...

অৱসৰ ল’লে সুনীতা উইলিয়ামছে

Spread the love

অৱসৰ ল’লে সুনীতা উইলিয়ামছে

 

২৭ বছৰীয়া কৰ্মজীৱনত ৬০৮ দিন মহাকাশত ভাৰতীয় বংশোদ্ভৱ গৰাকীৰ

*চাইন অন ডেস্ক:*

অৱসৰ গ্ৰহণ কৰিলে নাছাৰ ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী সুনীতা উইলিয়ামছে। ২৭ বছৰীয়া কর্মজীৱনৰ ওৰ পেলাই যোৱা ২৭ ডিচেম্বৰত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে ৬০ বছৰীয়া মার্কিন মহাকাশচাৰীগৰাকীয়ে। মঙলবাৰে এক বিবৃতিযোগে এই কথা প্রকাশ কৰিছে মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই। উল্লেখ্য যে সুনীতা উইলিয়ামছে প্রথম মহাকাশ যাত্রা কৰিছিল ২০০৬ বৰ্ষৰ ডিচেম্বৰত। ডিস্ক’ভাৰী ছাটালত তেওঁ প্ৰথমবাৰৰ বাবে মহাকাশলৈ উৰা মাৰিছিল। নাছাৰ এক্সপিডিচন ১৪/১৫ৰ ফ্লাইট ইঞ্জিনীয়াৰ হিচাপেও দায়িত্ব পালন কৰে সুনীতাই। কেৱল সেয়াই নহয়, সমগ্ৰ অভিযানটোৰ সময়ছোৱাত ৪টাকৈ স্পেচৱাক কৰি বিশ্ব অভিলেখ গঢ়িবলৈও সক্ষম হয় তেওঁ। ২০১২ বৰ্ষত দ্বিতীয়বাৰ মহাকাশলৈ যায় সুনীতা। ১২৭ দিনৰ এই মহাকাশ অভিযানত মহাকাশ ষ্টেচন কমাণ্ডাৰৰ দায়িত্ব পালন কৰে ভাৰতীয় বংশোদ্ভব মহাকাশচাৰীগৰাকীয়ে। ২০২৪ বৰ্ষত তেওঁৰ তৃতীয় আৰু অন্তিমটো অভিযান আছিল ব’য়িং ষ্টাৰলাইনাৰত আৰোহণ কৰি মহাকাশ ষ্টেচনলৈ যোৱা। সংগী আছিল আৰু এগৰাকী মার্কিন মহাকাশচাৰী বুছ উইলমোৰ। এইবাৰ মাত্র ১০ দিনৰ অভিযানত গৈয়ে যান্ত্রিক ত্রুটিৰ বাবে প্রায় ১০ মাহ মহাকাশত আৱদ্ধ হৈ থাকিবলগীয়া হয় তেওঁলোক। অৱশেষত ২০২৫ বৰ্ষৰ মাৰ্চ মাহত ২৮৬ দিনৰ পিছত পৃথিৱীলৈ উভতি আহে দুয়োগৰাকী মহাকাশচাৰী। দীর্ঘ কর্মজীৱনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত (আইএছএছ) তিনিটা অভিযান সম্পন্ন কৰে সুনীতাই। নাছাৰ প্ৰশাসক জাৰেদ আইজেকমানৰ মন্তব্য- ‘মানৱবাহী মহাকাশ অভিযানত সুনীতা উইলিয়ামছ এগৰাকী অন্যতম পথিকৃত। মহাকাশ ষ্টেচনত সুদক্ষ নেতৃত্ব দিয়াৰ লগতে পৃথিৱীৰ নিম্ন কক্ষপক্ষত বাণিজ্যিক অভিযানৰ পথো প্রশস্ত কৰে তেওঁ। বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিত সুনীতাৰ অৱদান দৃষ্টান্তমূলক, যিয়ে ভবিষ্যৎ প্রজন্মক ডাঙৰ সপোন দেখাত আৰু অসম্ভৱৰ সীমা অতিক্ৰম কৰাত অনুপ্রাণিত কৰিব। নাছা তথা সমগ্র জাতিৰ প্ৰতি একনিষ্ঠ সেৱাৰ বাবে আপোনাক ধন্যবাদ।’

Leave a Reply

Your email address will not be published. Required fields are marked *