“কংগ্ৰেছৰ পঞ্চপন্ন বছৰীয়া শাসনৰ সময়ত অসমীয়া জাতিৰ ওপৰত বহু অত্যাচাৰ চলিছিল, অসমীয়া মানুহক
বাংলাদেশীৰ মাজত থাকিবলৈ বাধ্য কৰা হৈছিল”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
• “বিজেপি চৰকাৰে অসমত মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা আৰু সাহিত্য সুৰক্ষিত কৰাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাৰ বাবেই আজি অসমীয়া জাতিয়ে নিজৰ
ঐতিহ্য আৰু অস্তিত্ব সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে”: সোণোৱাল
চাইন অন ডেস্ক:
“বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বিগত ১০ বছৰত সমগ্ৰ অসমৰ লগতে লখিমপুৰলৈও কঢ়িয়াই আনিছে আমূল পৰিৱৰ্তন আৰু সমৃদ্ধি|” ~ এই বাৰ্তাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি লখিমপুৰ বিধানসভা
সমষ্টিৰ বাবে এনডিএ সমৰ্থিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মানৱ ডেকাৰ সমৰ্থনত বগীনদীত প্ৰচাৰ চলায় আৰু ৰাইজৰ মৰমৰ ঢৌ দেখি আপ্লুত হয়| সোণোৱালে কয়, “এই জনসভাত বিজেপিৰ প্ৰতি ৰাইজৰ গভীৰ আস্থা-
বিশ্বাস অটুট থকাৰ সাক্ষী হৈ ৰ’লোঁ| জনগণৰ এই অফুৰন্ত মৰম- আশিসেৰে বিজেপি মিত্রজোঁটে ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ বাবে অসমত বিজয়ৰ ধ্বজা উৰুৱাব বুলি আমি দৃঢ় বিশ্বাসী | ”

অস্তিত্ব ৰক্ষা কৰাৰ বাবে সংগ্রাম চলাই আহিছে| এই সংগ্ৰামৰ লক্ষ্য পূৰণ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দিল্লীত থকা কেন্দ্ৰীয় চৰকাৰ আৰু অসমত বিজেপি নেতৃত্বাধীন
মিত্ৰজোঁটৰ চৰকাৰে যোৱা দহ বছৰে মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছে| তাৰ ফলশ্রুতিস্বৰূপে আজি অসমীয়া জাতিয়ে কিছু সকাহ পাইছে|
কংগ্ৰেছৰ দীৰ্ঘদিনীয়া পঞ্চপন্ন বছৰীয়া শাসনৰ সময়ত অসমীয়া জাতিৰ ওপৰত বহু অত্যাচাৰ চলিছিল| আমাক বাংলাদেশীৰ মাজত থাকিবলৈ বাধ্য কৰা হৈছিল| অবৈধ বাংলাদেশীক অসমলৈ আনি
ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈছিল| তেখেতসকলক নাগৰিকত্ব দিয়াৰ দৰে জাতিৰ স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্ত লোৱা হৈছিল| ইয়াৰ প্ৰতিবাদত অসমৰ জনগণে ৰাজপথলৈ নামি অহিংসা নীতিৰে ছয়
বছৰীয়া দীঘলীয়া আন্দোলন চলাইছিল। কিন্তু কংগ্ৰেছে সেই কথাবোৰ কোনোদিনেই গুৰুত্ব নিদিলে| বৰঞ্চ আইএমডিটিৰ দৰে এখন ভয়াৱহ আইন অসমীয়াৰ ওপৰত জাপি দিছিল| তাৰ বিৰুদ্ধে উচ্চতম
ন্যায়ালয়ত আইনী যুদ্ধ চলিল আৰু অৱশেষত অসমীয়া জাতি জয়ী হ’ল| মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰে অসমত মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা আৰু সাহিত্য সুৰক্ষিত কৰাৰ বাবে
শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে| আজি অসমীয়া জাতিয়ে নিজৰ ঐতিহ্য আৰু অস্তিত্ব সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে| ভাৰতীয় জনতা পাৰ্টিয়ে স্পষ্টকৈ কৈছে- অসমীয়া
জাতিৰ অস্তিত্ব কোনো পৰিস্থিতিতে বিপদাপন্ন হ’বলৈ নিদিওঁ। এইটো আমাৰ প্ৰধান দায়িত্ব|”
সোণোৱালে কয়, “আপোনালোকৰ আশীৰ্বাদত মই পাঁচ বছৰ সফলতাৰে মুখ্যমন্ত্ৰী আছিলোঁ| তাৰপাছত ড হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে সফলতাৰে আগবাঢ়িছে|
এইবাৰৰ নিৰ্বাচনো আমাৰ বাবে গুৰুত্বপূৰ্ণ, কাৰণ আমাৰ কিছুমান কাম এতিয়াও বাকী আছে| অসমত থকা অবৈধ বাংলাদেশীক সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব লাগিব| এই কাম কেৱল বিজেপি চৰকাৰ থাকিলেহে সম্ভৱ
| যোৱা দহ বছৰত প্ৰতিটো জাতি- জনগোষ্ঠীয়ে সম-মর্যাদা পাইছে| প্রবাদপুৰুষৰ নামত অনুষ্ঠান, প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠান স্থাপন হৈছে| মোৰ কাৰ্যকালত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ৩ লাখ ৭৫ হাজাৰ মাটিৰ
পট্টা দিয়া হৈছিল আৰু বৰ্তমান প্ৰায় ৫ লাখ পট্টা দিয়া হৈছে| আমি তেতিয়াই কৈছিলোঁ– আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ| এই লক্ষ্যৰে আমি একত্ৰিত প্ৰচেষ্টাৰে কাম কৰি আছোঁ| যুৱক-যুৱতীৰ কৰ্মসংস্থান,
মহিলাৰ সবলীকৰণ আৰু শিক্ষাৰ ক্ষেত্ৰত বহু আঁচনি সফলতাৰে ৰূপায়ণ কৰা হৈছে| অসমীয়া জাতি এতিয়া দুর্বল নহয়| অসমীয়া জাতিয়ে আগলৈ চাই আগন্তুক দিনত বিশ্বৰ বুকুত শক্তিশালী জাতি হিচাপে
প্ৰতিষ্ঠা লাভ কৰিব| লখিমপুৰৰ উন্নয়ন বিগত দহ বছৰত চমকপ্ৰদ হৈছে| আগতে জোনাইলৈ যাবলৈ ৮ ঘণ্টা লাগিছিল |
এতিয়া ৰাস্তা আগতকৈ বহু উন্নত হৈছে, যোগাযোগ ব্যৱস্থা উন্নত হৈছে, বহু ৰে’ল চলাচল কৰে| বগীবিল দলং, ধলা-শদিয়া দলং, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ ইত্যাদি বিভিন্ন দিশত উন্নয়ন হৈছে| সেয়েহে উন্নয়ন, সমৃদ্ধি আৰু প্ৰগতিৰ বাটেৰে লখিমপুৰক আগুৱাই নিবলৈ এনডিএ সমৰ্থিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মানৱ ডেকাক বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনালোঁ | ”
ইয়াৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলামৰাত অনুষ্ঠিত নির্বাচনী সভাত এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায় আৰু কয় যে ৰাইজৰ ব্যাপক উপস্থিতিয়ে বিজেপিৰ নেতৃত্বাধীন এনডিএ-ৰ প্ৰতি সম্পূৰ্ণ আস্থা- বিশ্বাসক স্পষ্টকৈ প্ৰতিফলিত কৰিছে| ৰাইজৰ অকুণ্ঠ মৰম-আশীর্বাদেৰে ঢকুৱাখনাত পুনৰ এবাৰ পদুম ফুলাটো সুনিশ্চিত! কিয়নো বিগত ১০ বছৰত ঢকুৱাখনাই কংগ্ৰেছৰ দুৰ্নীতি আৰু অন্ধকাৰ যুগৰপৰা মুক্ত হৈ সৰ্বাংগীণ উন্নয়নৰ পথত ক্ষিপ্ৰতাৰে আগবাঢ়িছে | কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “আজি ৰাইজৰ উৎসাহিত মুখমণ্ডল দেখি মোৰ এক দৃঢ় বিশ্বাস হৈছে যে এইবাৰ
সদৃশ ভোটৰ পাহাৰ গঢ়ি তুলিব| ইয়াৰ কাৰণ স্পষ্ট ঢকুৱাখনা এখন আগৰণুৱা সমাজ, যিয়ে বৌদ্ধিক, সাংস্কৃতিক আৰু সামাজিক দিশত সদায়ে দৃষ্টান্ত স্থাপন কৰি আহিছে| দীৰ্ঘদিন ধৰি কংগ্ৰেছ চৰকাৰৰ শাসনত এই অঞ্চলৰ মৌলিক সমস্যা যেনে ৰাস্তা-ঘাট, যাতায়াত আৰু সংযোগ ব্যৱস্থা উন্নত নোহোৱাত ৰাইজে বহু কষ্ট ভোগ কৰিবলগীয়া হৈছিল| কিন্তু ২০১৪ চনত দেশত আৰু ২০১৬ চনত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে এই অৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিল। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী 
এই উন্নয়ন আৰু পৰিৱৰ্তনৰ ধাৰা অব্যাহত ৰাখিবলৈ মই ৰাইজৰ ওচৰত আন্তৰিক অনুৰোধ জনাইছোঁ– ঢকুৱাখনাৰ সন্তান নৱ কুমাৰ দলে ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰক আৰু পুনৰবাৰ উন্নয়নমুখী চৰকাৰ গঠন কৰক।”
