নদুৱাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুনীল কুমাৰ ছেত্ৰীক আক্ৰমণৰ ঘটনাক গৰিহণা গৌৰৱ গগৈৰ
গুৱাহাটী:
ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী সুনীল কুমাৰ ছেত্ৰীক সমষ্টিটোৰ নমাইলত বৰ্বৰভাবে আক্ৰমণ কৰা ঘটনাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তীব্ৰ ভাষাৰে গৰিহণা দি দুষ্কৃতিকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে৷ বৰ্বৰ
আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ তেজপুৰ মেডিকেল কলেজত ভৰ্তি হোৱা সুনীল কুমাৰ ছেত্ৰীৰ আশু আৰোগ্য কামনা কৰে গৌৰৱ গগৈয়ে৷ বিবৃতি যোগে গৌৰৱ গগৈয়ে কয় যে প্ৰশাসনে শাসকীয় দলৰ হৈ কাম কৰিছে৷ জিলা প্ৰশাসনে শাসকীয় দলৰ নিৰ্দেশ মতে কাম কৰাৰ লগতে বিৰোধী দলৰ নেতা-কৰ্মীক পৰ্যাপ্ত সুৰক্ষা দিব পৰা নাই বুলিও কয় গগৈয়ে। গগৈয়ে আৰু কয় যে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতো প্ৰশাসনে শাসকীয় দলৰ মতে কাম কৰি সংবিধান তথা গণতন্ত্ৰক হত্যা কৰিছে৷ মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো নিৰ্বাচন আয়োগক দাবী জনায় গৌৰৱ গগৈয়ে৷ একেটা বিবৃতিতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই সমগ্ৰ ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি দুষ্কৃতিকাৰীসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। ইফালে, ঘটনাস্থলীত কেবাজনো লোক আহত হোৱাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপা কলিতাও আহত হয় আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হ’বলগীয়া হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এই ঘটনাক গৰিহণা দিয়াৰ লগতে নিৰ্বাচন আয়োগক মুক্ত আৰু নিকা নিৰ্বাচনী পৰিৱেশ গঢ়ি তুলিবলৈ দাবী জনায়।