Skip to content ছানী দেউলৰ জ্বৰ ! শ্ৰীঘেই আত্মপ্ৰকাশ ! হনুমানৰ ৰূপত !
ছানী দেউলৰ এনে নতুন ৰূপ কিয় ? কিয় ছানীয়ে হনুমানৰ বেশ ধৰিব ?
মুম্বাই:
ছানী দেউল ! বলিউডৰ এগৰাকী সুদক্ষ তথা বলিষ্ঠ অভিনেতা।ধীৰ, স্থিৰ, গুৰু-গম্ভীৰ আৰু বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ মনত চিৰকাললৈ এক গভীৰ সাঁচ বহুৱাই দিলে। কিন্তু এইবাৰ এক সুকীয়া অভিনয়ৰে শ্ৰীঘেই আত্মপ্ৰকাশ কৰিব বলিউডৰ অভিনেতা গৰাকীয়ে।
নিতেশ তিৱাৰীৰ আগন্তুক মেগা চলচ্চিত্ৰ “ৰামায়ণ”ত ভগৱান হনুমানৰ চৰিত্ৰত অভিনয় কৰাৰ বিষয়ে মুকলিকৈ ক’লে বলীউডৰ অভিনেতা ছানী দেউলে।ছ’চিয়েল মিডিয়াত নিজৰ মনোভাৱ প্ৰকাশ কৰি ‘গাদ্দাৰ’ অভিনেতাগৰাকীয়ে প্ৰজন্মক গঢ় দিয়া কাহিনীৰ সৈতে জড়িত হোৱাটো এক সন্মান বুলি অভিহিত কৰে।ইনষ্টাগ্ৰামত দেওলে ছবিখনৰ ফাৰ্ষ্ট লুক টিজাৰ শ্বেয়াৰ কৰি লিখিছে এইদৰেই— “প্ৰজন্মক গঢ় দিয়া কাহিনীৰ এক অংশ হ’বলৈ পাই সন্মানিত হৈছো। ৰাম বনাম ৰাৱণৰ অমৰ কাহিনী নমিত মালহোত্ৰাৰ ৰামায়ণৰ জগতখনলৈ আপোনাক সকলোকে স্বাগতম। এই পথত খোজ দিয়াৰ বাবে কৃতজ্ঞ, আৰু আপোনালোক সকলোৰে সৈতে শ্বেয়াৰ কৰিবলৈ পাই আনন্দিত হৈছো।”
বৃহস্পতিবাৰে মেকাৰসকলে তেওঁলোকৰ আগন্তুক ছবি “ৰামায়ণ”ৰ ৰণবীৰ কাপুৰ, ছাই পল্লৱী, আৰু যশৰ ফাৰ্ষ্ট লুক উন্মোচন কৰে।ভিডিঅ’টোৰ আৰম্ভণিতে বিশ্বব্ৰহ্মাণ্ডক শাসন কৰা ঐশ্বৰিক ত্ৰিত্ব—ব্ৰহ্মা, বিষ্ণু আৰু শিৱ—ৰ শক্তিশালী চিত্ৰণ কৰা হৈছে।তাৰ পিছত মনোমোহা এনিমেচনৰ জৰিয়তে ভিডিঅ’টোৱে মহাকাব্যখনৰ মূল চৰিত্ৰসমূহৰ পৰিচয় দিবলৈ পৰিৱৰ্তন ঘটে। ভগৱান ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ, সীতাৰ চৰিত্ৰত সাই পল্লৱী, আৰু শক্তিশালী ৰাৱণৰ চৰিত্ৰত যশ।
ছবিৰ নিৰ্মাতাসকলে কয়, “দহ বছৰীয়া আকাংক্ষা। বিশ্বলৈ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাকাব্যখন আনিবলৈ অদম্য প্ৰত্যয়। ৰামায়ণক যাতে সৰ্বাধিক শ্ৰদ্ধা আৰু সন্মানেৰে উপস্থাপন কৰা হয় তাৰ বাবে বিশ্বৰ কিছুমান শ্ৰেষ্ঠতম বিভিন্ন কাৰিকৰী সহযোগিতাৰ জৰিয়তে এটা সুন্দৰ ফলাফল দিবলৈও প্ৰয়াস কৰা হৈছে।
‘পঞ্চায়ত’ চৰিত্ৰৰ বিৱৰ্তনৰ বিষয়ে কোৱাৰ সময়ত নিতেশ তিৱাৰীয়ে কয়, “ৰামায়ণ হৈছে আমাৰ সকলোৱে পৰিচিত কাহিনী। ই আমাৰ সংস্কৃতিৰ আত্মাক কঢ়িয়াই লৈ ফুৰে। আমাৰ লক্ষ্য আছিল সেই আত্মাক সন্মান জনোৱা — আৰু ইয়াক সঁচাকৈয়ে প্ৰাপ্য চিনেমাৰ স্কেলৰে উপস্থাপন কৰা। এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে ই এক বিশাল দায়িত্ব আৰু ইয়াক জীৱন্ত কৰি ৰূপত দৰ্শকৰ আগত দাঙি ধৰা।
নাট্য মাধ্যমৰ সৈতে অ’টিটিক তুলনা কৰাৰ ওপৰত ৰোহিত ছাৰাফে: ‘মই ইয়াক এটা বনাম আনটো হিচাপে দেখা নাই’ “নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ৰামায়ণ,” ডিএনইজিৰ সহযোগত—আঠবাৰৰ অস্কাৰ বিজয়ী ভিএফএক্স ষ্টুডিঅ’—আৰু যশৰ মনষ্টাৰ মাইণ্ড ক্ৰিয়েচনৰ সহযোগত প্ৰযোজনা কৰিছে।বিশ্বব্যাপী মুক্তি পাবলগীয়া ছবিখনৰ প্ৰথম খণ্ড ২০২৬ চনৰ দীপাৱলীত আৰু দ্বিতীয় খণ্ড ২০২৭ চনৰ দীপাৱলীত দৰ্শকৰ বাবে উপলব্ধ হ’ব।