দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষীৰ ড্ৰাগাছ বিৰোধী অভিযান
নিচা জাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী।
মানকাচৰ:
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত জোৰডাঙ্গাত অভিযান চলাই ২২ গ্ৰাম হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনক।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱক জনৰ নাম মনিৰুল ইছলাম আৰু নুৰ আজিজ। তেওঁলোকৰ ঘৰ মানকাচৰৰ জোৰডাঙ্গাত।
গোপন সূত্ৰৰ পমখেদি নিশা মানকাচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে জোৰডাঙ্গাত তলাচী অভিযান চলোৱাত হেৰ’ইন সহ হাতে লোটে গ্ৰেপ্তাৰ কৰে, ড্ৰাগছ সৰবৰাহকাৰী দুজনক।
বৰ্তমান আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুজনক থানালৈ লৈ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
