“অসমৰ পৰিচয় আৰু ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰেই একমাত্র বিকল্প”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
“অবৈধ অনুপ্ৰৱেশৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কংগ্ৰেছে আপোচ কৰি অসমক সংকটত পেলাইছিল আৰু ৰাষ্ট্ৰৰ বাবে বিপদ মাতি আনিছিল”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
“কংগ্ৰেছৰ সময়ত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ পৰিচয় আৰু অধিকাৰ বিপদত পৰিছিল”: সোণোৱাল
টিহু/ধেমাজি:
কেন্দ্রীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি টিহুত এনডিএ সমর্থিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী আৰু ধেমাজিত ৰণোজ পেগুৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায় |
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ভাষণ প্ৰসংগত কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত যোৱা এটা দশকত অসমে অভূতপূর্ব উন্নয়নৰ সাক্ষী হৈছে।" কংগ্ৰেছে দীর্ঘদিন ধৰি অসমক কৰা অৱহেলা,
দুৰ্নীতি আৰু বিভাজনমূলক ৰাজনীতিৰ বাবে দোষাৰোপ কৰি তেওঁ কয় যে সেই সময়ত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ পৰিচয় আৰু অধিকাৰ বিপদত পৰিছিল| সোণোৱালে কয় যে আগন্তুক বিধানসভা নিৰ্বাচন
অসমৰ পৰিচয়, সংস্কৃতি আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাৰ এক গুৰুত্বপূৰ্ণ সময় |“যোৱা ১১ বছৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে অন্ধকাৰৰ পৰা শান্তি, উন্নয়ন আৰু সমৃদ্ধিৰ দিশে আগবাঢ়িছে। এই পৰিৱৰ্তন প্রধানমন্ত্ৰী
মোদীৰ দৃঢ় নেতৃত্ব আৰু ‘সবকা সাথ, সবকা বিকাশ' দৃষ্টিভংগীৰ ফচল,” বুলি কয় সোণোৱালে |তেওঁ উল্লেখ কৰে যে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে সকলো শ্ৰেণীৰ লোকৰ বাবে উন্নয়ন নিশ্চিত কৰিছে|
কল্যাণমূলক আঁচনি, আন্তঃগাঁথনি
উন্নয়ন আৰু নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি হোৱা বুলি তেওঁ উল্লেখ কৰে |কংগ্রেছক তীব্র সমালোচনা কৰি সোণোৱালে কয়, “কংগ্ৰেছৰ ভোটবেংকৰ ৰাজনীতিয়ে অসমৰ স্বাৰ্থক ক্ষতিগ্ৰস্ত কৰিছে|
অবৈধ অনুপ্ৰৱেশৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কংগ্ৰেছে আপোচ কৰি অসমক সংকটত পেলাইছিল আৰু ৰাষ্ট্ৰৰ বাবে বিপদ মাতি আনিছিল |”
তেওঁ জনায় যে ৮ লাখৰো অধিক খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হৈছে আৰু ১.৫ লাখৰো অধিক চৰকাৰী চাকৰি সম্পূৰ্ণ স্বচ্ছ আৰু দুৰ্নীতিমুক্ত প্ৰক্ৰিয়াৰে যোগ্যতাৰ ভিত্তিত প্ৰদান কৰা হৈছে
“কংগ্ৰেছৰ সময়ত হোৱা চাকৰি বিক্ৰীৰ দিন এতিয়া শেষ হৈছে। আজি যুৱক-যুৱতীয়ে এটকাও ঘোচ নিদিয়াকৈ মেধাৰ ভিত্তিত সুযোগ লাভ কৰিছে,” সোণোৱালে কয় |
সোণোৱালে অৰুণোদয় আঁচনিৰ জৰিয়তে ৪০ লাখৰো অধিক মহিলাই লাভবান হোৱা বুলি উল্লেখ কৰে| প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ২২ লাখৰো অধিক ঘৰ নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ কয়
ঐতিহ্য, সংস্কৃতিৰ ক্ষেত্ৰতো অভূতপূর্ব উন্নয়ন হোৱা বুলি উল্লেখ কৰি তেওঁ লাচিত বৰফুকন আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক উচিত সন্মান প্রদান, লগতে বিহু আৰু গামোচাৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ কথা উল্লেখ কৰে|
গুৱাহাটীস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰৰ কথাও তেওঁ কয়৷সোণোৱালে কংগ্ৰেছক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অৱহেলাৰ বাবে তীব্র সমালোচনা কৰে| “দীৰ্ঘদিন ধৰি এই অঞ্চলটোত ভঙা পথ, দুর্বল যোগাযোগ আৰু আইন-শৃংখলাজনি
সমস্যা আছিল| আজি সেই অৱস্থা সম্পূৰ্ণ সলনি হৈছে”, তেওঁ কয় |তেওঁ কয় যে ৰে'লপথৰ বৈদ্যুতীকৰণ, ব্ৰডগজলৈ ৰূপান্তৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণ, লীলাবাৰী বিমানবন্দৰৰ উন্নয়ন আদি ব্যৱস্থাই
অঞ্চলটোৰ উন্নয়ন ত্বৰান্বিত কৰিছে| বগীবিল দলং নিৰ্মাণৰ ফলত উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যাত্ৰাৰ সময় উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে বুলিও তেওঁ কয়|
শেষত সোণোৱালে কয় যে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ জাতি, মাটি, ভেটি ৰক্ষা কৰাৰ লগতে যুৱক-যুৱতী, মহিলা, কৃষক আৰু দৰিদ্ৰ শ্ৰেণীৰ উন্নয়নৰ বাবে দৃঢ় প্রতিশ্রুতিবদ্ধ ||
“এনডিএ-ই মানুহৰ বাবে কাম কৰিছে, কিন্তু কংগ্ৰেছে কেৱল তোষণমূলক ৰাজনীতি কৰিছে আৰু পৰিয়ালতন্ত্ৰক শক্তিশালী কৰিছে | অসমৰ পৰিচয় আৰু ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰেই
একমাত্র বিকল্প, ” বুলি কয় সোণোৱালে, আৰু আগন্তুক নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক সমৰ্থন কৰিবলৈ ৰাইজক আহ্বান জনায় |