নগাঁৱৰ শিমলুগুৰি কৃষি বিজ্ঞান কেন্দ্ৰত বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সভা
কে ভি কে নিউজলেটাৰ পুস্তিকা আৰু ম’বাইল এপ উন্মোচন
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,
নগাঁও জিলাৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত আজি বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা বিগত বছৰত কি কি কাৰ্যসূচী হাতত লোৱা লৈছিল,তাৰ ক্ষতিয়ান দাঙি ধৰি, আগন্তুক দিনত কি কাৰ্যসূচী হাতত লোৱা হ’ব,ভবিষ্যৎ দিনৰ কাৰণে কৃষি আৰু আনুসাংগিক ক্ষেত্ৰত কি কি জিলাখনৰ উন্নয়নৰ বাবে আগবাঢ়িব লাগিব,তাৰ কাৰণে সকলোৰে পৰা পৰামৰ্শ বিচাৰি এই সভা অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মূৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকাই এই সভা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত বছৰে বছৰে অনুষ্ঠিত হয়। আজিৰ সভাত সকলোৰে পৰা পৰামৰ্শ বিচাৰিছোঁ। এই পৰামৰ্শ লৈ আমি আগন্তুক দিনত কাৰ্যপন্থা হাতত ল’ম আৰু জিলাখনক আৰ্থ সামাজিক দিশত আগুৱাই নিব লাগিব বুলি প্ৰকাশ কৰে। সভাপতিৰ ভাষণত ড০ মনোৰঞ্জন নেওগে নগাঁও জিলাখন মীনকে ধৰি বিভিন্ন উৎপাদন ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ স্থান দখল কৰিছে বুলি মন্তব্য কৰে। সভাত কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ বাৰ্ষিক “কে ভি কে নিউজলেটাৰ”(KVK Newsletter) শীৰ্ষক পুস্তিকা আৰু এটি ম’বাইল এপ উন্মোচন কৰা হয়। সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ,চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰন্য কুমাৰ বৰা,কৃষি বিভাগৰ সহ পৰিচালক ভৱানী কুমাৰ নাথ,নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰি যোৱা ২০২৫-২৬ বছৰৰ কাৰ্যাৱলীৰ পৰ্যালোচনা কৰি ২০২৬-২৭ বছৰত কেনেকুৱা কাৰ্যপন্থা হাতত লোৱা হ’ব তাৰ সবিশেষ বৰ্ণনা কৰে ।আলোচনাচক্ৰত কৃষি,মীন,পশুপালন, ৰেচম,জলসিঞ্চন,জনস্বাস্থ্য কাৰিকৰী বিভাগ,উদ্যোগ আৰু বাণিজ্য বিভাগ, সামাজিক বনানীকৰণ,সমাজ কল্যাণ বিভাগ,ফাৰ্মাৰ প্ৰ’ডিউচ্ৰাৰ কম্পেনী, ফাৰ্মাৰ প্ৰ’ডিউচ্ৰাৰ অৰ্গেনাইজেশ্যন, নাবাৰ্ড,বিভিন্ন বিষয়ৰ বিজ্ঞানীসকল, উদ্যমী মহিলা,প্ৰগতিশীল কৃষকে অংশ গ্ৰহণ কৰি মত প্ৰকাশ কৰে।