Skip to content শুকুৰে কান্দি উঠিল কিয় ?
অন্তৰ্ধান গৌৰীপুৰত আৰম্ভ কৰা শুকুৰৰ চাহ দোকানৰ ষ্টল
চাইন অন ডেস্ক:
শুকুৰ আলীৰ বিলৈ ! শুকুৰৰ বিননি! হঠাত অন্তৰ্ধান গৌৰীপুৰত আৰম্ভ কৰা শুকুৰৰ চাহ দোকানৰ ষ্টল।
বহুবল্কী শুকুৰ আলীৰ শণিৰ দশা যেন চলিছে এতিয়াও। এইবাৰ ধুবুৰীৰ গৌৰীপুৰত আৰম্ভ কৰা চাহ দোকানৰ ষ্টলটোৱে এইবাৰ চুৰি কৰিলে চোৰে।
আজি পুৱা নিজৰ দোকানখনেই চুৰি হোৱা পাই এতিয়া শোকত ভাঙি পৰিছে শুকুৰ। সন্দেহ কৰিছে ঘটনাৰ আঁৰত আছে ৰহস্য। কাষতে থকা পুখুৰীত পেলাই দিছে দিয়াৰ সন্দেত পুখুৰীটোত নামি নিজৰ দোকান বিচাৰি চলাথ কৰিছে শুকুৰ আলীয়ে।
উল্লেখযোগ্য যে, বিগত ৯ জুলাইত গুৱাহাটীৰ পৰা নিজৰ চাহ দোকানৰ ষ্টলটো আনি ধুবুৰী চহৰৰ পদপথত দোকানখন আৰম্ভ কৰিব বিচাৰিছিল শুকুৰে।
কিন্তু, ধুবুৰী পৌৰসভা কৰ্তৃপক্ষৰ বাধাৰ সন্মুখীন হৈ হতাশ শুকুৰে ধুবুৰীৰ গৌৰীপুৰৰ মহামায়া পুখুৰীৰ পাৰত আৰম্ভ কৰিছিল চাহ দোকানখন। দোকানখন ভালেই চলি আছিল যদিও আজি পুৱা কুশুকুৰ আলীৰ চাহৰ দোকান খনৰেই নিদিষ্ট স্থানৰ পৰা নোহোৱাত শুকুৰে শুক শুকাই কান্দি উঠে।