শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
২১ শতিকাৰ বিশ্ববিদ্যালয়ৰ পৰিবৰ্তিত শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত বক্তৃতা প্ৰদান ডঃ কুলেন্দ্ৰ পাঠকৰ
চাইন অন ডেস্ক:
উত্তৰ পূৰ্বাঞ্চল তথা ৰাজ্যখনৰ একমাত্ৰ ক্ৰীড়া বিশ্ববিদ্যালয় ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগহত এক গাম্ভীৰ্য্যূৰ্ণপূৰ্ণ ভাবে পালন কৰা হয়। অষ্টম সংখ্যক প্ৰতিষ্ঠা পতকা উত্তোলন আৰু শ্বহীদ স্মৰণৰ পাছতে মূল কাৰ্যসূচী আৰম্ভ হয়।অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে একৈশ শতিকাৰ পৰিবৰ্তিত শিক্ষা ব্যবস্থা আৰু বিশ্ববিদ্যালয়ৰ সমূহৰ ভূমিকা শীৰ্ষক প্ৰথমটো বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্য্য তথা বিশিষ্ট সাহিত্যিক, বিজ্ঞান লেখক ড কুলেন্দু পাঠকে। তেখেতে বৰ্তমান সময়ত একোখন
বিশ্ববিদ্যালযে গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যবস্থা লগতে অতি আধুনিক ব্যবস্থা সমূহ কিদৰে প্ৰচলন কৰি ছাত্ৰ ছাত্ৰী সকলৰ লগতে সমাজৰ পৰিবৰ্তন সাধন কৰা লগতে নিজাববীয়াকৈ অৰ্থনৈতিক ভাবে সবল হব পাৰে তাৰ বাবেও নিজাকৈ ব্যবস্থা গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে । অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্য্য অধ্যাপক কন্দৰ্প কুমাৰ ডেকাই নিজৰ ভাষণত একোখন বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ উপৰিও বৰ্তমান আহি পৰা প্ৰত্যাহ্বান সমূহৰ বিষয়ে নিজৰ ভাষণত উল্লেখ কৰে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে আদৰণী ভাষণ প্ৰদান কৰা এই প্ৰতিষ্ঠা দিৱসত বিশ্ববিদ্যালয় খনৰ নৱনিযুক্ত উপাচাৰ্য্য অধ্যাপক হীৰেন্দ্ৰ নাথ শৰ্মাই বিশ্ববিদ্যালয় খনৰ অনাগত দিনৰ আঁচনি,পৰিকল্পনা আৰু অতি সোনকালে স্থায়ী চৌহদকে ধৰি অন্যান্য প্ৰাসঙ্গিক দিশ সমূহৰ ওপৰত বক্তব্য প্ৰদান কৰা লগতে জিলা খনৰ প্ৰতিগৰাকী শিক্ষানুৰাগী তথা শোভাকাংক্ষিৰ সহায় সহযোগিতা কামনা কৰে। উল্লেখ্য যে বিশ্ববিদ্যালয় খনৰ প্ৰতিষ্ঠা আঠটা বছৰ হোৱা পাছতো স্থায়ী গৃহ নোহোৱাকৈ ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অস্থায়ী ভাৱে শিক্ষা দান কৰি আছে। বৰ্তমান বিশ্ববিদ্যালয় খনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে ভাৰতৰ প্ৰায় আঠ খন ৰাজ্যৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে।পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে প্ৰতিষ্ঠা হোৱা বিশ্ববিদ্যালয় খনৰ স্থায়ী গৃহকে ধৰি অন্যান্য দিশ সমূহৰ বিগত সাত বছৰে একোৱেই অগ্ৰগতি নহল। বৰ্তমান স্থায়ী পঞ্জীয়ক,উপাচাৰ্য নিযুক্তি প্ৰদান কৰি বিশ্ববিদ্যালয়
খনৰ কাম কাজৰ গতি বিগত বৰ্ষতকৈ যথেষ্ট অগ্ৰগতি লাভ কৰাই নহয় বিশ্ববিদ্যালয় খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই বিশ্ববিদ্যালয় খনৰ নিৰ্মাণৰ গতি লেহেমীয়া হোৱা বাবে ক্ষোভ প্ৰকাশ কৰা লগতে প্ৰতি মাহে বিশ্ববিদ্যালয়ৰ কৰ্ম অগ্ৰগতি সম্পৰ্কে ৰাজভৱনত পৰ্য্যালোচনা কৰা হব বুলি এক নিৰ্দেশনা জাৰি কৰিছিল। বিশ্ববিদ্যালয় খনৰ প্ৰতিষ্ঠা দিৱসত বহুকেইগৰাকী শিক্ষাবিদ আৰু গুণী-মানী ব্যক্তি বিশিষ্ট অতিথি লগতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানত উপস্থিত থাকে । অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱসত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য্য প্ৰধ্যাপক হীৰেন্দ্ৰ নাথ শৰ্মাই বিশ্ববিদ্যালয়ৰ বিগত সাতটা বৰ্ষৰ খতিয়ানৰ লগতে আগন্তুক দিনৰ কৰ্ম আঁচনি সম্পৰ্কে ব্যক্ত কৰে। এই অনুষ্ঠানত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধীক্ষক ড শশিকান্ত শইকীয়া,উদ্যোগপতি মনোজ জালান,জ্যোতিপ্ৰসাদ কানৈ, ড পল্লৱী বুজৰ বৰুৱা, মটক স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া,সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল,ডিব্ৰুগড় জিলা ক্ৰিয়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া,সম্পাদক কামাখ্যা শইকীয়া, ড ডেভিদ কাৰদং, ড গোপাল চন্দ্ৰ হাজৰিকাকে ধৰি বিশ্ববিদ্যালয়ৰ খনৰ অধ্যাপক অধ্যাপিকা,ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। বিশ্ববিদ্যালয় খনৰ পৰীক্ষা নিয়ন্ত্ৰক ড অৰিঞ্জিত হাজৰিকাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অসম সংগীতেৰে সামৰা হয় ।