ভূমিস্খলনৰ খহি অহা মাটিয়ে কাল মাতিলে !
বায়ুসেনাৰ বিষয়াপত্নীসহ লেফটেনেণ্ট কৰ্ণেলকে ধৰি ৬ জনৰ সন্ধানেই ওলোৱা নাই
ছিকিমৰ সামৰিক শিবিৰত ১ জুনত সংঘটিত ভূমিস্খলনত ৩ সেনা জোৱানৰ মৃত্যু
ঘটনাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে ৬ জন সেনা জোৱান
চাইন অন ডেস্কঃ
নিৰুদ্দিষ্ট হৈ থকা ভাৰতীয় সেনাৰ ছয়জন জোৱান আৰু বিষয়াক উদ্ধাৰৰ বাবে আজিও অভিযান অব্যাহত আছে।যোৱা ১ জুনত উত্তৰ ছিকিমৰ লাচেন জিলাৰ ভাৰতীয় সেনাৰ চাটেন কেম্পত ভূমিস্খলন সংঘটিত হোৱাৰ ফলত তিনিজন সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত নিৰুদ্দিষ্টসকলৰ সন্ধানত ভাৰতীয় সেনাৰ দ্বাৰা চলি থকা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে বুলি জনাইছে প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱটে।
প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱটে কয়, “প্ৰচণ্ড বৰষুণৰ ফলত হোৱা এক ভয়াবহ ভূমিস্খলনত ছিকিমৰ লাচেনৰ জিলাৰ চাটেনত থকা ভাৰতীয় সেনাৰ শিবিৰত তিনিজন জোৱান নিহত হয়। ভাৰতীয় সেনাই তৎক্ষণাত উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু প্ৰতিকূলতাৰ সন্মুখীন হৈও সামান্য আঘাতপ্ৰাপ্ত চাৰিজন ব্যক্তিক উদ্ধাৰ কৰাৰ বিপৰীতে তিনিজন সাহসী জোৱান — হাবিলদাৰ লখৱিন্দৰ সিং, লেন্সনায়ক মুনিশ ঠাকুৰ আৰু পৰ্টাৰ অভিষেক লখাদাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
উত্তৰ ছিকিমত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ পিছত ভাৰতীয় সেনাই বেয়া বতৰ আৰু বিপজ্জনক ভূখণ্ডৰ পৰিস্থিতিত স্থানীয় বাসিন্দা আৰু আবদ্ধ হৈ থকা পৰ্যটকক সহায়ৰ বাবে উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে।ভূমিস্খলনৰ ফলত অঞ্চলটোৰ পৰ্যটনৰ মূলকেন্দ্ৰ লাচেন গাঁও সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।সেনাই গাঁওখনৰ সৈতে খোজকাঢ়ি সংযোগ স্থাপন কৰি আবদ্ধ হৈ থকা ১১৩ জন পৰ্যটকৰ সৈতে যোগাযোগ কৰিছে।এই পৰ্যটকসকলক অতি সোনকালে উদ্ধাৰ কৰা হ’ব বুলিও সেনাৰ তৰফৰ পৰা জানিবলৈ দিয়া হয়।উল্লেখ্য যে ৩ জুনত একাংশ বিদেশী পৰ্যটককে ধৰি ৩০ জন পৰ্যটকক সামৰিক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয়।
ইফালে, চেটেনৰ এটা সামৰিক শিবিৰত হোৱা ভূমিস্খলনৰ ফলত এতিয়াও নিৰুদ্দেশ হৈ থকা ছয়জন ব্যক্তিৰ সন্ধান উলিয়াবলৈ অনুসন্ধান অভিযান অব্যাহত ৰখা হৈছে।নিৰুদ্দেশ হোৱা লোকসকলৰ ভিতৰত আছে লেফটেনেণ্ট কৰ্ণেল প্ৰীতপাল সিং সান্ধু, সুবেদাৰ ধৰমবীৰ, নায়ক সুনীলাল মুচাহাৰী, চিপাহী চাইনুধীন পি কে, লেফটেনেণ্ট কৰ্ণেল প্ৰীতপাল সিং সান্ধুৰ পত্নী স্কোৱাড্ৰেন লিডাৰ আৰতি সান্ধু (অৱসৰপ্ৰাপ্ত) আৰু তেওঁলোকৰ কন্যা মিছ অময়ৰা সান্ধু।সেনাই উদ্ধাৰকাৰ্যত বিশেষ দল আৰু অভিযান্ত্ৰিক সঁজুলি নিয়োগ কৰিছে।কিন্তু প্ৰতিকূল বতৰ, সঘন ভূমিস্খলন আৰু প্ৰত্যাহ্বানমূলক উচ্চ উচ্চতাৰ ভূখণ্ডৰ বাবে চলি থকা প্ৰচেষ্টাসমূহত যথেষ্ট বাধাৰ সৃষ্টি হৈছে।