ ব্যৱসায় আৰম্ভ কৰিবলৈ দিয়া হ’ব৷ বয়োজ্যেষ্ঠসকলৰ পেন্সন বৃদ্ধি কৰাৰ লগতে ইয়াক লৈ এটা সুকীয়া মন্ত্ৰালয় খোলা হ’ব৷’’
কংগ্ৰেছে ছ’চিয়েল মিডিয়াত বিজেপিৰ দৰে আগ্ৰাসী প্ৰচাৰ চলাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীনেটে কয়, ”ভাৰতীয় জনতাৰ পাৰ্টীৰ মুখ্যমন্ত্ৰীয়ে হাতত বন্দুক লৈ এটা সম্প্ৰদায়ক গুলীয়ায়৷ সেই দৃশ্য বিজেপিয়ে প্ৰচাৰ কৰে৷ তাক বিজেপিৰ আগ্ৰাসী প্ৰচাৰ বুলি নকয়৷ বিজেপিয়ে প্ৰচাৰ কৰিবলৈ হ’লে তেওঁলোকে অসমৰ কিমান উন্নয়ন কৰিলে, সংস্থাপন কিমান দিলে, নতুন চাকৰি কিমান সৃষ্টি কৰিলে এইবোৰ ক’ব লাগিব। আজি ৰাজ্যখনৰ ৮ হাজাৰ স্কুল বন্ধ কৰা হৈছে৷ এয়া হৈছে বাস্তৱতা৷ সামাজিক মাধ্যম হৈছে মানুহক সংযোগ কৰাৰ এক সুন্দৰ মাধ্যম৷ পোনে পোনে সকলোকে সকলো কথা জনাই থাকিব পাৰি৷ মিডিয়া আৰু ছ’চিয়েল মিডিয়াৰ মাজত এয়াই পাৰ্থক্য৷ ছ’চিয়েল মিডিয়াযোগে আমি পোনে পোনে মানুহৰ সৈতে সংযোগ কৰিব পাৰো৷ এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে কেনেকৈ হাতত বন্দুক লৈ মানুহক হত্যা কৰিব পাৰে? গণতান্ত্ৰিকভাবে নিৰ্বাচিত এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ সংবিধানক উলংঘা কৰিব পাৰে৷ আমি সমাজিক মাধ্যমত আমাৰ দলৰ আদৰ্শ প্ৰচাৰ কৰো৷ সত্যৰ বিৰুদ্ধে গৈ কম্প্ৰমাইজ কৰিব নালাগে৷ আমি ফেক নিউজ প্ৰচাৰ নকৰো৷ বিজেপিয়ে অৱধাৰিত বাবে ফেক নিউজ, মিছা কথা প্ৰচাৰ কৰে৷ আমি মানুহৰ সমস্যাৰ কথা প্ৰচাৰ কৰো৷ মৰ্যাদাসহকাৰে মানুহৰ সমস্যাৰ কথা কও৷ কিন্তু লেতেৰা আৰু ঘৃণনীয় প্ৰচাৰ নকৰো৷’’
কংগ্ৰেছ কেৱল এটা সম্প্ৰদায়ৰ দল বুলি বিজেপিয়ে কৰি অহা দাবী সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত শ্ৰীনেটে কয় যে বিজেপিয়ে অসমত কি কৰি আছে তাৰ উত্তৰ মই দিব খোজা নাই৷ বিজেপিয়ে আমাক এটা সম্প্ৰদায়ৰ বুলি কয় নে দহটা সম্প্ৰদায়ৰ দল বুলি কয় সেইটো বেলেগ কথা৷ কিন্তু আমি জানো যে আজি ডাবোল ইঞ্জিনৰ চৰকাৰৰ দিনত মানুহে ৰন্ধন গেছৰ বাবে শাৰী পাতি থাকিবলগীয়া হৈছে, বিজেপিৰ সেয়া হৈছে চৰিত্ৰ৷ অসম আজি সকলোতে তালিকাৰ শেষত আছে৷ আমাক বিজেপিৰ পৰা কোনো প্ৰমাণপত্ৰ নালাগে৷ মই গৰ্বৰে আৰু অহংকাৰেৰে সৈতে কও যে বিজেপিৰ পৰা আমাক ৰাষ্ট্ৰীয়তাবাদ আৰু ধৰ্মৰ প্ৰমাণপত্ৰ নালাগে৷ ধৰ্মৰ স্বয়ম্ভু ঠিকাদাৰসকলে ধৰ্মকে প্ৰৱঞ্চনা কৰি আহিছে৷ কংগ্ৰেছ দল প্ৰতিগৰাকী হিন্দুস্তানীৰ দল৷ প্ৰতিগৰাকী অসমীয়াৰ দল৷ সকলো জাতি, সকলো ধৰ্ম, বিভিন্ন ভাষা-ভাষী, উজনি অসম, নামনি অসম সকলোৰে লোকৰ দল কংগ্ৰেছ৷ কংগ্ৰেছে সকলোকে লৈ আগবাঢ়ে বুলিও কয় শ্ৰীনেটে।
উল্লেখ্য যে, আজিৰ এই সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ সমন্বয়ক মহিমা সিং, এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মাও উপস্থিত আছিল।