...

বাংলাদেশৰ ৰুমি!ভাৰতত হ’ল ঝুমুৰ

Spread the love

বাংলাদেশৰ ৰুমি!ভাৰতত হ’ল ঝুমুৰ

বনালে আধাৰ কাৰ্ড!বিনা বাধায়ে উপস্থিত হ’ল দেশৰ ৰাজধানী দিল্লীত ?

চাইন অন ডেস্ক:

গল্প নহয়, ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে আটক কৰা বাংলাদেশী মহিলাৰ এক ঘটনাই উন্মোচিত কৰিলে ভয়ংকৰ এই কাহিনী।

নাম তাইৰ ৰুমি আখতাৰ, ভাৰতলৈ আহি হ’ল ঝুমুৰ ৰয়। এইদৰেই এক বিশেষ চক্ৰই সীমান্তৰে বাংলাদেশৰ পৰা অবৈধ ভাবে অনুপ্ৰৱেশ কৰা লোকৰ ভুৱা আধাৰ কাৰ্ড বনাই কৰা হৈ আছে ভাৰতীয় হিন্দু। এই ভয়ংকৰ ঘটনা উন্মোচিত কৰি ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে আটক কৰিছে এগৰাকী বাংলাদেশী মহিলাক। অৱশ্যে ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহলে একো সদৰি কৰা নাই যদিও জানিব পৰা মতে, বাংলাদেশৰ কুমিল্লা জিলাৰ ৰুমি আখতাৰ নামৰ মহিলা গৰাকী অবৈধ ভাবে অসমলৈ অনাৰ পিছত এক বিশেষ চক্ৰই ঝুমৰ ৰায় নামেৰে বনাইছিল ভুৱা আধাৰ কাৰ্ড।

পিছত দিল্লীলৈ নিয়া হৈছিল ৰুমিক। অৱশ্যে, নিশ্চিত নহলেও, সন্দেহ মহিলা গৰাকীক বিক্ৰি কৰা হৈছিল নাৰী সৰবৰাহ চক্ৰক। কিন্তু, চেগ বুজি পলায়ন কৰি ৰুমিয়ে প্ৰথমে পশ্চিমবংগৰ কোচবিহাৰত উপস্থিত হয় আৰু তাৰ পৰা আহে গৌৰীপুৰ লৈ। অৱশ্যে শেষ ৰক্ষা নহ’ল বাংলাদেশী মহিলাগৰাকীৰ আৰু জালত পৰে গৌৰীপুৰ আৰক্ষীৰ। ৰুমাই তেখেতৰ সৈতে একেলগে বাংলাদেশৰ পৰা মুঠ ৯ গৰাকী মহিলা অহা বুলি সদৰি কৰা বুলিও প্ৰকাশ। উল্লেখ্য যে, চলিত বৰ্ষৰ অক্টোবৰ মাহত কাশ্মীৰৰ কুখ্যাত জেহাদী সংগঠন  জেইএম-এ “জামাত-ঊল মমিনাত” নামৰ এই মহিলা ফিদায়ে গোট গঠন কৰিছে। তাৰেই পৰিপ্ৰেক্ষিতত এগৰাকী বাংলাদেশী মহিলা অবৈধ ভাবে আহি, হিন্দু সম্প্ৰদায়ৰ পৰিচয়েৰে আধাৰ কাৰ্ড বনাই বিনা বাধাই খোদ দেশৰ ৰাজধানী দিল্লীলৈ উপস্থিত হবলৈ সক্ষম হোৱাৰ ঘটনাই দেশৰ আভ্যন্তৰিণ নিৰাপত্তাৰ বাবে প্ৰচণ্ড ভাবুকি বুলিয়েই পৰিগণিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *