বেবেজীয়াত হিন্দু সন্মিলনত সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী
মহান ভাৰতীয় হৈ আগুৱাই যাব লাগিব:জনাৰ্দন দেৱগোস্বামী
বেবেজীয়া:
নগাঁও জিলাৰ বেবেজীয়াত বেবেজীয়া, ডিমৌ,বাংঠাই আঞ্চলিকৰ উদ্যোগত এখন বৃহৎ হিন্দু সন্মিলন অনুষ্ঠিত হয় ৷ এই সন্মিলনত অংশ গ্ৰহণ কৰি মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে সময়ৰ অগ্ৰগতিত হিন্দু সন্মিলনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি আমাৰ পৰম্পৰাক খামুচি ধৰি ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ স্বাভিমান আৰু বিশিষ্ট বৈভৱৰে আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰে ৷ বেবেজীয়া, ডিমৌ, বাংঠাই আঞ্চলিকৰ সভাপতি দিগন্ত কুমাৰ ডেকাই ভাৰত মাতা পূজনেৰে শুভাৰম্ভ কৰা সন্মিলনখনিত সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে
১৯২৫ চনত নাগপুৰ (মহাৰাষ্ট্ৰ)ত ডাঃ কেশৱ বলিৰাম হেডগেৱাৰজীয়ে আৰম্ভ কৰা ৰাষ্ট্ৰীয় সেৱক সংঘই ১০০ বছৰ সম্পূৰ্ণ কৰা প্ৰতিষ্ঠাৰ
সংঘশতাব্দীৰ এই বছৰটোত কেইবালানিও কাৰ্যক্ৰমৰ যোগেদি সমাজৰ সৈতে সম্পৰ্ক স্থাপনৰ প্ৰযত্ন কৰিছে বুলি দোহাৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজৰ সমন্বয়,একাত্মতা আৰু পৰস্পৰৰ প্ৰতি আন্তৰিকতাপূৰ্ণ সম্পৰ্কই সমাজক সৱল,সংগঠিত আৰু বিবেকপূৰ্ণ সচেতনতাৰে হিন্দুত্বৰ গৰিমা অক্ষুণ্ণ ৰাখিব বুলি দোহাৰি তেওঁ গুৰুজনাই দি যোৱা আদৰ্শ আৰু পৰম্পৰাক বিজ্ঞান সন্মতভাৱে আকোঁৱালি লৈ মহান ভাৰতীয় হৈ আগুৱাই যাবলৈ
সমবেত ৰাইজক আহ্বান জনায় লেখক-সাংবাদিক প্ৰাঞ্জল বৰদলৈৰ পৰিচালনাত অনুষ্ঠিত হোৱা হিন্দু সন্মিলনখনিত মৰিগাঁও কলেজৰ ৰসায়ন বিভাগৰ অবসৰী অধ্যাপক ধনঞ্জয় কুশ্ৰেই যোগদান কৰি শতাব্দীবৰ্ষৰ পঞ্চ পৰিৱৰ্তন হিচাপে সামাজিক সমৰসতা, পৰ্য্যবৰণ সংৰক্ষণ, কুটুম্ব প্ৰবোধন, স্ব-আধাৰিত জীৱন আৰু নাগৰিক কৰ্তব্যবোধৰ সন্দৰ্ভত বিস্তাৰিতভাৱে বক্তব্য উপস্থাপন কৰি উল্লিখিত বিষয় সমূহৰ দ্বাৰা সমাজৰ পৰিৱৰ্তনৰ বাবে সন্মিলনে প্ৰয়াস কৰাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷ সন্মিলনৰ অন্যতম উদ্যোক্তা পাৰ্শ্বজ্যোতি সন্দিকৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু বেবেজীয়া,ডিমৌ,বাংঠাই গাঁও পঞ্চায়তৰ অন্তৰ্গত একাধিক মহিলাই পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সন্মিলনখনিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰা হয় ৷ অনুষ্ঠানত দুটি দিহা নাম, কিডচ একাডেমী ৰ একাংশ ছাত্ৰীয়ে জুবিন গাৰ্গৰ গীতত নৃত্য, যুৱতী মহিলা সকলৰ তিৱা নৃত্য আৰু স্থানীয় মহিলা সকলে পৰিবেশন কৰা জেং বিহুৰ উপৰি অবসৰী শিক্ষয়িত্ৰী মামণি বৰদলৈয়ে কবি গণেশ গগৈৰ এটি কবিতা আবৃত্তিৰ লগতে শিশু শিল্পী কাব্যিঞ্জ বৰদলৈয়ে পৰিবেশন কৰা নৃত্যই সকলোকে একপ্ৰকাৰ মোহাচ্ছন্ন কৰি তুলে ৷ সভাপতি দিগন্ত কুমাৰ ডেকাৰ শলাগৰ শৰাইৰে সন্মিলনৰ সামৰণি পৰে ৷