বিবাহৰ পাছতেই, পত্নীয়ে হত্যা কৰিলে স্বামীক !
মেঘালয়ত সন্ধানহীন সোনমক উত্তৰ প্ৰদেশত উদ্ধাৰ
চুপাৰী কিলাৰৰ সহায়ত স্বামী ৰাজাক হত্যা কৰাইছিল সোনমে
মেঘালয়ৰ শ্বিলঙত সন্ধানহীন সোনম ৰঘুবংশীক উত্তৰ প্ৰদেশৰ গাজীপুৰত উদ্ধাৰ কৰা হয়;আৰক্ষীৰ মতে, সোনমে হত্যা কৰিছিল স্বামী ৰাজাক
চাইন অন ডেস্কঃ
“বিশ্বাস” ! এই শব্দটোৰ ওপৰতো যেন মানুহৰ বিশ্বাস ক্ৰমাৎ নোহোৱা হৈ পৰিছে।
কাক বিশ্বাসত লব ? বা কাক সন্দেহত থব ? সেয়াও যেন এতিয়া এক বহুত ডাঙৰ প্ৰশ্ন ! আমৃত্যু জীৱনৰ সংগী হিচাপে থকাৰে এক নতুন জীৱনৰ পাতনি মেলোঁতেই,কলিতে নি:শেষ হল এক জীৱন।
মধুচন্দ্ৰিকাৰ বাবে মেঘালয়ৰ শ্বিলঙলৈ অহা মধ্য প্ৰদেশৰ ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ পত্নী সোনমৰ অৱশেষত সম্ভেদ ওলাল। উত্তৰ প্ৰদেশৰ গাজীপুৰৰ নন্দগঞ্জ থানা এলেকাৰ এখন ধাবাত মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰা হয় সোনমক। নন্দগঞ্জ আৰক্ষী থানাই মহিলাগৰাকীক ৱান ষ্টপ চেণ্টাৰলৈ প্ৰেৰণ কৰিছে ।
ইফালে ৰাজাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ দৰাচলতে নিৰুদ্দেশ হোৱা সোনম ৰঘুবংশীয়ে নিজৰ স্বামী ৰাজাক হত্যা কৰিছিল। সোমবাৰে পুৱা মেঘালয়ৰ ডিজিপি আই নোংৰাঙে কয় যে ৰঘুবংশীক মেঘালয়ত হানিমুনৰ সময়ত পত্নীৰ ভাড়াতীয়া লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । ডিজিপিয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ গাজীপুৰত মৃতকৰ পত্নী সোনমে আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰাৰ বিপৰীতে নিশাৰ ভিতৰতে অভিযান চলাই আন তিনিটা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হয়।যোৱা ২৩ মে’ত মেঘালয়ৰ ছ’হৰা অঞ্চলত অৱসৰ বিনোদনত থকা অৱস্থাত নিৰুদ্দেশ হৈছিল ৰঘুবংশী আৰু তেওঁৰ পত্নী । পত্নীৰ সন্ধান চলি থকাৰ সময়তে ২ জুনত এটা খাৱৈত তেওঁৰ মৃতদেহ উদ্ধাৰ হয় ।
ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ ‘এক্স’ হেণ্ডেলত টুইট কৰি কয়, “৭ দিনৰ ভিতৰত মেঘালয় আৰক্ষীয়ে ৰাজা হত্যাকাণ্ডৰ গোচৰত ডাঙৰ সফলতা লাভ কৰিছে । মধ্যপ্ৰদেশৰ পৰা অহা ৩ জন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । সোনমেও আত্মসমৰ্পণ কৰিছে আৰু আনটো আক্ৰমণকাৰীক ধৰিবলৈ অভিযান এতিয়াও চলি আছে ।”
২৫ মে’ৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছিল ৰাজা-সোনমৰ
ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীয়ে যোৱা ১১ মে’ত ইন্দোৰস্থিত সোনম ৰঘুবংশীৰ সৈতে বিবাহপাশত আবদ্ধ হয় । বিবাহৰ পিছত ২০ মে’ত মধুচন্দ্ৰিকাৰ বাবে ইন্দোৰৰ পৰা শ্বিলঙলৈ ৰাওনা হয় দম্পতীটো । শ্বিলং পোৱাৰ পিছত ২৫ মে’লৈকে পৰিয়ালৰ সৈতে যোগাযোগত আছিল দম্পতীটোৰ ।
ইয়াৰ পিছত পৰিয়ালৰ সৈতে দুয়োৰে যোগাযোগ বিচ্ছিন্ন হোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে । দুয়োৰে ফোন ছুইচ অফ হোৱাত পৰিয়ালটো আতংকিত হৈ পৰে । তেতিয়াৰ পৰা দুয়োজনেই নিৰুদ্দেশ হৈ আছিল । নিৰুদ্দেশ হোৱাৰ প্ৰায় ১০ দিন পিছতে ৰাজাৰ মৃতদেহ উদ্ধাৰ হয় । কিন্তু সোনমৰ কোনো সম্ভেদ পোৱা হোৱা নাছিল ।
ইফালে সোনমৰ সন্ধানত চলোৱাৰ অভিযানক লৈ পৰিয়ালৰ লোকে মেঘালয় চৰকাৰৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল । একে সময়তে তেওঁলোকে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱলৈ চি বি আইৰ তদন্ত বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰে । মুখ্যমন্ত্ৰী যাদৱে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰে ।
কিন্তু চি বি আইয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰাৰ পূৰ্বেই সন্ধান লাভ কৰা হৈছে সোনমৰ । জানিব পৰা মতে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এখন ধাবাত দেখা গৈছিল সোনমক । ইয়াৰ পাছতেই আৰক্ষীয়ে সোনমক জেৰা চলায় । আৰক্ষীৰ জেৰাত সোনমে স্বামী ৰাজাৰ হত্যা কৰাৰ কথা পোহৰলৈ আহিছে । মধ্য প্ৰদেশৰ কেইজনমান লোকৰ সৈতে মিলি সোনমে ৰাজাক হত্যা কৰি নিজেও নিৰুদ্দেশ হয় । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিটা অভিযুক্তক ।
শ্বিলঙৰ পৰা হঠাতে সোনম নিৰুদ্দেশ হোৱাৰ পাছত বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । ইয়াৰ মাজতেই দেওবাৰৰ মাজনিশা সোনমৰ ভায়েক গোবিন্দক গাজীপুৰ আৰক্ষীয়ে জনাইছিল যে আপোনাৰ ভগ্নী এখন ধাবাত আছে । ইয়াৰ পৰা তেওঁক ৱান ষ্টপ চেণ্টাৰত ৰখা হৈছে । লগে লগে গোবিন্দই ভগ্নীক সাক্ষাতৰ বাবে গাজীপুৰত উপস্থিত হয় ।
একে সময়তে ৰাজাৰ ভায়েক বিপিনে কয় যে সোনমৰ ভায়েক গোবিন্দে তেওঁক জনাইছিল যে তেওঁৰ ভগ্নীক গাজীপুৰত পোৱা গৈছে । বৰ্তমান সময়ত তেওঁৰ ভগ্নী সোনম কেনেকৈ গাজীপুৰ পালেগৈ তাৰ কোনো তথ্য নাই । এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় সোনমে ৰাজাক কিয় আৰু কি কাৰণত হত্যা কৰিলে ! হত্যাৰ পৰিকল্পনা কেনেকৈ কৰা হৈছিল ! এই হত্যাকাণ্ডত কোন কোন জড়িত আছে ! আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।
সেয়ে বিবাহ কৰাৰ পূৰ্বে বা যুগ্ম-জীৱনৰ পাতনি মেলাৰ আগয়ে দহবাৰ নহয়,হাজাৰবাৰ ভাৱক ! জীৱন সুন্দৰ কৰিবলৈ বিবাহেই যথেষ্ট নে ? সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন।