...

সময় পৰিবৰ্তনৰ যাত্ৰাত মাৰ্ঘেৰিটাত গৌৰৱ গগৈ

Spread the love

সময় পৰিবৰ্তনৰ যাত্ৰাত মাৰ্ঘেৰিটাত গৌৰৱ গগৈ

খিলঞ্জীয়া মুখ্যমন্ত্ৰী সৰ্বানন্দক আতঁৰাই বিজেপিয়ে খিলঞ্জীয়া-বিৰোধী চৰিত্ৰ উন্মোচন কৰিছে:গৌৰৱ গগৈ

চাইন অন ডেস্ক:

সময় পৰিবৰ্তনৰ যাত্ৰাত সোমবাৰে মাৰ্ঘেৰিটাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ কৰি তেওঁ টকা–বাহুবলৰ ৰাজনীতিৰ অভিযোগ তোলে। মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত আয়োজিত এক বৃহৎ সভাত ভাষণ দি গৌৰৱ গগৈয়ে কয়—মাৰ্ঘেৰিটাৰ বিধায়কে টকা–বাহুবলৰ জৰিয়তে নিৰ্বাচন খেলি জয়ী হৈছে, যিয়ে গণতন্ত্ৰক দুৰ্বল কৰিছে। তেওঁ লগতে অভিযোগ কৰে যে বিজেপি চৰকাৰৰ আমোলত ৰাজ্যখনত সংঘাতময় পৰিবেশ সৃষ্টি হৈছে আৰু কাৰ্বি–অনা কাৰ্বি, ৰাভা–অনাৰাভা আদি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টিৰ চেষ্টা চলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গগৈয়ে কয়—মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত ১২ হাজাৰ বিঘাৰো অধিক ভূমি থকাৰ অভিযোগে ৰাইজক চিন্তিত কৰিছে। লাচিত বৰফুকনৰ উক্তি উদ্ধৃত কৰি তেওঁ মন্তব্য কৰে—“দেশতকৈ মামী ডাঙৰ নহয়।” গৌৰৱ গগৈয়ে আৰু কয়, দ্বিতীয়বাৰৰ বাবে বিজেপি ক্ষমতালৈ অহাৰ পাছত খিলঞ্জীয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আতৰাই বিজেপিয়ে খিলঞ্জীয়া-বিৰোধী চৰিত্ৰ উন্মোচন কৰিছে। সভাখন উদ্বোধন কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে। তেওঁ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু কয়লা–চাহ বাগিছাৰ শ্ৰমিকৰ দুৰ্দশা উল্লেখ কৰি কংগ্ৰেছক বিকল্প বুলি দাবী কৰে। ঝাৰখণ্ডৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা বন্ধু তিৰ্কীয়ে বিজেপিক তুলাধুনা দিয়ে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মিথ্যাচাৰৰ অভিযোগ তোলে। তাৎপৰ্যপূৰ্ণভাৱে, মাৰ্ঘেৰিটাত একাধিক প্ৰাৰ্থীত্ব দাবীদাৰ থাকিলেও সভাৰ মঞ্চৰ পৰা প্ৰতীক বৰদলৈকেই সম্ভাৱ্য প্ৰাৰ্থী হিচাপে ইংগিত দিয়ে। সাংবাদিকৰ মিত্ৰতা সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে এই প্ৰক্ৰিয়া গোপনে চলি আছে বুলি কয় আৰু অখিল গগৈ সন্দৰ্ভত কোনো মন্তব্য নকৰে। শেষত তেওঁ “সময় পৰিবৰ্তনৰ যাত্ৰা”ক কেৱল ৰাজনৈতিক নহয়, অসম ৰক্ষা কৰাৰ এক সামাজিক আন্দোলন বুলি উল্লেখ কৰি ৰাইজক একত্ৰিত হ’বলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *