...

ডিব্ৰুগড় লৰুৱা আঞ্চলিক শাখাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

Spread the love

 

 

 

ডিব্ৰুগড় লৰুৱা আঞ্চলিক শাখাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

 

 

চাইন অন ডেস্ক:

শ্রীমন্ত শংকৰদেৱ সংঘ ডিব্ৰুগড় জিলা শাখাৰ অন্তগত লৰুৱা আঞ্চলিক শাখাৰ উদ্যোগত চেচুঘাট বাঁহবাৰী শংকৰদেৱ প্ৰাথমিক শাখাৰ আতিথ্যত ৫৭৭ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱ কালি অনুষ্ঠিত হৈ যায়। বৃক্ষৰোপন, নাম প্ৰসংগৰ পিছতে কীর্ত্তন-পাঠ আগবঢ়ায়-ডিব্ৰুগড় আঞ্চলিক শাখাৰ সদস্য জিতেন চুতীয়া আৰু জোনাই জিলা শাখাৰ সদস্য ৰঞ্জিত শইকীয়াই।ডিব্ৰুগড় জিলা শাখা সম্পাদক ব্রজানন্দ ভূঞা, মৃলৰ সদস্য বিৰেন নিৰ্মলীয়াসহ বহু কেইগৰাকী জিলা আৰু আঞ্চলিক শাখাৰ ভকত-বৈষ্ণৱ উপস্থিত থকা এই আৱিৰ্ভাৱ মহোৎসৱৰ কাৰ্য সূচীত ধৰ্মধ্বজা উত্তোলনৰ পাছতেই উলিয়াই ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা। লৰুৱা আঞ্চলিকৰ ভকত সকলে ভাগৱত শোভাযাত্ৰা কৰি হৰিনামৰ ধ্বনিৰে মুখৰিত ‘কৰি তোলে সমগ্ৰ অঞ্চল। দুপৰীয়া লৰুৱা আঞ্চলিক শাখাৰ উপ- সভাপতি সুভাষ শইকীয়াৰ বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাখনি উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড় আঞ্চলিক শাখাৰ সদস্য প্ৰশান্ত কাকতিয়ে। লৰুৱা আঞ্চলিক শাখাৰ সম্পাদক,মিনাকান্ত দত্ত আৰু আদৰণী সমিতিৰ সম্পাদক ৰাণা দত্তই আতঁধৰা সভাত ডিব্ৰুগড় জিলা শাখা সভাপতি দিগন্ত গোঁহাই বাপে সভাত মূখ্য অতিথি ৰপে উপস্থিত থাকি ভাষন প্ৰসংগত গুৰু জনাৰ বিশুদ্ধ ধৰ্ম প্ৰৱৰ্তনৰ প্ৰধান লক্ষ্য সভাত ডাঙি ধৰা লগতে যুৱ উশৃংখলতাৰ বতাহজাকৰ বিপৰীতে থাকি শৃংখলাবদ্ধ জীৱন কটাবলৈ সেৱাবাহিনীৰ সেৱক-সেৱিকা সকললৈ পৰামৰ্শ আগবঢ়ায়। সভাৰ আৰম্ভনিতে মাইনি গগৈয়ে বৰগীত পৰিবেশন কৰে আৰু কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *