...

বিমান পৰিবহনত নিৰাপদ তথা সুৰক্ষা ব্যৱস্থা

Spread the love

বিমান পৰিবহনত নিৰাপদ তথা সুৰক্ষা ব্যৱস্থা

ৰয়িংত হেলিপ’ৰ্ট অটোমেটিক ৱেদাৰ চিষ্টেম কাৰ্যক্ষম

 

ইটানগৰ:

অৰুণাচল প্ৰদেশৰ বিমান সুৰক্ষা উন্নত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ল’ৱাৰ ডিবাং ভেলী জিলাৰ ৰয়িং হেলিপেডত হেলিপ’ৰ্ট অটোমেটিক ৱেদাৰ অবজাৰ্ভেচন চিষ্টেম (HAWOS) পৰীক্ষা কৰি কাৰ্যক্ষম কৰা হৈছে।
ভাৰতৰ বতৰ বিজ্ঞান বিভাগ আৰু ইটানগৰৰ পৃথিৱী বিজ্ঞান আৰু হিমালয়ান অধ্যয়ন কেন্দ্ৰৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অধীনত গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ৰাজ্যখনত অসামৰিক আৰু প্ৰতিৰক্ষা হেলিকপ্টাৰ উভয় অভিযানৰ বাবে সুৰক্ষিত আকাশ নিশ্চিত কৰাৰ ক্ষেত্ৰত HAWOS স্থাপনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আইএমডিৰ এজন বিষয়াই কয় যে, “অৰুণাচল প্ৰদেশত অভাৱনীয় পৰিস্থিতিত কাম কৰা পাইলটসকলৰ বাবে বাস্তৱ সময়ৰ বতৰৰ তথ্য এক গেম চেঞ্জাৰ। হাওছে সময়োপযোগী আৰু নিখুঁত বতৰ বিজ্ঞানৰ তথ্য প্ৰদান কৰিব যিয়ে প্ৰত্যক্ষভাৱে সুৰক্ষিত সিদ্ধান্ত গ্ৰহণত সহায় কৰিব পাৰে।”
HAWOS ব্যৱস্থাই হেলিপৰ্টত বতৰৰ অবিৰত তথ্য সংগ্ৰহ কৰি পাইলটসকলক তথ্য আৰু ভয়েচ ফৰ্মেট দুয়োটাতে প্ৰচাৰ কৰি কাম কৰে। ইয়াৰ ফলত তেওঁলোকে বাটত বিশেষকৈ জটিল অৱতৰণৰ পৰ্যায়ত সঠিক আপডেট লাভ কৰাটো নিশ্চিত হয়, প্ৰকল্পটোৰ অংশ হিচাপে ইতিমধ্যে অৰুণাচল প্ৰদেশ নাহৰলগুন, নামছাই, ডাপৰিজো, ভালুকপং, অনিনি, ক’ল’ৰিয়াঙৰ আঠটা হেলিপ’ৰ্টত হাওছ ইনষ্টলেচন সম্পূৰ্ণ কৰা হৈছে।
ইটানগৰৰ চিইএছএইচএছৰ সঞ্চালক টেগে তানাই কয় যে, “আইএমডি আৰু চিইএছএইচএছৰ মাজত এই সহযোগিতা অৰুণাচল প্ৰদেশৰ বাবে এক শক্তিশালী বিমান সুৰক্ষা নেটৱৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত এক পদক্ষেপ। এই ব্যৱস্থাই পাইলটসকলক সহায় কৰাই নহয়, সুৰক্ষিত আকাশ নিশ্চিত কৰি যাত্ৰীসকলকো আশ্বস্ত কৰিব।” বিষয়াসকলে জোৰ দি কয় যে এই ব্যৱস্থা স্থাপন কৰিলে পাইলটসকলে অধিক জ্ঞাত সিদ্ধান্ত ল’ব পাৰে, যাৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ বাবে দীৰ্ঘদিনীয়া প্ৰত্যাহ্বান হঠাতে বতৰৰ পৰিৱৰ্তনৰ সৈতে জড়িত বিপদসমূহ হ্ৰাস পায়।

Leave a Reply

Your email address will not be published. Required fields are marked *