...

বন্ধুৰ মৃতদেহৰ কাষতেই ওৰে নিশা বৰষুণত তিতি বহি থাকিল

Spread the love

বন্ধুৰ মৃতদেহৰ কাষতেই ওৰে নিশা বৰষুণত তিতি বহি থাকিল !

কোকৰাঝাৰত ভয়ংকৰ মটৰ চাইকেল দুৰ্ঘটনাঃ নিহত ১

নিশা তীব্ৰ বৰষুণৰ বাবেই স্থানীয় ৰাইজে দুৰ্ঘটনাৰ বিষয়ে একো গমকেই নাপালে

 

চাইন অন ডেস্ক:

বন্ধুৰ মৃতদেহৰ কাষতেই ওৰে নিশা বৰষুণত তিতি বহি থাকিল ! ঘটনাত তেওঁৰো ভৰি ভগাৰ বাবেই একো সহায়ৰ ব্যৱস্থা কৰিব নোৱাৰি কেৱল সহায়ৰ বাবেই চিঞৰি থাকিল!নিশা তীব্ৰ বৰষুণৰ বাবেই স্থানীয় ৰাইজে দুৰ্ঘটনাৰ বিষয়ে একো গমকেই নাপালে।
কোকৰাঝাৰ জিলাৰ আলেংগীৰ সমীপৱৰ্তী বিশমুৰীৰ শামুকা নদীৰ ওপৰত থকা দলঙত কালি নিশা প্ৰায় ১২ বজাত ভয়াৱহ মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাৰ ফলত এগৰাকী যুৱক থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয় ।
দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজনক বঙাইগাঁও জিলাৰ পলাশগুৰী গাঁৱৰ সুনীল কুমাৰ ৰায়ৰ সন্তান টুটুমনি ৰায় (২০)বুলি চিনাক্ত কৰাৰ লগতে আহত যুৱকজনক পলাশগুৰীৰে নগেন সিনহাৰ সন্তান মনোজ সিনহা(২১) বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে মাজনিশাই ঘটনাটো সংঘটিত হৈছিল যদিও আজি পুৱা ৬ বজাত হে ঘটনাটো পোহৰলৈ আহে ।
পথচাৰীয়ে প্ৰথমে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ আৰু আৰক্ষীক খবৰ দিয়ে আৰু অৱশেষত দুৰ্ঘটনাগ্ৰস্থ হোৱা যুৱকদ্বয়ক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে তীব্ৰবেগী মটৰ চাইকেলখনে দলঙত প্ৰচণ্ড খুন্দা মাৰি শামুকা নদীত ছিটিকি পৰে ৷ ইয়াৰ ফলত দুই বন্ধুও পানীত পৰে আৰু চালক টুটুমনি ৰায় পানীতেই কৰুণ মৃত্যুক সাৱটি লয়।
আনহাতে ভৰি ভঙা অৱস্থাত মনোজ সিনহাও গোটেই নিশা বন্ধুৰ মৃতদেহৰ কাষত বৰষুণত তিতিবুৰি পানীতেই পৰি থাকে। ভৰিভঙাৰ বাবে তেওঁ চলাচল কৰিব পৰা নাছিল আৰু সহায়ৰ বাবে চিঞৰিছিল যদিও মাজনিশা তেওঁৰ চিঞৰ কাৰো কৰ্ণগোচৰ নহ’ল। আজি পুৱা ৬ বজাত হে তেওঁলোকক উদ্ধাৰ কৰি কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিতাললৈ প্ৰেৰণ কৰে।
ইফালে কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা মনোজ সিনহাই তেওঁলোক এগৰাকী বন্ধুৰ ঘৰলৈ গৈছিল বুলি সদৰি কৰে। মটৰচাইকেলখন তেওঁৰ বন্ধুয়ে চলাইছিল বুলি সদৰি কৰিছে। সন্দেহ কৰা মতে তেওঁলোক সুৰাসক্ত অৱস্থাত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *