আলিবাট প্রকাশনৰ শর্মিষ্ঠা প্রীতমৰ নৱতম উপন্যাস ১৩গৰাকী যুৱ অতিথিৰ হাতত অর্পণৰে “নীল সাগৰৰ শংখধ্বনি”ৰ উন্মোচন
নগাঁও:
“শর্মিষ্ঠাৰ প্রতিটো সৃষ্টিয়ে সুকীয়া আৱেদনেৰে মানুহক পোহৰৰ সন্ধান দিয়ে,জীৱনৰ সঞ্জীৱনী দিয়ে। প্রত্যেক মানুহৰ জীৱনলৈ এনে কিছুমান মুহূর্ত আহে,যিটো সময়ত কোনোবা এজনৰ উপস্থিতি আৰু সহায়ৰ প্রয়োজন অৱধাৰিত হৈ পৰে। সেই সময়ত যদি সেই অসহায় ব্যক্তিজনৰ হাতত শর্মিষ্ঠাৰ যিকোনো এখন কিতাপ থাকে তেন্তে তেওঁক আৰু কোনো বিকল্প শক্তিৰ প্ৰয়োজন নহয়। শর্মিষ্ঠাৰ কিতাপৰ সেইটোৱে বৈশিষ্ট্য যে যিকোনো জটিল সময়ত পাঠকে ইয়াৰ মাজত পোহৰৰ সন্ধান লাভ কৰে, জীৱনটো নতুনকৈ সজাই লোৱাৰ অনুপ্ৰেৰণা লাভ কৰে।” — ৰবিবাৰে আলিবাট প্রকাশনৰ দ্বাৰা প্ৰকাশিত শর্মিষ্ঠা প্রীতমৰ নৱতম উপন্যাস “নীল সাগৰৰ শংখধ্বনি”ৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাই। নগাঁও বিশ্ববিদ্যালয়ৰ যজ্ঞেশ্বৰ শৰ্মা প্রেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত নতুন প্ৰজন্মৰ হাতত গ্ৰন্থ অর্পণ অনুষ্ঠানত উপস্থিত থাকি শর্মিষ্ঠাৰ কিতাপ যাতনাৰ নিস্তাৰক বুলি উল্লেখ কৰে বিশিষ্ট অভিনেত্রী ডাঃ জাহানাৰা বেগমে। তেওঁ লগতে কয় যে
শর্মিষ্ঠাৰ জীৱন নতুন প্ৰজন্মৰ বাবে এক অনন্য প্ৰেৰণাৰ উৎস। লেখিকা-ঔপন্যাসিক শর্মিষ্ঠা প্রীতমে তেওঁৰ বক্তব্যত প্রয়াত শিল্পী জুবিন গাৰ্গৰ জেৰ টানি কয় যে তেখেতৰ জীৱনৰ পৰা আমি শিকিব লগা সত্যটো হৈছে মনুষ্যত্বই হৈছে আদি আৰু অন্ত। তেওঁৰ নতুন উপন্যাসখন নতুন
প্ৰজন্মৰ বাবে ৰচনা কৰিছে আৰু তেওঁলোকৰ হাততে অর্পণ কৰি আনন্দিত বুলি লেখিকাই কয়। অনুষ্ঠানৰ আৰম্ভণিতে প্রয়াত শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি প্রদান কৰি বন্তি প্রজ্বলন কৰে লেখিকা তথা ৰহা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ দীপ্তি দেৱী শৰ্মাই। শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হয় অতিথিৰ আদৰণি আৰু সম্বর্ধনা। অনুষ্ঠানত প্রকৃতি প্রেমী মঞ্চৰ হৈ কবি তথা পৰিৱেশ কৰ্মী,শিক্ষক হিতেশ শর্মাই অতিথিসকলক নাহৰ পুলি প্ৰদান কৰে। অনুষ্ঠানত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সর্বোদয় মহাবিদ্যলয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° নয়নজ্যোতি ভূঞাই শর্মিষ্ঠা প্রীতমৰ উপন্যাসৰ এক মনোজ্ঞ আলোচনা আগবঢ়ায়। ঔপন্যাসিক হিচাপে শর্মিষ্ঠা প্রীতমে “নীল সাগৰৰ শংখধ্বনি”ত নতুন প্ৰজন্মৰ আগত আদর্শ প্ৰেমৰ ছবি শক্তিশালী ৰূপত তুলি ধৰা বুলি কোৱাৰ লগতে পূৰ্বৰ উপন্যাসসমূহৰো বিশ্লেষণ আগবঢ়ায়। উল্লেখ্য যে অসমৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিক তথা তার্কিক সন্মান লাভ কৰা মুঠ ১৩গৰাকী যুৱ অতিথিৰ হাতত অর্পণ কৰি উপন্যাসখন উন্মোচন কৰা হয়। অনুষ্ঠানত যুৱ অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্র হর্ষজিৎ কলিতা,বিকাশ শর্মা,জয়শ্রী নেওগ, কটন বিশ্ববিদ্যালয়ৰ অন্তৰীপ কাকতি, তুহিনকন্যা বৰা,তেজপুৰ বিশ্ববিদ্যালয়ৰ আকাংক্ষা তামুলী, ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ ডিম্পল হাজৰিকা,বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্রী তাপ্তী দুতি বৰা,অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ সাহিত্য সমাজৰ সভানেত্রী দীক্ষিতা মেধি,ধনঞ্জয় দাস,দৰং মহাবিদ্যালয়ৰ নিকিতা গোস্বামী,কলিয়াবৰ মহাবিদ্যালয়ৰ বিউটী হাজৰিকা আৰু নগাঁও বিশ্ববিদ্যালয়ৰ সংকল্পজিৎ শইকীয়া। অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক ড° নৱজ্যোতি নাথ,অধ্যাপক ড° মানসজ্যোতি নির্মলীয়া,লেখিকা ড° পল্লৱী গোস্বামী,গল্পকাৰ শিৱানন্দ কাকতি,নীলোৎপল বৰুৱা,ড° মিলন নেওগ,ড° কৰৱী দেৱী,ড° কৰৱী কোচ,কৈলাশ কুমাৰ ৰাজখোৱা,খগেন মহন্ত,জগদীশ নাথ,বসন্ত কৌশিক ভাগৱতী,দ্বিজেন্দ্র নাথ হাজৰিকা, কবিতা সিং,অঞ্জলি মহন্ত,কবি ময়ূৰাক্ষী মহন্তকে প্ৰমুখ্য কৰি গণ্য-মান্য লোক উপস্থিত থাকে।