শংকৰজ্যোতিৰ জামিনৰ দিনাই ঘটিল
বি এন সিং পেট্ৰল পাম্পৰ গোচৰ
এজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ আন এজনক আৰক্ষীৰ ৰিমাণ্ডত
চাইন অন ডেস্কঃ
বি এন সিং পেট্ৰ’ল পাম্প গোচৰৰ সন্দৰ্ভত সোমবাৰে অভিযুক্ত প্ৰকাশ সাহু আৰু ৰিংকু ভট্ৰাক ডিব্ৰুগড়ৰ ন্যায়িক দণ্ডাধীশ প্ৰথম শ্ৰেণীৰ আদালতত হাজিৰ কৰোৱা হয়।
প্ৰকাশ শ্বাহুৰ বাবে আৰক্ষীয়ে তিনিদিনীয়া ৰিমাণ্ড বিচৰাৰ বিপৰীতে আদালতে মঙলবাৰে দুপৰীয়া ২ বজালৈকে এদিনীয়া আৰক্ষীৰ জিম্মাত মঞ্জুৰ কৰে। ইফালে ৰিংকু ভট্ৰাৰ জামিন আবেদন নাকচ কৰা হয় আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
দুলীয়াজান থানাত ৰুজু হোৱা ৮৯/২৫ গোচৰৰ সৈতে জড়িত হৈ গ্ৰেপ্তাৰ কৰা হৈছে।