...

পঞ্চায়ত সভানেত্ৰীৰ পৰিবৰ্তে পুত্ৰ সৰ্বেসৰ্বা !

Spread the love

পঞ্চায়ত সভানেত্ৰীৰ পৰিবৰ্তে পুত্ৰ সৰ্বেসৰ্বা !

ধুবুৰীস্থ বীৰসিং জৰুৱা আঞ্চলিক পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মাৰপিট

ধুবুৰীঃ ধুবুৰী চহৰৰ মাজমজিয়াৰ বীৰসিং জৰুৱা আঞ্চলিক পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আজি সংঘটিত হয় এক প্ৰচণ্ড মাৰপিটৰ ঘটনা। ঘটনাটো অৱগত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। দৰাচলতে, ধুবুৰী জিলাৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত মোহোৰিৰ চৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰহিমা খাতুনৰ ঠাইত তেখেতৰ ল’ৰা ৰফিকুল ইছলামে মহৰিৰ গাওঁ পঞ্চায়তৰ লগতে বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সকলো চৰকাৰী কাম-কাজত হস্তক্ষেপ কৰি থকাৰ এক অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় আজিৰ সেই ঘটনা। ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হোৱা স্থানীয় একাংশ সংবাদ কৰ্মীৰ সন্মুখত গাওঁ পঞ্চায়তটোৰেই বাসিন্দা আবু সামাদ সেখে উত্থাপিত কৰে সেই অভিযোগ।

আনকি, যিকোনো কামৰ এষ্টিমেট (প্ৰাক-কলন)ৰ বাবে পঞ্চায়ত সভানেত্ৰীগৰাকীৰ পুত্ৰ ৰফিকুলে ধনৰ লেনদেন কৰাৰ আন এক বিষ্ফোৰক ভাষ্যও প্ৰদান কৰাৰ সমান্তৰালকৈ বীৰসিং জৰুৱাৰ খণ্ড উন্নয়ন বিষয়াক কেইবাবাৰো অভিযোগ কৰিও সুফল নোপোৱা বুলিও ক্ষোভ উজাৰে ব্যক্তিজনে।

ইপিনে, আজিৰ এই মাৰপিটৰ ঘটনা তথা উত্থাপিত সেই অভিযোগ যদি সঁচা; তেতিয়া হলে ধুবুৰী জিলাৰ অভিভাবক তথা অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ কঠোৰ নিৰ্দেশনাৰ পিছতো মহৰিৰ চৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰহিমা খাতুনৰ ল’ৰা ৰফিকুল ইছলামক পঞ্চায়তটোৰ সকলো চৰকাৰী কাম-কাজত হস্তক্ষেপ কৰা সুযোগ দিয়া হ’ল বুলিও কিন্তু ব্যাপক চৰ্চা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *