...

ডিব্ৰুগড়ত শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী

Spread the love

ডিব্ৰুগড়ত শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী

 

বিজেপিত থাকি দেশ আৰু সমাজক শক্তিশালী কৰাৰ সংকল্প ল’ব লাগিবঃ দিলীপ শইকীয়া
১৫৫ খন বাছ, ৫ শ বাইকেৰে আহি দলে-বলে বিজেপিত যোগদান কৰিলে ৫০০০লোকে
চাইন অন ডেস্ক: 

বিজেপিত যোগদান কৰিয়েই পাঁচ সহস্ৰাধিক লোকক লৈ যোগদান কৰোৱাই ইতিহাস ৰচিলে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। দুলীয়াজান, লাহোৱাল-চাবুৱা, মাজুলী, 
চৰাইদেউ আদি সমষ্টিৰ প্ৰায় ৫ সহস্ৰাধিকক লোকক বিজেপিত যোগদান কৰাত উদ্যোগ গ্ৰহণ কৰি একপ্ৰকাৰ শক্তি প্ৰদৰ্শন কৰিলে শংকৰজ্যোতি বৰুৱাই। ডিব্ৰুগড় মহানগৰৰ মানকটা চাহ বাগিচাৰ পূজা
 ফিল্ডত অনুষ্ঠিত হোৱা বিশাল যোগদান কাৰ্যসূচীত আছু, আগছু, কংগ্ৰেছ আদি দলৰ নেতা-কৰ্মীয়ে গেৰুৱা দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱাই 
আঁত ধৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অসমত তৃতীয়বাৰৰ বাবে বিজেপিৰ নেতৃত্বাধীন এন ডি এ চৰকাৰ প্ৰতিষ্ঠা হ’ব বুলি দাবী কৰি কয় যে, মুখ্যমন্ত্ৰী 
ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ চতুৰ্দিশে উন্নয়ন প্ৰতিষ্ঠা হৈছে। আনহাতে উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত থকা ১২ খন আসনৰ ভিতৰত ১২ খন আসনেই বিজেপি মিত্ৰজোঁটৰ 
দখললৈ আনিব লাগিব বুলি উল্লেখ কৰি, অসমত বিজেপিৰ বিকল্প নাই। ৫৫ বছৰে কংগ্ৰেছে ৰাজত্ব কৰি কেৱল অন্যায় আৰু অত্যাচাৰ কৰিলে। আমাৰ প্ৰাপ্য আৰু অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ল। 
২০১৬ চনৰ আগৰ অসমখনৰ কথা সকলোৱে মনত পেলালেই স্পষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যাব। নিজৰ ভাষণ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই লগতে কয় যে, মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত 
ভাৰতবৰ্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে ভাৰতৰ বিকাশৰ মানচিত্ৰত অসমক সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। কোনোৱে কল্পনা কৰিব নোৱাৰাকৈ অসমৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ত প্ৰতিষ্ঠা হ'বলৈ 
গৈ আছে। এতিয়াৰ পৰা চৰকাৰী কাম-কাজৰ বাবে গুৱাহাটীলৈ যোৱাৰ প্ৰয়োজন নাই। ডিব্ৰুগড়তে সকলো কাম-কাজ কৰিব পাৰিব। কংগ্ৰেছৰ দিনত দুৰৱস্থা হৈ থকা ৰাজপথত এতিয়া বিমান অৱতৰণ কৰিব পৰা
 হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰাণৱে’লৈ উত্তৰণ ঘটাবলৈ সক্ষম হৈছে। ইফালে নতুনকৈ যোগদান কৰিবলৈ অহা নৱাগতসকলক উদ্দেশ্যি দিলীপ শইকীয়াই কয়, জীৱনৰ শেষ নিশ্বাস থকালৈকে আজি যোগদান 
কৰাসকলে ভাৰতীয় জনতা পাৰ্টি এৰিব নোৱাৰিব। বিজেপিত থাকি দেশ আৰু সমাজক শক্তিশালী কৰাৰ সংকল্প ল’ব লাগিব। আজি যি টুপী পিন্ধিব সেই টুপীৰ সন্মান আৰু মৰ্যাদা অক্ষুন্ন ৰাখিব লাগিব। আনহাতে 
শংকৰজ্যোতি বৰুৱাক লৈয়ো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিলীপ শইকীয়াই শংকৰজ্যোতি বৰুৱাক উপযুক্ত সন্মান দিয়া হ’ব বুলি উল্লেখ কৰি কয় যে, শংকৰজ্যোতি বৰুৱাই
 বিজেপিত যোগদান কৰাৰ পিছৰে পৰা উজনি অসমত এটা নতুন যুৱশক্তিৰ সঞ্চাৰ হৈছে। তাৰ বাবে ধন্যবাদ দিছো শংকৰজ্যোতি বৰুৱাক। শংকৰজ্যোতি বৰুৱাক দলে যেনেদৰে মৰ্যাদা দিব লাগে, আমি সেই সন্মান আৰু
 মৰ্যাদা দলৰ মাজৰ পৰা দিম। এইখিনি আমাৰ স্পষ্ট কথা। বিজেপিত বিচাৰিলেই নাপায়, নিবিচাৰিলেহে পোৱা যায়। সময়ৰ আগত একো নহয়, সময়ৰ পাছতো একো নাই। সময়ৰ ওপৰত সকলো নিৰ্ভৰশীল। সময়ৰ 
লগত আমি নিজৰ খোজ দিব লাগিব। বিজেপিত ধৈৰ্য্যৰ শক্তি থাকিব লাগিব। ইফালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত থাকি কয় যে, বিজেপিত নেতৃত্ব পাবলৈ সাধাৰণ পৰিয়ালৰ সন্তানেই যোগ্যতা লাভ কৰে। কিন্তু আন 
দলত নেতৃত্ব ল’বলৈ মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ সন্তান হ’ব লাগিব। সেই কাৰণে বিজেপিয়ে সাধাৰণ শ্ৰেণীৰ মানুহৰ মনৰ কথা বুজি পায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে চতুৰ্দিশে উন্নয়ন দেখিছে। আমাৰ চৰকাৰে 
যেনেদৰে বিকাশৰ কাম কৰে, তেনেদৰে আমাৰ সংস্কৃতি, জাতি ৰক্ষাৰ কামো কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায়েই কয়, বিকাশো হ’ব লাগিব, সভ্যতা-সংস্কৃতিও ৰক্ষা কৰিব লাগিব। আজি অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 
নেতৃত্বত এক ভাবিব নোৱাৰা বিকাশ আৰম্ভ হৈছে। অসমত নভবা আৰু অসমে নেদেখা সপোন বা উন্নয়ন অসমৰ মানুহে আজি দেখিছে। এই অঞ্চলৰ মানুহে কেতিয়াও ভবা নাছিল যে মৰানৰ ৰাজপথত যুঁজাৰু বিমান অৱতৰণ কৰিব। 
আজিৰ পৰা কেইবছৰমান আগতে আহোতে আমি চিন্তা কৰিছিলো যে, এই ৰাস্তাৰে গাড়ীখন কেনেকৈ পাৰ কৰিম। খলা-বমা ৰাস্তাৰে আমি কোনোমতে গাড়ী চলাবলগীয়া হৈছিল। আজি সেই ৰাস্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 
নেতৃত্বত ৰাফেলৰ দৰে যুঁজাৰু বিমান অৱতৰণ কৰাৰ সুবিধা কৰা হৈছে। একেটা অনুষ্ঠানত মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰি নিজৰ ভাষণ প্ৰসংগত কয় যে, বিজেপিৰ দৰ্শন হৈছে একাত্ম মানৱতাবোধ। মানুহক নৰৰূপী নাৰায়ণৰূপে
 জ্ঞান কৰাটো ভাৰতীয় সভ্যতা-সংস্কৃতি তথা দৰ্শনৰ বৈচিত্ৰ। সেই বৈচিত্ৰতাক লৈ আমি আগুৱাই যোৱাৰ কাৰণে সংকল্পবদ্ধ হৈছো। এটা সময়ত দিল্লীয়ে অসমক মাহীআঁইৰ দৃষ্টিৰে চাইছিল। তাৰবাবে আন্দোলন কৰি হাজাৰ হাজাৰ
 যুৱক-যুৱতী মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। ১৯৬২ চনত চীনা যুদ্ধৰ সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৱে ভাৰতৰ বুকুৰ পৰা অসমক বিচ্ছিন্ন কৰি দিয়াৰ কথা কৈছিল। কিমান দুৰ্বল হ’লে অসমক বিদেশী ৰাষ্ট্ৰৰ হাতত 
গতাই দিব পৰা কথা ক’ব পাৰিছিল। তাৰ বিপৰীতে আজি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মৰানৰ ৰাজপথত জৰুৰীকালীন বিমান অৱতৰণ ক্ষেত্ৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে। এতিয়া অসমে কোনো আন্দোলন নকৰাকৈ উদ্যোগ লাভ কৰিছে।
 চাৰিওদিশে বিকাশ হৈছে। যোগদান কাৰ্যসূচীক নেতৃত্ব বহন কৰা শংকৰজ্যোতি বৰুৱাই কয় যে, দলে মোক যি দায়িত্ব প্ৰদান কৰে সেই দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰি যাম। দলে দায়িত্ব অৰ্পন কৰিলে দুলীয়াজানত এক লাখ লোকৰ
 উপস্থিতিত সভা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে শংকৰজ্যোতি বৰুৱাই। উল্লেখ্য যে, শংকৰজ্যোতি বৰুৱাই ১৫৫ খন বাছ আৰু ৫০০ খন মটৰ চাইকেলেৰ মানকটা পূজা ফিল্ড অভিমুখে এক বিশাল ৰে’লীৰে উপস্থিত হয়। যোগদান 
কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, বিধায়ক বিনোদ হাজৰিকা, তেৰছ গোৱালা, অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ আদিকে ধৰি ভালেসংখ্যক নেতাই উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *