...

বিজেপি থাকিলেহে আমাৰ উন্নয়ন আৰু শান্তি থাকিব:সোণোৱাল

Spread the love

বিজেপি থাকিলেহে আমাৰ উন্নয়ন আৰু শান্তি থাকিব:সোণোৱাল

৪৭ টা বৰ্ষত ভৰি দিলে ভাৰতীয় জনতা পাৰ্টীয়ে

চাইন অন ডেস্ক:

৪৭ টা বৰ্ষত ভৰি দিলে ভাৰতীয় জনতা পাৰ্টীয়ে। ১৯৮০ চনৰ ৬ এপ্ৰিলত প্ৰতিষ্ঠা লাভ কৰা গেৰুৱা দলটোৰ প্ৰতিষ্ঠা বৰ্ষৰ উপলক্ষে সোমবাৰৰ দিনা ডিব্ৰুগড়ত দলৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল উপস্থিত থাকি প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী অটল বিহাৰী বাজপেয়ীক স্মৰণ কৰে। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেল অনুষ্ঠিত কৰি কয় যে, অটল বিহাৰী বাজপেয়ীৰ আদৰ্শৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ ১৪০ কোটি জনতাক নিষ্ঠাৰে, শ্ৰদ্ধা ভক্তিৰে সেৱা আগবঢ়াই আহিছে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত। বিজেপিয়ে জন্ম লগ্নৰে পৰাই এটা কথা সুস্পষ্ট কৰি আহিছে যে, ভাৰতবৰ্ষৰ সনাতন সংস্কৃতিৰ আধাৰত এই দল পৰিচালিত হ’ব আৰু মহান মানৱীয় দৃষ্টিভংগীৰে সমাজত আটাইতকৈ দৰিদ্ৰজনক শক্তিশালী কৰাৰ লক্ষ‍্যৰে মানৱসেৱা, ৰাষ্ট্ৰসেৱাৰ কামত আত্মনিয়োগ কৰাৰ কথা তেতিয়াৰ পৰাই ধাৰাবাহিকতাৰে বৰ্তাই ৰাখিছে। যাৰ ফলত বৰ্তমানৰ সময়তো বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ শক্তিশালী নেতৃত্ব বহন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ক্ষেত্ৰত দেশবাসীয়ে উপলব্ধি কৰিছে যে কেনেকৈ ভাৰতীয় জনতা পাৰ্টীৰ পতাকাৰ তলত থাকি সমাজৰ মূল স্তম্ভ, যাৰ অবিহনে এখন সমাজ শক্তিশালী হ’ব নোৱাৰে। বিশেষকৈ দৰিদ্ৰ জনগন, মহিলা, যুৱক আৰু খেতিয়ক এই চাৰিটা স্তম্ভ যদি সমাজত শক্তিশালী ৰূপ ধাৰণ কৰে, তেতিয়া স্বাভাৱিকতে ৰাষ্ট্ৰ শক্তিশালী হ’ব। আৰু ৰাষ্ট্ৰ‌ই বিশ্বৰ বুকুত সবাতোকৈ শক্তিশালী দেশ হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ’ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত দায়িত্বভাৰ লৈয়েই প্ৰধানমন্ত্ৰী হিচাপে ‘সবকা সাঠ, সবকা বিকাশ’ সাৰ্বজনীন গণতান্ত্ৰিক নীতিৰে সকলোৰে সম উন্নয়নৰ বাবে যিখিনি আত্মনিয়োগ কৰিলে, যিখিনি সঠিক পৰিকল্পনা আঁচনি প্ৰস্তুত কৰি বাজেটৰ ধন সঠিকভাৱে ব‍্যয় কৰাৰ যি সিদ্ধান্ত ল’লে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষত বৈপ্লৱিক পৰিৱৰ্তন সম্ভৱ হৈছে। আজি খেতিয়কৰ উপাৰ্জন বাঢ়িছে, পূৰ্বতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ইত্যাদি বিভিন্ন কল‍্যানমূলক আচনিৰ কথা বিলাকক মানুহে বিশেষভাৱে গভীৰভাৱে উপলব্ধি কৰা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল আচনিৰ পৰিৱৰ্তন কৰাৰ উপৰিও ইয়াৰ জৰিয়তে হিতাধিকাৰী সকলে প্ৰকৃতাৰ্থত লাভাৱান্বিত হৈছে নে নাই তাৰ চোৱাচিতা কৰাৰ বাবে যিটো স্বচ্ছ আৰু নিকা শাসনব‍্যৱস্থা প্ৰৱৰ্তন কৰিলে তাৰ বাবে আজি খেতিয়ক সকলৰ লাভৱান্বিত হৈছে। উপাৰ্জনৰ লগতে আগুৱাই যোৱাৰ প্ৰবণতা বৃদ্ধি পাইছে। মহিলা সকলৰ সবলীকৰণ কৰাৰ বাবে ‘বেটি বচাও, বেটি পঢ়াও’ আঁচনিৰ জৰিয়তে ৰাজ‍্য চৰকাৰেও মহিলা সবলীকৰণৰ ক্ষেত্ৰত লোৱা আচনিৰ জৰিয়তে ৰাজ‍্যৰ মহিলা সকলে আগবাঢ়ি গৈছে। ইয়াৰ উপৰিও যুৱ শক্তিক সবলীকৰণ কৰাৰ বাবে খেলৌ ইণ্ডিয়া, স্কীল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট আপ আদিৰ জৰিয়তে যোৱা ১১ বছৰে যিমান সহযোগিতা আগবঢ়ালে তাৰ ফলত আজি যুৱ শক্তিক আৰ্থিকভাৱে সবল কৰিলে। অসমৰ প্ৰায় ২২ লাখ দৰিদ্ৰ পৰিয়ালৰ লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পাবলৈ সক্ষম হৈছে। আগন্তুক দিনত প্ৰায় ১৫ লাখ দৰিদ্ৰ লোকে এই ঘৰ লাভ কৰিব। ২০০ বছৰ ধৰি চাহ বাগিচাৰ শ্ৰমিক সকলে বসবাস কৰা চাহ বাগিচাৰ আৱাসগৃহত ভূমিৰ অধিকাৰ নাছিল। বিজেপি চৰকাৰ ৩ লাখ ৩৩ হাজাৰ চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান কৰিলে। ২০১৬ চনৰ পৰা ২০২৬ চনলৈকে ৮ লাখ খিলঞ্জীয়া ভূমিপুত্ৰ সকলক ভুমিৰ পট্টা প্ৰদান কৰে। ইয়াৰ উপৰিও অসমৰ ঔদ্যোগিক খণ্ডলৈ এক আমূল পৰিৱৰ্তন আনিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে। বিজেপি থাকিলেহে আমাৰ উন্নয়ন আৰু শান্তি থাকিব। সেইবাবে পুনৰ তৃতীয় বাৰৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনক ক্ষমতাৰ বাঘজৰী হাতত তুলি দিব, অসমৰ ৰাইজে সেই কথা স্পষ্ট কৰিছে। উল্লেখ্য যে, সংবাদমেলত ডিব্ৰুগড় সদৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকন, জিলা বিজেপিৰ সভাপতি দুলাল বৰা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *