...

শিমলুগুৰি বুঢ়া নামঘৰ সমিতি- অকণি‌ মেলৰ উদ্যোগত অকণিৰ সঞ্চয় আঁচনি আৰু অকণি মইনা পাৰিজাতৰ শুভ উন্মোচন

Spread the love

শিমলুগুৰি বুঢ়া নামঘৰ সমিতি- অকণি‌ মেলৰ উদ্যোগত অকণিৰ সঞ্চয় আঁচনি আৰু অকণি মইনা পাৰিজাতৰ শুভ উন্মোচন

নগাঁও

 

 

 

নগাঁও জিলাৰ শিমলুগুৰি বুঢ়া নামঘৰ সমিতি আৰু অকণি‌ মেলৰ উদ্যোগত অকণিৰ সঞ্চয় আঁচনি আৰু অকণি মইনা পাৰিজাতৰ আজি শুভ উদ্বোধন কৰা হয়। শিশু দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটিৰ আজি বিয়লি প্রথম কাৰ্যসূচী ৰূপে কণকণ শিশু সকলে গায়ন-বায়নৰ অনুষ্ঠান পৰিবেশন কৰে। ইয়াৰ পাছতে মাংগলিক কাৰ্যসূচীৰ মাজেৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অসমৰ প্ৰথমটো “অকণিৰ সঞ্চয় আঁচনি”ৰ শুভ উদ্বোধন কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত “অকণিৰ সঞ্চয় আঁচনি” শুভ উদ্বোধন কৰি‌ জিলা আয়ুক্ত শৰ্মাই আঁচনি‌খন শুভ উদ্বোধন কৰিবলৈ পাই ধন্য বুলি মন্তব্য কৰে। তেওঁ লগতে কয়,অসমৰ প্ৰতিখন গাঁও, প্ৰতিখন চুবুৰীত এনে ধৰণৰ সজ কাম সজ চিন্তা চৰ্চা চলিলে আমাৰ সমাজখন সুন্দৰ হৈ পৰিব। যিসকল ব্যক্তিৰ প্ৰচেষ্টাত এই ধৰণৰ সুন্দৰ কাৰ্যসূচী সম্পন্ন হৈছে, তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিক্ষক তথা‌ শিল্পী কৃষ্ণ কিঙ্কৰ খাটনিয়াৰে আঁত ধৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি নেমচি হস্পিতালৰ সঞ্চালক ডাঃ জিয়াউল হকে “মোৰ জীৱনকালত এনেধৰণৰ ব্যবস্থা কতো দেখা নাই,এই ব্যতিক্ৰমী চিন্তা ধাৰাক মই শলাগ লৈছোঁ । অসমৰ প্ৰতিখন অঞ্চলত এনে ব্যৱস্থা হওঁক,সমাজ সুন্দৰ হব বুলি প্ৰকাশ কৰে। অনুষ্ঠানত সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক‌ বিপুল বৰাই “অকণি মইনা পাৰিজাত,শিমলুগুৰি”ৰ‌ শুভ উদ্বোধন কৰে। পাছত ভাষণ প্ৰদান কৰি বিপুল বৰাই “আমি পোহৰ বিচাৰি যাওঁ। শিশুলকলৰ প্ৰতিভা বিকাশৰ মঞ্চ হওঁক এই মইনা পাৰিজাত” বুলি ভাষণ প্ৰদান কৰে। জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুৱা,সদৌ অসম মইনা পাৰিজাত,কাছমাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক বসন্ত দুৱৰা,নগাঁও জিলা সমিতিৰ সম্পাদক শৰৎ মহন্তকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানত কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ চৰফৰাজ আহমেদ,সমাজকৰ্মী দেৱকান্ত ডেকা, পংকজ বৰা,দুৰ্গেশ্বৰ ৰাজবংশীকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। পণ্ডিত জৱাহৰলাল নেহৰু, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত কণকণ শিশু সকলে সমবেত সংগীত,‌অভিনয়,‌ বক্তৃতা,নৃত্যৰে মুগ্ধ কৰি তোলে‌

Leave a Reply

Your email address will not be published. Required fields are marked *