...

ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত চুমী বৰা ৮ মাহৰ কাৰাবাসৰ অন্তত মুকলি আকাশলৈ

Spread the love

ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত চুমী বৰা ৮ মাহৰ কাৰাবাসৰ অন্তত মুকলি আকাশলৈ

কলা ৰঙৰ টি চাৰ্ট আৰু কলা পেন্টসহ কলা টুপী মুখত কলা মাক্স লগাই কাৰাগাৰৰ বাহিৰলৈ

চুমিৰ চুলিক লৈ ব্যাপক চৰ্চা ! ব্লেক পেন্ঠাৰৰ দৰে আহিল ওলাই !

কলা ৰঙৰ স্ক্ৰপিঅ’ গাড়ীত উঠি চুমি তিনিচুকীয়াৰ দিশে

চাইন অন ডেক্সঃ

প্ৰায় ২ হাজাৰ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত চুমী বৰা ৮ মাহৰ কাৰাবাসৰ অন্তত মুকলি আকাশলৈ ওলাই আহিল।চুমিৰ জামিন লাভ কৰাৰ খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগেই বিয়লিৰে পৰা চুমীৰ আত্মীয়,শুভাকাংক্ষী তথা বহু লোকৰ লগতে সাংবাদিকো ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত ভীৰ কৰা পৰিলক্ষিত হয়।কালি নিশা প্ৰায় ৭ বজাত চুমী এগৰাকী আত্মীয়সহ কলা ৰঙৰ টি চাৰ্ট আৰু কলা পেন্টসহ কলা টুপী মুখত কলা মাক্স লগাই কাৰাগাৰৰ বাহিৰলৈ ওলাই আহে।সাংবাদিকৰ কোনো প্ৰশ্নৰ মুখামুখি নহৈ বিয়লিৰে পৰা অপেক্ষাত থকা এখন কলা ৰঙৰ স্ক্ৰপিঅ’ (এম এল ১০ – ৯৪১২)গাড়ীত উঠি চুমি তিনিচুকীয়াৰ দিশে ধাৱমান হয়।
অনলাইন ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত হৈ বিলাসী জীৱনৰ পৰা কাৰাগাৰৰ অন্ধ কুঠৰিলৈ যোৱা বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ পাছত এইবাৰ চুমি বৰাইয়ো লাভ কৰিলে জামিন।প্ৰায় ২ হাজাৰ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ গোচৰত অভিযুক্ত হৈ বিগত ৮ মাহ ধৰি কাৰাগাৰত বন্দী হৈ থকা চুমি বৰাই শেষৰটো গোচৰৰ কালি উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পাছতে মুকলি আশাৰ তললৈ ওলাই আহে। পৰহি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰীলছ ৰানী তথা ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত চুমি বৰাই বৰবৰুৱা থানাত ৰুজু হৈ থকা অন্তিমটো গোচৰত জামিন লাভ কৰে। বৰবৰুৱা থানাত চুমি বৰাৰ বিৰুদ্ধে ৰুজু হৈ থকা ৮৫/২০২৪ নম্বৰ গোচৰটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে। ইতিপূৰ্বে বিশাল ফুকন, তাৰ্কিক বৰা আৰু চুমি বৰাই ডিব্ৰুগড় সদৰ থানাৰ ৩৫২/২০২৪ আৰু ১৯৮/২০২৪ নম্বৰৰ গোচৰ দুটাত জামিন লাভ কৰিছে। ইফালে এই তিনিটা গোচৰত জামিন লাভ কৰি যোৱা ৩ মে’ত মুকলি আকাশৰ তললৈ ওলাই আহিছিল চুমিৰ পাতি লোৱা ভায়েক বিশাল ফুকন। এইগৰাকী চুমিক স্বামী তাৰ্কিক বৰাৰ সৈতে অতি নাটকীয়ভাৱে যোৱা ১২ ছেপ্তেম্বৰত আৰক্ষীক ধৰা দিছিল। সেইদিনাই দুয়োটাক আদালতত হাজিৰ কৰোৱাৰ পাছত আৰক্ষীয়ে দীঘলীয়া সময়ৰ বাবে নিজৰ জিন্মাত লৈ তদন্ত কৰাৰ পাছত ২৬ ছেপ্তেম্বৰত কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল তাৰ্কিক বৰা আৰু চুমি বৰাক। অৱশেষত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে চুমি বৰাক জামিন প্ৰদান কৰা পাছত আজি মুকলি আকাশৰ তললৈ ওলাই আহে।
উল্লেখ্য যে, ২০২৪ চনৰ ২ ছেপ্তেম্বৰৰ নিশা বিশাল ফুকনৰ গান্ধীনগৰস্থিত এপাৰ্টমেন্টৰ ৫০৩ নম্বৰ কোঠাত অভিযান চলাই ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰাৰ পাছত বিভিন্ন বিষয় পোহৰলৈ আহিছিল ৷ এই সময়ছোৱাত আৰক্ষীয়ে এপাৰ্টমেন্টটোৰ পৰা আৰবীয় মুদ্ৰা, কেইবাটাও বেংকৰ একাউন্ট, ৬ টাকৈ আইফোন সহ বহু নথি-পত্ৰ লগতে সোণ-ৰূপ,হীৰা আদি উদ্ধাৰ কৰিছিল৷ এই বিয়াগোম কেলেংকাৰীত জড়িত থকাৰ অভিযোগত পৰৱৰ্তী সময়ত বিশালৰ পাতি লোৱা বায়েক চুমি বৰাৰ লগতে স্বামী তাৰ্কিক বৰাসহ বহুকেইজনক গ্ৰেপ্তাৰ কৰিছিল৷ আনহাতে জয়পুৰত বিশালে পাতি লোৱা বায়েকৰ ডেষ্টিনেশ্যন ৱেডিঙৰ নামত কিদৰে পানীৰ দৰে টকা উৰুৱাইছিল সেই তথ্য আৰক্ষীৰ তদন্তত ফাদিল হৈছিল৷ পৰৱৰ্তী সময়ত সমগ্ৰ গোচৰটোৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে এছ টি আই টি গঠন কৰি তদন্তৰ দায়িত্ব অৰ্পন কৰে৷ কিন্তু কেলেংকাৰী অধিক জটিল হৈ পৰাত এছ আই টিয়ে চিবিআইক তদন্তৰ সকলো দায়িত্ব হস্তান্তৰ কৰিছিল৷ চিবিআইয়ে চলোৱা এই তদন্তত চুমি-বিশাল আৰু তাৰ্কিক বৰাই ব্যৱহাৰ কৰা ৯ খনৰো অধিক বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *