ডিব্ৰুগড়ত মহান সংগীত শিল্পী চৈয়দ ছাদুল্লাক শ্ৰদ্ধাঞ্জলি
বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা
চাইন অন ডেস্ক:
বিশিষ্ট সংগীতজ্ঞ , গীতিকাৰ , সুৰকাৰ , নাট্যকাৰ, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অন্যতম প্ৰাণপুৰুষ বৰেণ্য শিল্পী সংগীতৰত্ন প্ৰয়াত চৈয়দ ছাদুল্লাদেৱৰ সোঁৱৰণত ১৬ নৱেম্বৰ তাৰিখে ডিব্ৰুগড় নালিয়াপুলস্থিত নেইনা চিনেমা হলৰ
প্ৰাংগনত ডিব্ৰুগড় শিল্পী সমাজ আৰু ডিব্ৰুগড় ৰাইজৰ যৌথ উদ্যোগত এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়।অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিছব্বিত চৈয়দ ছাদুল্লাদেৱৰ খুৰীয়েক নেমুগুৰি , বকতা, শিৱসাগৰৰ পৰা অহা চৈয়দা বেবী বেগম , চৈয়দ ছাদুল্লাদেৱৰ কণিষ্ঠ কন্যা সুভান্না ছাদুল্লা , বিশিষ্ট সংগীতজ্ঞ, গীতিকাৰ , সুৰকাৰ , সংগীতৰত্ন প্ৰশান্ত বৰদলৈ, অসম গৌৰৱ ৰাম চাচনী , বিশিষ্ট গীটাৰবাদক ৰতন চৌধুৰী , ডিব্ৰুগড় শিল্পী সমাজ আৰু ডিব্ৰুগড় ৰাইজৰ হৈ অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাদেৱৰ লগতে পৰিয়ালৰ আন সদস্যসকল আৰু উপস্থিত সমূহ শিল্পী আৰু ৰাইজে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে প্ৰয়াত শিল্পীজনৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয়।এই সভাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মৰ লোকে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত ডিব্ৰুগড় শিল্পী সমাজৰ শিল্পীসকলে চৈয়দ ছাদুল্লাদেৱৰ কালজয়ী সৃষ্টি “অহাৰ দৰে উভতি আঁতৰি গলা” , “বৰষা তুমি আহা, জিৰি জিৰি আহানা”
আৰু ‘’ কুঁৱলীৰ আঁৰৰে ধাননি পথাৰত” গীত পৰিৱেশন কৰে।উক্ত অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ, গীতিকাৰ , সুৰকাৰ , সংগীতৰত্ন প্ৰশান্ত বৰদলৈ , বিশিষ্ট গীটাৰবাদক ৰতন চৌধুৰী , অনাঁতাৰ কেন্দ্ৰ ডিব্ৰুগড় আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান মূৰব্বী লোহিত চন্দ্ৰ ডেকা, চৈয়দ ছাদুল্লাদেৱৰ কণিষ্ঠ কন্যা সুভান্না ছাদুল্লাৰ লগতে পৰিয়ালৰ সদস্যসকল , অনাঁতাৰ শিল্পী গোপা গোস্বামীৰ লগতে ডিব্ৰুগড় শিল্পী সমাজৰ শিল্পীসকল আৰু বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড় পৌৰ নিগমৰ পাৰিষদ সীমান্ত বৰুৱাৰ নেতৃত্বত আৰু ডিব্ৰুগড় শিল্পী সমাজৰ শিল্পী চন্দন পাঠক , সুৰেশ হাতীমূৰীয়া , স্বাক্ষৰ শৰ্মা , পলাশ কাঞ্চন বৰুৱাৰ আন্তৰিক সহযোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি সাফল্যমণ্ডিত ৰূপত অনুষ্ঠিত হৈ যায়।