চৰাইবাহী মহাবিদ্যালয়ত দুদিনীয়াকৈ ড° ভূপেন হাজৰিকা জীৱন আদৰ্শৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ সামৰণি
নগাঁও
সংগীত সূৰ্য,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে মৰিগাঁও জিলাৰ চৰাইবাহী মহাবিদ্যালয়ত ২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়াকৈ ড° ভূপেন হাজৰিকাৰ জীৱন আদৰ্শৰ ওপৰত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ অনুষ্ঠিত হয়। চৰাইবাহী মহাবিদ্যালয়ৰ অসমীয়া,ইংৰাজী আৰু শিক্ষা বিভাগৰ উদ্যোগত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষা আৰু অসমীয়া বিভাগৰ আৰু কটহগুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত অনুষ্ঠিত আলোচনা সত্ৰখনিৰ উদ্বোধন কৰে চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথে ৷ চৰাইবাহী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক হৰি নাৰায়ণ ডেকাই আঁত ধৰা আলোচনা সত্ৰ উদ্বোধনী অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত পৰ্যালোচনা কৰে অসমৰ বিশিষ্ট সাংবাদিক,গীতিকাৰ বিদ্যুৎ কুমাৰ ভূঞাই। আলোচনা সত্ৰৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চৰাইবাহী মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিৰেশ কুমাৰ ডেকাই৷ চৰাইবাহী মহাবিদ্যালয়ৰ গুণগত মান নিৰ্ণায়ক কোষৰ তত্বাবধায়ক ড° চক্ৰধৰ ডেকাই 

ঋতু পৰ্ণ শৰ্মা,নগাঁও