প্ৰতিবাদী জনতাৰ ওচৰত হেও মানিলে আৰক্ষীয়ে
বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক আটক কৰি নিশাই মুকলি
পুৱাই তেওঁক চেপনৰ পৰা আৰক্ষীয়ে আটক কৰিছিল
১২ ঘণ্টীয়া দুলীয়াজান বন্ধৰ সমৰ্থন কৰিবলৈ যোৱাৰ সময়তে আটক
আটকাধীন শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ অনুমতি নাপালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে
চাইন অন ডেস্কঃ
বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক কালি পুৱাই চেপনৰ পৰা আৰক্ষীয়ে আটক কৰে যদিও প্ৰতিবাদী জনতাৰ ওচৰত হেও মানি নিশাই মুকলি কৰি দিয়ে। ১২ ঘণ্টীয়া দুলীয়াজান বন্ধৰ সমৰ্থন কৰিবলৈ যোৱাৰ সময়তে চেপনৰ পৰা শৃংখল চলিহাক আটক কৰিছিল আৰক্ষীয়ে।উল্লেখ্য যে, ২২ মে’ত চলিহাই সামাজিক মাধ্যমযোগে কৰিছিল এটি বিশেষ পোষ্ট। উক্ত পোষ্টটোত তেওঁ উল্লেখ কৰিছিল যে, দুলীয়াজান আৰক্ষীয়ে তেওঁক হোৱাটচ এপৰ জৰিয়তে ভাবুকি প্ৰদান কৰিছে।গ্ৰেপ্তাৰ কৰিলেও আন্দোলন কোনো কাৰণতে স্তব্ধ কৰিব নালাগে বুলিও উল্লেখ কৰিছিল শৃংখলে।সেই অনুসৰিয়েই বীৰ লাচিত সেনাৰ আহ্বানত ১২ ঘণ্টীয়া দুলীয়াজান বন্ধৰ সমৰ্থনত গৈ থকাৰ অৱস্থাতে পুৱা চলিহাক আটক কৰে আৰক্ষীয়ে।আটকাধীন চলিহাক তাৎক্ষণিকভাবে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ অনা হয়।এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, বীৰ লাচিত সেনাক দুলীয়াজান বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ দুলীয়াজান আৰক্ষীৰ তৰফৰ পৰা শৃংখল চলিহালৈ এক জাননী প্ৰেৰণ কৰিছিল।জাননীৰ জৰিয়তে বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰি শান্তি বজাই ৰখাত সহযোগিতা কৰিবলৈ আহ্বান জনাইছিল দুলীয়াজান আৰক্ষীয়ে।অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছিল জাননীখনত।
ইফালে আটকাধীন শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ অনুমতি নাপালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
আজি শিৱসাগৰৰ ডিমৌ আৰু চেপনৰ মাজৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহাক। ইয়াৰ পাছতে শৃংখল চলিহাক ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকলৈ অনা হৈছিল।আজি বিয়লিৰ ভাগত শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। কিন্তু আৰক্ষীয়ে অধীক্ষক কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰাই উভতাই পঠোৱা হয় লুৰিণজ্যোতিক গগৈক। ইফালে আৰক্ষী অধীক্ষকৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে সাক্ষাতৰ অনুমতি লোৱাৰ পাছতে লুৰিণজ্যোতি গগৈক সাক্ষাতৰ অনুমতি নিদিলে ডিব্ৰুগড় আৰক্ষীয়ে। ইয়াৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। লুৰিণজ্যোতি গগৈয়ে কয়, গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক অধিকাৰ মষিমূৰ কৰিবৰ কাৰণে বিজেপি চৰকাৰে আৰম্ভণিৰে পৰা কাম-কাজ কৰি আহিছে। জনগণৰ কন্ঠক মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছোঁ। দুলীয়াজানত সংঘটিত হোৱা এটা ঘটনাক কেন্দ্ৰ কৰি আজি গণতান্ত্ৰিকভাৱে বন্ধৰ কাৰ্যসূচী লোৱা হৈছিল। এই কাৰ্যসূচীত অংশ ল’বলৈ যোৱা বীৰ লাচিত সেনাৰ নেতাসকলক আটক কৰা হৈছে। এই কাৰ্যৰ জৰিয়তে চৰকাৰৰ স্বৈৰতান্ত্ৰিক চৰিত্ৰ উদঙাই দেখোৱাইছে। চৰকাৰৰ অগণতান্ত্ৰিক, ফেচিষ্ট , স্বৈৰতান্ত্ৰিক মানসিকতা বন্ধ হ’ব লাগিব। আনহাতে চৰকাৰৰ অগণতান্ত্ৰিক, ফেচিষ্ট তথা স্বৈৰতান্ত্ৰিক চৰিত্ৰ পৰিহাৰ কৰিবলৈ দাবী জনাই লুৰিণজ্যোতি গগৈয়ে শৃংখল চলিহাৰ লগতে অন্যান্য সকলোকে শীঘ্ৰেই মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
আনহাতে দুলীয়াজানৰ এটা পেট্ৰল ডিপুক কেন্দ্ৰ কৰি পৰৱৰ্তী সময়ত যিখিনি ঘটনা পোহৰলৈ আহিলে এতিয়া অসমৰ সকলো ৰাইজে উপলব্ধি কৰিব পাৰিলে বুলি উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে কয়, মুখ্যমন্ত্ৰীয়ে এইয়া নিজেই ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে। সকলো মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতে হৈছে। এতিয়া জনসাধাৰণৰ আবেগ দেখা পাই মুখ্যমন্ত্ৰীয়ে সুৰ সলাইছে যদিও সকলো স্পষ্ট হৈছে বুলি মন্তব্য কৰে। লুৰিণজ্যোতি গগৈয়ে চৰকাৰ আৰু পুলিচ প্ৰশাসনৰ ভুমিকাক তীব্ৰ ভাষাৰে গৰিহণা দি খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত ৰক্ষা কৰাৰ স্বাৰ্থত পুলিচৰাজ, জংঘলৰাজ কৰিবলৈ দিয়া নহ’ব বুলি সঁকিয়নি প্ৰদান কৰে। লুৰিণজ্যোতি গগৈয়ে লগতে আইনৰ মতে দেশ চলিবলৈ দিয়ক বুলি মন্তব্য কৰে। উল্লেখ্য যে, দুলীয়াজানত বীৰ লাচিত সেনাৰ লগতে ১১ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা ১২ ঘন্টীয়া বন্ধৰ কাৰ্যসূচীক সমৰ্থন জনাবলৈ দুলীয়াজান অভিমুখে গৈ আছিল শৃংখল চলিহা। কিন্তু ডিমৌত আগুচি ধৰি বলপূৰ্বকভাৱে চোচৰাই নি গাড়ীত ভৰাই লৈ যায় শৃংখল চলিহাক। ইফালে দুলীয়াজানলৈ যোৱা কেৱল শৃংখল চলিহাকে নহয় প্ৰায় অৰ্ধশতাধিক বীৰ লাচিত সেনাৰ কৰ্মীক আটক কৰে। অৱশ্যে শৃংখল চলিহাক ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দিনটোৰ বাবে বহুৱাই ৰাখে আৰক্ষীয়ে। আনহাতে শিৱসাগৰৰ পৰা দুলীয়াজানলৈ যোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগতে শৃংখল চলিহাই গ্ৰেপ্তাৰৰ আশংকাৰ কথা উল্লেখ কৰিছিল। শৃংখলে আশংকা প্ৰকাশ কৰা মতেই দুলীয়াজানলৈ যোৱাৰ পথত আটক কৰিছিল আৰক্ষীয়ে।