Skip to content কাঁহৰ কাঁহী-বাতিসহ চুৰি সামগ্ৰী উদ্ধাৰ
সমন্বয় নগৰ নামঘৰৰ চুৰিকাণ্ডত জড়িত দুই চোৰ গ্ৰেপ্তাৰ
চাইন অন ডেস্ক:
পৱিত্ৰ ভাদ মাহৰ মাজতে যোৱা ৯ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ হাতীমূৰা গাঁৱৰ সমন্বয় নগৰ নামঘৰত সংঘটিত হোৱা চুৰিকাণ্ডত জড়িত অভিজিৎ বিশ্বাস আৰু চনু কৰ্মকাৰ নামৰ দুটা চোৰক অৱশেষত আজি মিলন নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, দীর্ঘদিন ধৰি চহৰখনৰ বিভিন্ন স্থানৰ নামঘৰ, মন্দিৰৰ লগতে ব্যক্তিগত বাসগৃহৰ পৰা চোৰ দুটাই চুৰিকাৰ্য সংঘটিত কৰি আহিছিল। অভিজিৎ বিশ্বাস আৰু চনু কৰ্মকাৰ নামৰ এই দুটা গভাইত চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত পুৰণি ৰে’লৱে ষ্টেছনৰ এটা বাসগৃহৰ পৰা আৰক্ষীয়ে ৪৯ খন কাঁহৰ বাটি,৮ টা বান বাটি ,১২ টা পিতলৰ ঘটি, ১৪ খন কাঁহৰ কাঁহী, ২ টা পিতলৰ ৰন্ধা কেৰাহী,৩ খন পিতলৰ হাতাকে ধৰি বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীয়ে চোৰ দুটাক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।