...

ৰাষ্ট্ৰীয় শিক্ষক বিজ্ঞান সম্মিলন ২০২৫-ত ৰূপৰ বঁটা

Spread the love

ৰাষ্ট্ৰীয় শিক্ষক বিজ্ঞান সম্মিলন ২০২৫-ত ৰূপৰ বঁটা

লাভ কৰিলে ডিব্ৰুগড়ৰ বৰ্ণালী মহনে

চাইন অন ডেস্ক:

 

অসমৰ গৌৰৱ বৃদ্ধি কৰি ডিব্ৰুগড়ৰ ডিকম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী বৰ্ণালী মহনে প্ৰথম ৰাষ্ট্ৰীয় শিক্ষক বিজ্ঞান সন্মিলন (NTSC–2025)-ত ৰূপৰ বঁটা লাভ কৰিছে। সন্মিলনখন এন. এইচ. গোয়েল ৱৰ্ল্ড স্কুল, ৰায়পুৰত অনুষ্ঠিত হৈছিল।তথ্য অনুসৰি তেওঁৰ Neuro-Linguistic Programming (NLP) আৰু CEMR মডেলৰ সংযোজনেৰে বিজ্ঞান শিক্ষাক অধিক আকৰ্ষণীয় আৰু কাৰ্যকৰী কৰাৰ নতুন পদ্ধতিৰ প্ৰস্তাৱ NEP 2020-ৰ সৈতে সংগতি ৰাখি বিশেষ প্রশংসা লাভ কৰে। তেওঁ এই কাৰ্য ডঃ জিতু ৰঞ্জন চেতিয়া, ৰসায়ন বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰামৰ্শত সম্পন্ন কৰিছিল।NOSTC, প্ৰশংসা ফাউণ্ডেশন, আৰু SAC–ISRO-ৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলনখনত ২৯ খন ৰাজ্যৰ মুঠ ১৫৭জন শিক্ষকে অংশগ্ৰহণ কৰিছিল।
কৃতজ্ঞতা প্ৰকাশ কৰি, বৰ্ণালী মহনে তেওঁৰ পথপ্ৰদৰ্শক ডঃ জিতু ৰঞ্জন চেতিয়া, ডঃ সমীৰণ বৰুৱা, বিদ্যালয় পৰিদৰ্শক, ডিব্ৰুগড়ৰ লগতে নিজৰ পৰিয়াল, শুভাকাংক্ষী আৰু ছাত্র-ছাত্ৰীসকলক তেওঁলোকৰ অনুপ্ৰেৰণা আৰু সহায়তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *