...

বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ বাৰ্তা লৈ পুনৰ সৰ্বানন্দ সোণোৱাল

Spread the love

বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ বাৰ্তা লৈ পুনৰ সৰ্বানন্দ সোণোৱাল

বৰাকৰ পৰা আৰম্ভ কৰা প্ৰচাৰ যাত্ৰা ব্ৰহ্মপুত্ৰ উপত্যকা ডিব্ৰুগড়ত সামৰিলে সৰ্বানন্দ সোণোৱালে

চাইন অন ডেস্ক:

পুনৰ বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ বাৰ্তাৰে ডিব্ৰুগড়ত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ যাত্ৰা সামৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৰাকৰ পৰা আৰম্ভ কৰা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ডিব্ৰুগড় মহানগৰত বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰে’লীত অংশগ্ৰহণ কৰে। প্রায় ১২ দিন ধৰি বিজেপিৰ জ্যেষ্ঠ নেতা সর্বানন্দ সোণোৱালে ২৫টাতকৈও অধিক বিধানসভা সমষ্টিত প্ৰচাৰ চলাই প্ৰায় ৪০খন ৰাজহুৱা সভাত ভাষণ দি উন্নয়ন আৰু সমৃদ্ধিৰ অনিৰুদ্ধ যাত্ৰাক আগুৱাই নিয়াৰ দৃঢ় সংকল্প দোহাৰে৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত ভাষণ প্রসংগত কয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি আমাৰ মাজলৈ আহি এই নিৰ্বাচনৰ বাবে এক শক্তিশালী বার্তা প্রদান কৰি থৈ গৈছে। তেওঁ কৈছে যে অসমখন ভাৰতৰ ভিতৰত এখন আগবঢ়া আৰু গৌৰৱৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে আৰু আগন্তুক দিনবোৰত বিকাশৰ এক নতুন শিখৰত আৰোহণ কৰিব। আমি এটা কথা কেতিয়াও পাহৰি নাযাওঁ-কংগ্ৰেছৰ দীঘলীয়া শাসনকালত অসমখন উগ্ৰপন্থীৰ কবলত পৰিছিল। সেই সময়ত বোমা বিস্ফোৰণ, অপহৰণ, হত্যা, হিংসা, ধর্মঘট আৰু নিৰাপত্তাহীনতাই সাধাৰণ মানুহৰ জীৱন দুর্বিষহ কৰি তুলিছিল। মানুহে শান্তিত জীৱন যাপন কৰিব পৰা নাছিল। কিন্তু আজি বিজেপি মিত্রজোঁটৰ চৰকাৰৰ শাসনকালত পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হৈছে। আজি বহু উগ্রপন্থীয়ে অস্ত্র ত্যাগ কৰি শান্তিৰ পথ গ্রহণ কৰিছে। এই পৰিৱৰ্তনৰ আঁৰত মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ ভূমিকা আৰু দূৰদৰ্শী দৃষ্টিভংগী নিহিত হৈ আছে। তেখেতৰ সপোন- এ ফ’ৰ আছাম। আজিৰ অসমত শান্তি আছে, আৰু শান্তি থাকিলেহে উন্নয়ন সম্ভৱ। আজি আমি নিশ্চিন্তভাৱে কাম কৰিব পাৰোঁ, নিজৰ মত প্ৰকাশ কৰিব পাৰোঁ, যি আগতে সহজ নাছিল। সেয়েহে এই পৰিৱৰ্তনৰ মূল্য আমি সকলোৱে বুজিব লাগিব। বৰ্তমানৰ চৰকাৰৰ নেতৃত্বত অসমত উন্নয়নৰ নতুন অধ্যায় আৰম্ভ হৈছে। বিশেষকৈ মহিলাসকলৰ বাবে বিভিন্ন আঁচনিৰ জৰিয়তে আর্থিক স্বাৱলম্বিতা নিশ্চিত কৰা হৈছে। লাখ লাখ মহিলাই ইয়াৰ সুফল লাভ কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বহু পৰিয়ালে নিজৰ বিনামূলীয়া ঘৰ লাভ কৰিছে। এইবোৰ হৈছে বাস্তৱ উন্নয়নৰ উদাহৰণ। ডিব্ৰুগড়তো শিক্ষা, স্বাস্থ্য, পথ-ঘাট আৰু অন্যান্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন দেখা গৈছে। আহক, আমি একেলগে ডিব্রুগড়ক এখন শক্তিশালী, সমৃদ্ধ আৰু উন্নত চহৰ হিচাপে গঢ়ি তোলোঁ। দক্ষিণ-পূব এছিয়াৰ ভিতৰত এখন আগশাৰীৰ চহৰ হিচাপে ডিব্ৰুগড়ক প্রতিষ্ঠা কৰাটো আমাৰ দৃঢ় লক্ষ্য। এই লক্ষ্য পূৰণৰ বাবে বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাটো সময়ৰ আহ্বান। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণত কয়, এইবাৰৰ বিধানসভা নির্বাচন অসমৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ সন্ধিক্ষণ। অসমীয়া জাতিয়ে বহু বছৰ ধৰি নিজৰ পৰিচয় আৰু অস্তিত্ব ৰক্ষাৰ বাবে কঠোৰ সংগ্ৰাম কৰি আহিছিল। এই সংগ্ৰামৰ লক্ষ্য সিদ্ধ কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাটিৰ নেতৃত্বত কেন্দ্ৰৰ এনডিএ চৰকাৰ আৰু অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে যোৱা দশকত অবিৰত চেষ্টা অব্যাহত ৰাখিছে। তাৰ ফলত আজি অসমীয়া সমাজে যথেষ্ট স্বস্তি অনুভৱ কৰিবলৈ সক্ষম হৈছে। তেওঁ উল্লেখ কৰে যে, কংগ্ৰেছৰ দীঘলীয়া শাসনকালত অসমৰ মানুহে বহু সমস্যাৰ সন্মুখীন হৈছিল। সেই সময়ছোৱাত অসমক অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে এটা নিৰাপদ আশ্রয়স্থল হিচাপে গঢ়ি তোলা হৈছিল আৰু তেওঁলোকক ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এইবোৰৰ প্ৰতিবাদত অসমৰ সাধাৰণ জনতাই ৰাজপথলৈ নামি অহিংস পন্থাৰে দীঘলীয়া ছয় বছৰীয়া অসম আন্দোলন চলাইছিল যদিও কংগ্রেছে সেই আন্দোলনৰ মৰ্ম বুজিবলৈ ইচ্ছা প্রকাশ কৰা নাছিল আৰু দমন নীতিৰে ৮৬০জন তেজাল অসমীয়াক নৃশংসভাবে হত্যা কৰিছিল। পৰৱৰ্তী সময়ত আইএমডিটি আইন জাপি দি পৰিস্থিতি অধিক জটিল কৰি তুলিছিল। অৱশেষত আমি উচ্চতম ন্যায়ালয়ত কৰা আইনী যুঁজত অসমৰ স্বাৰ্থ জয়ী হয় আৰু ভয়াৱহ আইএমডিটি আইন বাতিল হয়।
সর্বানন্দ সোণোৱালে আৰু কয় যে, বৰ্তমানৰ বিজেপি চৰকাৰে অসমৰ মাটি, ভেটি, ভাষা, সংস্কৃতি আৰু ঐতিহ্য ৰক্ষাৰ ক্ষেত্রত দৃঢ় পদক্ষেপ গ্রহণ কৰিছে। এইবোৰ প্ৰচেষ্টাৰ ফলতেই আজি অসমীয়া জাতিয়ে নিজৰ পৰিচয় আৰু ঐতিহ্য অধিক সুৰক্ষিত অনুভৱ কৰিছে। তেওঁ স্পষ্টকৈ কয় যে, ভাৰতীয় জনতা পাটিৰ বাবে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰাটো এক গুৰুত্বপূর্ণ দায়িত্ব, আৰু এই ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *